Sunday, 6 June 2021

এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

06 Jun, 2021

গোহাৰি :

 আন্তঃজিলা যাতায়াত সম্প্ৰতি ব্যাহত হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰু  সামাজিক দূৰত্ব-বিধিৰ প্ৰতি লক্ষ্য ৰাখি  এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চেক বা বেংক ড্ৰাফ্ট জমা কৰাৰ ব্যৱস্থাটো অধিক সম্প্রসাৰিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰা ধনৰাশিৰ চেক বা বেংক ড্ৰাফ্ট সদাসয় দাতাসকলে জিলা উপায়ুক্ত অথবা চক্ৰ বিষয়াক জমা দিব পাৰিব।

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

06 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

06 Jun, 2021COVID-19🦠 update in Dima Hasao Dist dtd 05-07-2021

06 Jun, 2021

COVID-19🦠  update in 
Dima Hasao Dist dtd 05-07-2021

06 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 05/06/2021.

06 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 05/06/2021.

Saturday, 5 June 2021

গোলাঘাটৰ খুমটাইৰ ৩ নং ভোলাগুৰিৰ শংকৰ বিলত অত্যাধুনিক পদ্ধতিৰে মৎস্য পালনৰ এক সোন্দৰ পদক্ষেপ।

 05 Jun, 2021


গোলাঘাটৰ খুমটাইৰ ৩ নং ভোলাগুৰিৰ শংকৰ বিলত অত্যাধুনিক পদ্ধতিৰে মৎস্য পালনৰ এক সোন্দৰ পদক্ষেপ।


শংকৰ বিলত  CAGE CULTURE ৰ পদ্ধতিৰে মীন বিপ্লৱৰ সূচনা কৰিছে  ১০ জনকৈ শিক্ষিত নিবনুৱা যুৱকে। পৰমানন্দৰ দাসৰ নেতৃত্বত  শিক্ষিত নিবনুৱা যুৱকৰ দলে প্ৰায় ১৯ লাখ টকা ব্যয়ৰে ১ বছৰ পূৰ্বৰে পৰা আৰম্ভ কৰিছিল এই প্ৰকল্পৰ কাম। বিলখনত CAGE CULTURE জৰিয়তে প্ৰায় ১৪ ৰ পৰা ২০ বৰ্গ ফোটৰ একো একোটা সৰ্জা তৈয়াৰ কৰি প্ৰায়  ২৫ শ'কৈ মাছৰ পোনা জিয়াই মাছ পালনৰ ব্যৱস্থা কৰিছে। যুৱ শক্তি নিৰ্মান আত্মসহায়ক গোট আৰু গোলাঘাট AQUA CULTURE DEVELOPMENT গোটৰ জৰিয়তে জলাশয়ত মাছ পালন কৰি স্বাৱলম্ভিতাৰ নিদৰ্শন দাঙী ধৰিছে। এইক্ষেত্ৰত যুবক কেইজনক সহায় কৰিছে গোলাঘাট জিলাৰ মীন বিভাগে। এই CAGE CULTURE কিনো এই সন্দৰ্ভত পৰমানন্দৰ দাসৰ মুখেৰেই সোনক।


গোলাঘাটৰ পৰা  কেমেৰাপাৰচনৰ সৈতে সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

বৰপেটা জিলাৰ সকলো দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা বাধ্যতামূলক।

05 Jun, 2021

বৰপেটা জিলাৰ সকলো দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা বাধ্যতামূলক। 

পদ-পথৰ পোহাৰীয়েও কৰিব  লাগিব ৰেপিড টেষ্ট। 
    
  ৫ জুন, বৰপেটা : ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে কোভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে যদিও প্ৰশাসনে অলপো শিথিলতা অৱলম্বন কৰিব বিচৰা নাই। বৰঞ্চ কৰোনাৰ পৰীক্ষা অধিক ব্যাপকতৰ আৰু ফলপ্ৰসূ কৰি তোলাৰ স্বাৰ্থত কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা খনৰ সকলো প্ৰান্তৰ দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানত নিয়োজিত কৰ্মচাৰী বা গৰাকীৰ উপৰি পদ-পথৰ পোহাৰী সকলৰ বাবেও কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কালি জাৰী কৰা এক নিৰ্দেশত এই কথা প্ৰকাশ কৰি কোৱা হয় যে কোভিড পৰীক্ষা নকৰা ব্যৱসায়ী সকলৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ ৰদ কৰাৰ উপৰি দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পূৰ্বে জিলা খনৰ পৌৰ সভাৰ অধীনৰ অঞ্চল সমূহত এই ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছিল যদিও এতিয়া গোটেই জিলা খনতে ব্যৱসায়ী আৰু তেওঁলোকৰ কৰ্মচাৰীয়েও কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে।  তাৰ বাবে বৰপেটা, হাউলী, বৰপেটা ৰোড, সৰভোগ আৰু সৰ্থেবাৰী পৌৰসভা অঞ্চলত দুটাকৈ ভ্ৰাম্যমাণ স্বাস্থ্য কৰ্মীৰ দলক দৈনিক নিয়োজিত কৰিবলৈ আৰু জনিয়া, কলগাছিয়া, মন্দিয়া, কয়াকুছি, বহৰি, পালহাজী, ভেল্লা, নগাঁও, ভৱানীপুৰ আৰু গেৰিমাৰীত একোটাকৈ স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিবলৈ জিলা উপায়ুক্ত‌ই যুটীয়া স্বাস্থ্য সঞ্চালকক নিৰ্দেশ দিছে।  ইয়াৰ উপৰি বৰপেটা জিলালৈ অহা প্ৰতিখন ট্ৰাকৰ চালক-হেণ্ডিমেন সকলৰো  প্ৰৱেশ পথতে কোভিডৰ ৰেট পৰীক্ষা কৰাৰ বাবে জিলা উপায়ুক্ত‌ই নিৰ্দেশ দিছে। তাৰবাবে ভোলুকাডোবা, মাজদিয়া,লাংলা আদিত স্থায়ী স্বাস্থ্য কৰ্মীৰ দল নিয়োজিত কৰা হ'ব। অৱশ্যে বৰপেটাৰ মাজেৰে অন্য জিলালৈ যাবলগীয়া ট্ৰাকৰ চালকৰ পৰীক্ষা ইয়াত কৰা নহ'ব বুলি জনসংযোগ বিষয়া গৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইফালে বৰপেটা জিলাৰ পৰা অলপতে তিনি গৰাকী অতিৰিক্ত উপায়ুক্ত বদলি হৈ যোৱাত কৰোনা প্ৰতিৰোধৰ বাবে তেওঁলোকক আৰোপ কৰা দায়িত্ব সমূহ নতুনকৈ আবন্টন কৰা হৈছে। সেই অনুসৰি নতুনকৈ যোগদান কৰা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসক (ফোন নং ৭০০২৩২৬৩৫৫) অক্সিজেনৰ উপলদ্ধতা নিশ্চিত কৰাৰ বাবে নোডেল বিষয়া হিচাপে নিয়োজিত কৰা হৈছে। একেদৰে ৰোগ পৰীক্ষা বা স্কিনিঙৰ নোডেল বিষয়াৰ দায়িত্ব অৰ্পন কৰা হৈছে নতুনকৈ যোগদান কৰা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ( ফোন নং ৯৪৩৫৩১০৩৮২) ওপৰত। কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবেও আন দণ্ডাধীশ সকলৰ লগতে তেওঁলোক দুজনকো দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে সপ্তাহৰ প্ৰতিটো দিনাই নিশা ন বজাৰ পৰা পুৱা ছয় বজালৈ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু বৰপেটা অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে একোজনকৈ দণ্ডাধীশক জিলা উপায়ুক্ত‌ই  দায়িত্ব অৰ্পন কৰিছিল। শেহতীয়া বিষয়া বদলিৰ পৰিপ্ৰেক্ষিতত কালি এক নতুন নিৰ্দেশনা জাৰী কৰি লাচিত দাসক বৰপেটা মেডিকেল কলেজৰ নৈশ নিৰীক্ষণৰ দায়িত্ব সোম আৰু মঙ্গলবাৰে আৰু অসামৰিক চিকিৎসালয়ত বুধবাৰে ন্যস্ত কৰা হৈছে। একেদৰে লখিমী দত্তক বুধবাৰে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু শুক্ৰবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ৰত নৈশ নিৰীক্ষণৰ দায়িত্ব অৰ্পন কৰা হৈছে। চক্ৰ বিষয়া সকলক নিজ নিজ অঞ্চলত স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পন কৰা হৈছে। তদুপৰি তেওঁলোকক কোভিড বিধি তথা সান্ধ্য আইনৰ সঠিক কাৰ্যকৰী কৰণৰ দিশটোৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

05 Jun, 2021Bed Available in Golaghat District

05 Jun, 2021

Bed Available in Golaghat District

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India