Saturday, 5 June 2021
আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশেষ দিনটো সদায় বিশেষ নহৈ প্ৰতিটো দিনেই হৈ পৰক পৰিৱেশ দিৱস। পৃথিবীৰ সেউজীয়া খিনি সদায় সেউজীয়া হৈ থাকক। এটি গছ পুলি নহয় হাতে হাতে উঠাই লওঁ সেউজীয়া খিনি, গছপুলি ৰোপন কৰিয়েই দায়িত্ব সামৰি নথৈ সেউজীয়া খিনিক সজায় তুলিব খোজো ন ৰূপত আহক।।।

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
05 Jun, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি
05 Jun, 2021Breaking news১৪৪ ধাৰা জাৰি । বানপানীৰ সময়ত বন্যপ্ৰাণী আৰু মানৱ জীৱনৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ আমগুৰিৰ পৰা বাগৰিলৈকে ।এই ৩ জুন'২০২১ তাৰিখে জাৰি কৰা নিৰ্দেশনা সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব।
05 Jun, 2021
Breaking news
১৪৪ ধাৰা জাৰি ।
এই ৩ জুন'২০২১ তাৰিখে জাৰি কৰা নিৰ্দেশনা সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব।
৬ জুন ২০২১ ইং তাৰিখৰ পৰা ১৬ জুন ২০২১ ইং তাৰিখলৈ গাওঁ আৰু চহৰ উভয়তে প্ৰযোজ্য হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক'ভিড-১৯ সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।
05 Jun, 2021
৬ জুন ২০২১ ইং তাৰিখৰ পৰা ১৬ জুন ২০২১ ইং তাৰিখলৈ গাওঁ আৰু চহৰ উভয়তে প্ৰযোজ্য হোৱাকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক'ভিড-১৯ সম্পৰ্কে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।
সেই অনুসৰি -
১/ দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ জন-সাধাৰণ লোকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব।
২/প্ৰতিদিনে দিনৰ ১২ বজাৰ পৰা সকলো দোকান-পোহাৰ আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থাকিব।
৩/ৰেষ্টুৰেন্ট তথা ধাবাসমূহত দিনৰ ১২ বজালৈকেহে গ্ৰাহকক খাদ্য পৰিৱেশন কৰিব পাৰিব। অৱশ্যে এক বজা পৰ্যন্ত ঘৰলৈ নিয়াৰ বাবে খাদ্য বিক্ৰী কৰিব পাৰিব। কিন্তু ১ বজাৰ পিছত কেৱল হোম ডেলিভাৰী কৰিব পাৰিব।
৪/হোটেল আৰু ৰিজৰ্টত থকা ৰেষ্টুৰা সমূহে দিনৰ ১২ বজালৈকেহে বাহিৰৰ গ্ৰাহকক খাদ্য বিক্ৰী কৰিব পাৰিব। তাৰ পিছত কেৱল হোটেলত থকা গ্ৰাহককহে খাদ্য বিক্ৰী কৰিব পাৰিব।
৫/শীতল ভঁৰাল আৰু পণ্যাগাৰ সমূহ দিনৰ ১২ বজাৰ পিছতো চলি থাকিব পাৰিব কিন্তু ইয়াৰ সৈতে সংলগ্ন হৈ থকা বিক্ৰী কেন্দ্ৰ, শ্ব'ৰুম আদি দিনৰ ১২ বজাতে বন্ধ কৰিব লাগিব।
৬/ চৰকাৰী তথা বেচৰকাৰী সকলো কাৰ্য্যালয় অহা ১৫ জুনলৈ বন্ধ থাকিব।
৭/ চৰকাৰী/অৰ্ধ চৰকাৰী বিভাগৰ উপ সচিব আৰু তাৰ উৰ্দ্ধতন বিষয়া তথা বেচৰকাৰী খণ্ডৰ জেষ্ঠ কাৰ্যবাহী বিষয়াই জৰুৰী আৰু অত্যাবশ্যকীয় কামৰ বাবে কেৱল অতি প্ৰয়োজনীয় কৰ্মচাৰীকলৈহে কাৰ্যালয়ত কাম কৰিব পাৰিব। কিন্তু অত্যাবশ্যকীয় আৰু জৰুৰী সেৱা, আইন বলৱৎকাৰী সংস্থা আৰু নিৰ্বাচন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত ওপৰোক্ত ৬ আৰু ৭ নং দফা দুটা প্ৰযোজ্য নহ'ব।
৮/আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থাকিব।
Friday, 4 June 2021
Subscribe to:
Posts (Atom)
পৃথিৱীৰ ধংশ সমাগত
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
03 December, 2020 GOLAGHAT SUKAFA DIVAS চ্যুকাফা দিবস l চ্যুকাফা দিবস উপলক্ষে বুধবাৰে গোলাঘাট নগৰৰ মাজমজিয়া স্থিত চ্যুকাফা ক্ষেত্ৰত চ্যু...
-
30 November, 2020 সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক... # উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জন...
-
08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী ...