Thursday, 3 June 2021

ক'ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰঙাজান চাহ বাগিচাত পুনৰবাৰ মৰঙী স্বাস্থ্য কেন্দ্ৰ (Morangi MPHC)

03 Jun, 2021

ক'ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ  ৰঙাজান চাহ বাগিচাত পুনৰবাৰ  মৰঙী  স্বাস্থ্য কেন্দ্ৰ (Morangi MPHC) ৰ সহযোগত আজি ১২২ জনক  ক'ভিড পৰীক্ষা কৰোৱাই, আৰু তাৰে দুজন  লোকৰদেহত ক'ভিডৰ সংক্ৰমণ ( Positive ) ধৰা পৰে, যোৱা ২৪ আৰু ২৫ মে'ত ২০২১ ৰঙাজান আৰু থুৰাজান চাহ বাগিছাত ক'ভিড পৰীক্ষা কৰোৱাত ১৪ জনৰ দেহত ক'ভিড সংক্ৰমণ ধৰা পৰিছিল আৰু এই ৰোগী সকলক ৰঙাজান বাগিছাৰ স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকে Covid Care Center  ত  চিকিৎসা প্ৰদান কৰা হৈছিল, আজি  সু-খবৰ যে ১১জনক পুনৰ পৰীক্ষা কৰাত  সকলোৰে Negative ওলাই, আজি ৰঙাজান ক'ভিড কেয়াৰ চেণ্টাৰত মুঠ ৫ জন ৰোগী চিকিৎসাধীন হৈ আছে,
 বাগিছা কৰ্তৃপক্ষই আমাক জানিব দিয়া মতে বাগিছাত sanitizeration ব্যৱস্থা, মাস্ক পৰিধান, সামাজিক দূৰত্ব স্থাপন কৰাৰ লগতে বাহিৰা লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰঙাজানৰ পৰা প্ৰতাপ কুমাৰ ডল

নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ

 03 Jun, 2021


নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ 


নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত বৃহস্পতিবাৰে বিয়লি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ বগীধলা বাগিচাৰ শ্ৰমিকে খৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ বনবিভাগৰ লোক তথা পশু চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘটো সেই স্থানতে দাহ কৰে ৷ বনবিভাগে জনোৱা মতে বাঘটোৰ মৃত্যু আছিল স্বাভাবিক ৷ বাঘটো বয়সস্থ হৈয়ে স্বাভাবিক মৃত্যুক আকোঁৱালি লোৱা বুলি সদৰি কৰে ৷


বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷

 03 Jun, 2021


গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷


ঠিক তেনেদৰে জব্দকৃত শিল বালিৰ গাড়ীও ৰাখিবলৈ ঠাই নোহোৱাত একপ্ৰকাৰৰ আৰ্বজ্জনা হৈ পৰিছে ৷ বহু

বছৰৰ পৰা এনে কাঠ ; শিল-বালি ৰ গাড়ী পেলাই থোৱাত চৰকাৰৰ সম্পদ ধৱংস হোৱাৰ লগতে ৰাজহও সংগ্ৰহ হোৱা নাই ৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সেহতীয়াকৈ এই সমূহ অকচনত বিক্ৰী কৰাৰ নিৰ্দেশ দিছে যদিও পচিযোৱা কাঠবোৰ কিনিবলৈ কোনো পক্ষই ইচ্ছা নকৰে ৷ আনহাতে এইবাৰ ক’ভীড-১৯ত মৃত্যুহোৱা ৰোগীৰ সৎকাৰৰ বাবে খৰিৰ নাটনি হোৱাৰ বাবে এই সমূহকাঠ  মৃতসকলৰ সৎকাৰৰ বাবে ব্যবহাৰ কৰিলে গছকটা কমাৰ লগতে এই পচাকাঠ সমূহ সঠিক কামত লাগিববুলি সচেতন মহলে মন্তব্য কৰিছে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

03 Jun, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 04Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

03 Jun, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 04Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

03 Jun, 2021Majuli Vaccination Schedule, - 4th June, 2021Age: 45 years & aboveTime: 9 AM to 4 PMMajuli Fights CovidNational Health Mission, Majuli

03 Jun, 2021

Majuli Vaccination Schedule,  - 4th June, 2021

Age: 45 years & above

Time: 9 AM to 4 PM

Majuli Fights Covid
National Health Mission, Majuli

03 Jun, 2021সংশ্লিষ্ট আৰক্ষী থানাৰ পৰা সংগ্ৰহ কৰিব লগা অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ সম্পৰ্কে

03 Jun, 2021

সংশ্লিষ্ট আৰক্ষী থানাৰ পৰা সংগ্ৰহ কৰিব লগা অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ সম্পৰ্কে

গোলাঘাট জিলাত গাঁও পঞ্চায়ত পৰ্যায়ত স্থাপন কৰা হ'ব আছুটীয়াকৰন কেন্দ্ৰ

03 Jun, 2021

জনসংযোগ, গোলাঘাট প্ৰেছ  বিজ্ঞপ্তি নং : ৮৩/২০২১

গোলাঘাট জিলাত গাঁও পঞ্চায়ত পৰ্যায়ত স্থাপন কৰা হ'ব আছুটীয়াকৰন কেন্দ্ৰ

প্ৰতিটো ৰাজহ চক্ৰত দৈনিক ক'ভিড ৰোগীৰ খবৰ লোৱাৰ বাবে স্থাপন কৰা হ'ব কল চেণ্টাৰ

ক'ভিডত মৃত্যু হোৱা লোকৰ শেষকৃত্যৰ বাবে কোনেও এটকাও ব্যয় কৰিব নালাগে

আগতীয়া পৰীক্ষণ আৰু আগতীয়া চিকিৎসা ক'ভিডৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ : উপায়ুক্ত

স্থাপন কৰা হ'ব আদৰ্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ

প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত থাকিব দুখনকৈ ১০৮ এম্বুলেন্স, এখনকৈ অতিৰিক্ত বাহনৰো ব্যৱস্থা

গোলাঘাট, ৩ জুন : গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আজি গোলাঘাটৰ সাংবাদিকসকলৰ সৈতে এটা সৌহাদ্যমূলক আলোচনাত মিলিত হয় । তেওঁ গোলাঘাট জিলাত ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰাৰ লগতে সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে । তেওঁ কয় যে ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্ত্যেষ্টি ক্ৰিয়াৰ বাবে গোলাঘাট পৌৰ সভাক দায়িত্ব দিয়া হৈছে । কোনো লোকেও যাতে শেষকৃত্যৰ বাবে এটকাও দিব লগা নহয় সেইয়া সুনিশ্চিত কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।তেওঁ কয় যে ৰাইজৰ ক'ভিড সম্পৰ্কীয় অভাৱ-অভিযোগৰ বাবে 03774-283001 হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে । আগতীয়া পৰীক্ষণ আৰু আগতীয়া চিকিৎসা ক'ভিডৰ বিৰুদ্ধে প্ৰধান অস্ত্ৰ বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে যে ৰাইজক সজাগ কৰাৰ বাবে আশা আৰু অংগনবাড়ী কৰ্মীয়ে গাঁৱে-গাঁৱে অভিযান অব্যাহত ৰাখিছে । গাঁও পঞ্চায়ত পৰ্যায়ত ক'ভিড আছুটীয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে লক্ষণ নথকা ৰোগীসকলে যাতে আত্মীয়ৰ পৰা আঁতৰত থাকি মানসিক উদ্যম হেৰুৱাই নেপেলায় তাৰ বাবে তেওঁলোকক ঘৰৰ ওচৰতে ৰাখিব পৰাকৈ এই কেন্দ্ৰসমূহ স্থাপন কৰা হ'ব ।  তেওঁ কয় যে ক'ভিডমুক্ত নোহোৱালৈকে ৰোগীসকলৰ সৈতে চিকিৎসক-কৰ্মচাৰী তথা প্ৰশাসনৰ লোকে যোগাযোগ ৰক্ষা কৰি চলিব লাগিব । তাৰ বাবে ৰাজহ চক্ৰ পৰ্যায়ত কল চেণ্টাৰ স্থাপন কৰা হ'ব । এই কল চেণ্টাৰৰ পৰা সংশ্লিষ্ট এলেকাৰ হোম আইছ'লেচনত থকা ক'ভিড ৰোগীসকলক ফোন কৰি দৈনিক ২/৩ বাৰ খবৰ লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে ৰোগী অনা-নিয়া কৰাৰ বাবে ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰতিটো ৰাজহ চক্ৰত দুখন ১০৮ এম্বুলেন্স আৰু এখনকৈ অতিৰিক্ত গাড়ী ভাড়া কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চক্ৰ বিষয়া, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক লৈ বিশেষ গোট গঠন কৰি দিয়া হৈছে । তেওঁ কয় যে এই গোটসমূহে নিজৰ এলেকাৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত নিয়মীয়াকৈ পৰ্যালোচনা কৰিব । ইফালে গোলাঘাটত দৈনিক মুঠ জনসংখ্যাৰ হিচাপত দশমিক ৩ শতাংশকৈ পৰীক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ লগতে কয় যে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত কেতবোৰ আদৰ্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ'ব । তেওঁ ৫০ বছৰ বয়সৰ উৰ্ধৰ আৰু ৰোগাক্ৰান্ত লোকক কোনো কাৰণতে হোম আইছ'লেচন দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।