Friday, 4 June 2021

যদা যদা হি ধৰ্মস্য, গ্লানিভৰ্বতি ভাৰত। অভ্যুত্থানমধমৰ্স্য। তদাত্নানং সৃজাম্যহম্।

যদা যদা হি ধৰ্মস্য, গ্লানিভৰ্বতি ভাৰত। অভ্যুত্থানমধমৰ্স্য। 
তদাত্নানং সৃজাম্যহম্।

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

04 Jun, 2021

কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ক'ভিড-১৯ ৰ টীকাকৰণ অভিযানক জনআন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়োৱা ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতি

04 Jun, 2021Covid Update Assam Covid19 Assam and actions taken as on 03/06/2021.

04 Jun, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 03/06/2021.

Thursday, 3 June 2021

ক'ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰঙাজান চাহ বাগিচাত পুনৰবাৰ মৰঙী স্বাস্থ্য কেন্দ্ৰ (Morangi MPHC)

03 Jun, 2021

ক'ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ  ৰঙাজান চাহ বাগিচাত পুনৰবাৰ  মৰঙী  স্বাস্থ্য কেন্দ্ৰ (Morangi MPHC) ৰ সহযোগত আজি ১২২ জনক  ক'ভিড পৰীক্ষা কৰোৱাই, আৰু তাৰে দুজন  লোকৰদেহত ক'ভিডৰ সংক্ৰমণ ( Positive ) ধৰা পৰে, যোৱা ২৪ আৰু ২৫ মে'ত ২০২১ ৰঙাজান আৰু থুৰাজান চাহ বাগিছাত ক'ভিড পৰীক্ষা কৰোৱাত ১৪ জনৰ দেহত ক'ভিড সংক্ৰমণ ধৰা পৰিছিল আৰু এই ৰোগী সকলক ৰঙাজান বাগিছাৰ স্বাস্থ্য কেন্দ্ৰত আছুতীয়াকে Covid Care Center  ত  চিকিৎসা প্ৰদান কৰা হৈছিল, আজি  সু-খবৰ যে ১১জনক পুনৰ পৰীক্ষা কৰাত  সকলোৰে Negative ওলাই, আজি ৰঙাজান ক'ভিড কেয়াৰ চেণ্টাৰত মুঠ ৫ জন ৰোগী চিকিৎসাধীন হৈ আছে,
 বাগিছা কৰ্তৃপক্ষই আমাক জানিব দিয়া মতে বাগিছাত sanitizeration ব্যৱস্থা, মাস্ক পৰিধান, সামাজিক দূৰত্ব স্থাপন কৰাৰ লগতে বাহিৰা লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰঙাজানৰ পৰা প্ৰতাপ কুমাৰ ডল

নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ

 03 Jun, 2021


নুমলীগড়ত মৃত নাহৰফুটুকী উদ্ধাৰ 


নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বগীধলা চাহ বাগিচাৰ জংঘলত বৃহস্পতিবাৰে বিয়লি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ বগীধলা বাগিচাৰ শ্ৰমিকে খৰি সংগ্ৰহ কৰিবলৈ গৈ মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷ বনবিভাগৰ লোক তথা পশু চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘটো সেই স্থানতে দাহ কৰে ৷ বনবিভাগে জনোৱা মতে বাঘটোৰ মৃত্যু আছিল স্বাভাবিক ৷ বাঘটো বয়সস্থ হৈয়ে স্বাভাবিক মৃত্যুক আকোঁৱালি লোৱা বুলি সদৰি কৰে ৷


বিশ্বজিত নাথৰ সৈতে প্ৰকাশ শৰ্মা ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷

 03 Jun, 2021


গোলাঘাটৰ বনবিভাগে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠ সমূহ বিভাগৰ কায্যালয়ৰ আশেপাশে ৰাখি থোৱাত সেই সমূহ পচিবলৈ ধৰিছে ৷


ঠিক তেনেদৰে জব্দকৃত শিল বালিৰ গাড়ীও ৰাখিবলৈ ঠাই নোহোৱাত একপ্ৰকাৰৰ আৰ্বজ্জনা হৈ পৰিছে ৷ বহু

বছৰৰ পৰা এনে কাঠ ; শিল-বালি ৰ গাড়ী পেলাই থোৱাত চৰকাৰৰ সম্পদ ধৱংস হোৱাৰ লগতে ৰাজহও সংগ্ৰহ হোৱা নাই ৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে সেহতীয়াকৈ এই সমূহ অকচনত বিক্ৰী কৰাৰ নিৰ্দেশ দিছে যদিও পচিযোৱা কাঠবোৰ কিনিবলৈ কোনো পক্ষই ইচ্ছা নকৰে ৷ আনহাতে এইবাৰ ক’ভীড-১৯ত মৃত্যুহোৱা ৰোগীৰ সৎকাৰৰ বাবে খৰিৰ নাটনি হোৱাৰ বাবে এই সমূহকাঠ  মৃতসকলৰ সৎকাৰৰ বাবে ব্যবহাৰ কৰিলে গছকটা কমাৰ লগতে এই পচাকাঠ সমূহ সঠিক কামত লাগিববুলি সচেতন মহলে মন্তব্য কৰিছে ৷ :: 


প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থইষ্ট নিউজ ইণ্ডিয়া।

03 Jun, 2021ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 04Jun 2021 কাইলৈ গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।NORTHEAST NEWS INDIA

03 Jun, 2021

ক'উইন আৰু আৰোগ্য সেতু এপত অনলাইনযোগে নাম পঞ্জীয়ন কৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলক 04Jun 2021 কাইলৈ  গোলাঘাট জিলাত ক'ভিড 19ৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

NORTHEAST NEWS INDIA

মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India