Saturday, 22 May 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
22 May, 2021
কৃতজ্ঞতা জ্ঞাপন মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
ব্লেক ফাংগাছ ( মিওকৰমাইক'চিছ)ক লৈ ইমান আতংকিত হব নালাগে।
22 May, 2021
ব্লেক ফাংগাছ ( মিওকৰমাইক'চিছ)ক লৈ ইমান আতংকিত হব নালাগে। এইবিধ ভেঁকুৰ জাতীয় ৰোগ কোনো নতুন নহয়, আগতেও আছিল; এই বিধ ৰোগৰ ৰোগীৰ লগত আমি ব্যক্তিগত ভাবে বহুবাৰ মুখামুখি হৈছো। এই ভেঁকুৰ বিধ আমাৰ মাটিত সচৰাচৰ থাকেই। কিন্তু এজন সুস্থ মানুহৰ শৰীৰত ই আক্ৰমণ কৰিব নোৱাৰে, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই ইয়াক বাধা দি থয়। ই কিন্তু এবিধ সুবিধাবাদী অনুজীৱ , সুযোগৰ সন্ধানত থাকে ; অনিয়ন্ত্ৰিত বহুমূত্ৰ ৰোগ, দীৰ্ঘ দিন ধৰি ষ্টেৰয়ডৰ ব্যৱহাৰ আৰু অন্যান্য কিছু কাৰকৰ বাবে যেতিয়া আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা দুৰ্বল হয় তেতিয়াই ই চেগ বুজি আক্ৰমণ কৰে, “হলা গছ দেখিলে বাগী কুঠাৰ মাৰে“৷ ইয়াৰ আক্ৰমণ কিন্তু ভয়ংকৰ।
সেই বুলি ভয় খাব নালাগে দিয়ক, ইয়াৰ আক্ৰমণৰ পৰা বাছি থকাটো বৰ কঠিন নহয়-
* যদি আপোনাৰ বহুমূত্ৰ ৰোগ আছে তাক নিয়ন্ত্ৰণত ৰাখক।
* চিকিৎসকৰ বিনা পৰামৰ্শত ষ্টেৰয়ড জাতীয় ঔষধ নাখাব।
* কোভিডৰ পৰা পৰা বাচি থাকক, আই চি ইউত থকা কোভিড ৰোগীকহে এ আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
কোভিডৰ পৰা কেনেকৈ বাচি থাকিব লাগিব এই বিষয়ে আমি ইতিমধ্যে বহুবাৰ আলোচনা কৰিছোৱেই।মাস্কটো ভালকৈ পিন্ধক , কভিড আৰু ব্লেক ফাংগাছ দুয়োটাৰ পৰা বাচিব ৷
Written by Dr Sreemanta Madhab, Associate Professor of Medicine at AMC, Dibrugarh.
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱাকালি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।
22 May, 2021
ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মানৱেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়াই যোৱাকালি গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । অসম অসামৰিক সেৱাৰ বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ পৰা শ্ৰী সিঙে দায়িত্বভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতে তেওঁ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে জিলাখনৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে ।
Friday, 21 May 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
21 May, 2021
ফৰকাটিংত ভাং ; ড্ৰাগছ জব্দ
দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ ৷
গোলাঘাট ২১ মে’
...গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ বেহা। শুক্ৰবাৰে গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আজি ফৰকাটিং তিনিআলিত ফৰকাটিংআৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই চলোৱা অভিযানত গোলাঘাটৰ মিচন চাৰিআলিৰ আবিদ আলিৰ পৰা ৫ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে গোলাঘাটৰ গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা 24 কি:গ্ৰাম ভাং জব্দ কৰে।গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডা:ৰবীন কুমাৰৰ নিৰ্দেশত এই অভিযান চলা বুলি ফৰকাটিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।ৰাইজে এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে।
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...