Wednesday, 19 May 2021

কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী

19 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭৫/২০২১

কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী
গোলাঘাট জিলাৰ উপায়ুক্তক বিদায় সম্ভাষণ

গোলাঘাট, ১৯ মে' : গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী(অ. অ. সে.) ডাঙৰীয়াক আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিদায় সম্ভাষণ জনোৱা হয় । উপায়ুক্ত হিচাপে গোলাঘাটত এবছৰৰো অধিক কাল অতি সফলতাৰে কাৰ্য সম্পাদন কৰা অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰী মোদী ডাঙৰীয়াক অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰাৰ লগতে বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে । আজি ক'ভিডৰ নীতি-নিৰ্দেশনা মানি অনুষ্টুপিয়াকৈ আয়োজন কৰা বিদায় অনুষ্ঠানত উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে  শ্ৰীমোদীৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰশাসনিক দিশৰ লগতে বিভিন্ন কাম-কাজ অতি সুচাৰুৰূপে সম্পন্ন হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে । বিশেষকৈ শ্ৰী মোদীৰ কাৰ্যকালতে গোলাঘাট জিলাত ক'ভিডৰ প্ৰথমটো ঢৌ অতি সফলতাৰে নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল আৰু ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচন গোলাঘাট জিলাত অতি সুচাৰুৰূপে সম্পন্ন হৈছিল বুলি বিষয়া-কৰ্মচাৰীসকলে মত প্ৰকাশ কৰে । আনহাতে শ্ৰীমোদীয়ে বিদায় অনুষ্ঠানত কয় যে নিয়মানুৱৰ্তীতা আৰু কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ অন্যতম চাবিকাঠি । তেওঁ বিশেষকৈ নতুন বিষয়া-কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনায় । তেওঁ নিজৰ কাৰ্যকালত গোলাঘাটবাসী ৰাইজে প্ৰদৰ্শন কৰা সহায়-সহযোগিতাৰ বাবে সদায় জিলাখনে তেওঁৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি থাকিব বুলি মন্তব্য কৰে । শেষত অতি আৱেগিক পৰিৱেশত জিলা উপায়ুক্তগৰাকীক ফুলৰ থোপা, শৰাই, গামোচা আদিৰে বিদায় সম্ভাষণ জনোৱা হয় । ইফালে গোলাঘাট জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীক আজি শ্ৰীমোদীয়ে ভাৰপ্ৰাপ্ত উপায়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰে । নতুন জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং (ভা. প্ৰ. সে. ) ডাঙৰীয়াই আহি কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত শ্ৰীমতী বাগলাৰীয়ে কাৰ্যনিৰ্বাহ কৰিব ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

19 May, 2021Golaghat Covid🦠😷 Update

19 May, 2021
Golaghat Covid🦠😷 Update

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।

19 May, 2021

BREAKING NEWS

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।

১) ভৱিষ্যতে ক'ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰ বাবে কেবিনেটে সিদ্ধান্ত লয় 

 নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

 বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি  কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

 ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব।

 এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২  প্ৰযোজ্য হ'ব। 

২) বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।

৩) অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ। 

৪) ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।

19 May, 2021ORDER NotificationsDima Hassao

19 May, 2021

ORDER Notifications
Dima Hassao

19 May, 2021কোভিডৰ এই দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে, আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কেবিনেটৰ সৈতে অত্যাৱশ্যকীয় অক্সিজেন উৎপাদনত সমৰ্থনৰ সিদ্ধান্ত। ভাৰত চৰকাৰৰ এইচ এণ্ড এফডব্লিউ মন্ত্ৰালয়ৰ দ্বাৰা তাৎক্ষণিকভাৱে 1000 এলপিএম পিএছএ অক্সিজেন উৎপাদন স্থাপনৰ বাবে হাফলং অসামৰিক চিকিৎসালয় বাছনি কৰা হৈছে।ইয়াৰ দীৰ্ঘম্যাদী লাভালাভ হ'ব, কোভিড মহামাৰীৰ সময়ত আৰু বাহিৰত, সকলো চিকিৎসা অক্সিজেন যোগান।

19 May, 2021

কোভিডৰ এই দ্বিতীয় ঢৌৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে, আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কেবিনেটৰ সৈতে অত্যাৱশ্যকীয় অক্সিজেন উৎপাদনত সমৰ্থনৰ সিদ্ধান্ত। 
 ভাৰত চৰকাৰৰ এইচ এণ্ড এফডব্লিউ মন্ত্ৰালয়ৰ দ্বাৰা তাৎক্ষণিকভাৱে 1000 এলপিএম পিএছএ অক্সিজেন উৎপাদন স্থাপনৰ বাবে হাফলং অসামৰিক চিকিৎসালয় বাছনি কৰা হৈছে।
ইয়াৰ দীৰ্ঘম্যাদী লাভালাভ হ'ব, কোভিড মহামাৰীৰ সময়ত আৰু বাহিৰত, সকলো চিকিৎসা অক্সিজেন যোগান।

19 May, 2021 17 মে 2021 তাৰিখলৈকে জিলা সমূহৰ অনুমোদিত পি.এম.এ.ৱাই.

19 May, 2021

 17 মে 2021 তাৰিখলৈকে জিলা  সমূহৰ অনুমোদিত পি.এম.এ.ৱাই.

19 May, 2021Situation vacant

19 May, 2021

Situation vacant

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...