19 May, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৭৫/২০২১
কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী
গোলাঘাট জিলাৰ উপায়ুক্তক বিদায় সম্ভাষণ
গোলাঘাট, ১৯ মে' : গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী(অ. অ. সে.) ডাঙৰীয়াক আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিদায় সম্ভাষণ জনোৱা হয় । উপায়ুক্ত হিচাপে গোলাঘাটত এবছৰৰো অধিক কাল অতি সফলতাৰে কাৰ্য সম্পাদন কৰা অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰী মোদী ডাঙৰীয়াক অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ যুটীয়া সচিব হিচাপে বদলি কৰাৰ লগতে বিভাগৰ সঞ্চালকৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে । আজি ক'ভিডৰ নীতি-নিৰ্দেশনা মানি অনুষ্টুপিয়াকৈ আয়োজন কৰা বিদায় অনুষ্ঠানত উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে শ্ৰীমোদীৰ নেতৃত্বত গোলাঘাট জিলাৰ প্ৰশাসনিক দিশৰ লগতে বিভিন্ন কাম-কাজ অতি সুচাৰুৰূপে সম্পন্ন হোৱা বুলি সন্তুষ্টি প্ৰকাশ কৰে । বিশেষকৈ শ্ৰী মোদীৰ কাৰ্যকালতে গোলাঘাট জিলাত ক'ভিডৰ প্ৰথমটো ঢৌ অতি সফলতাৰে নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল আৰু ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচন গোলাঘাট জিলাত অতি সুচাৰুৰূপে সম্পন্ন হৈছিল বুলি বিষয়া-কৰ্মচাৰীসকলে মত প্ৰকাশ কৰে । আনহাতে শ্ৰীমোদীয়ে বিদায় অনুষ্ঠানত কয় যে নিয়মানুৱৰ্তীতা আৰু কোনো কাম পেলাই নৰখাৰ মানসিকতা সফলতাৰ অন্যতম চাবিকাঠি । তেওঁ বিশেষকৈ নতুন বিষয়া-কৰ্মচাৰীসকলক এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনায় । তেওঁ নিজৰ কাৰ্যকালত গোলাঘাটবাসী ৰাইজে প্ৰদৰ্শন কৰা সহায়-সহযোগিতাৰ বাবে সদায় জিলাখনে তেওঁৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি থাকিব বুলি মন্তব্য কৰে । শেষত অতি আৱেগিক পৰিৱেশত জিলা উপায়ুক্তগৰাকীক ফুলৰ থোপা, শৰাই, গামোচা আদিৰে বিদায় সম্ভাষণ জনোৱা হয় । ইফালে গোলাঘাট জিলাৰ উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীক আজি শ্ৰীমোদীয়ে ভাৰপ্ৰাপ্ত উপায়ুক্ত হিচাপে দায়িত্ব অৰ্পণ কৰে । নতুন জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং (ভা. প্ৰ. সে. ) ডাঙৰীয়াই আহি কাৰ্যভাৰ গ্ৰহণ নকৰা পৰ্যন্ত শ্ৰীমতী বাগলাৰীয়ে কাৰ্যনিৰ্বাহ কৰিব ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India