Thursday, 13 May 2021

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ

13 May, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৭২/২০২১

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনৰ তদন্তৰ নিৰ্দেশ

গোলাঘাট, ১৩ মে' : গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ সম্পৰ্কীয় এটা ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তই সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা জাৰি কৰা এই সম্পৰ্কীয় এটা নিৰ্দেশনাত কোৱা হৈছে যে সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) পল্লৱী গগৈৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে । সমিতিখনক অহা দুদিনৰ ভিতৰত জিলা উপায়ুক্তৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সমিতিখনৰ আন সদস্যসকল হ'ল কাৰ্যবাহী দণ্ডাধীশ গৌৰিপ্ৰিয়া দেউৰী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপম দুৱৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা প্ৰকল্প প্ৰৱন্ধক অনুস্কা বৰা আৰু জিলা মিডিয়া এক্সপাৰ্ট পূৰ্বালী হাজৰিকা । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

BREAKING NEWS

13 May, 2021

BREAKING NEWS

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) চি.ও.ভি.আই.ডি. পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 27 জুন, 2021 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসামৰিক সেৱা (প্ৰাৰম্ভিক) পৰীক্ষা, 2021 স্থগিত ৰাখে।

পৰীক্ষাটো এতিয়া 10 অক্টোবৰ, 2021 তাৰিখে অনুষ্ঠিত হ'ব।

এটি হৃদয় বিদাৰক খবৰ ।

 13 May, 2021


এটি হৃদয় বিদাৰক খবৰ ।



এটি হৃদয় বিদাৰক খবৰ । মানি লবলৈ টান যদিও মৃত্যু অপাৰাজেয়, চিৰ সত্য । 

শ্ৰদ্ধাৰ  হোমেন বৰগোহাঞি দেৱৰ বিয়োগত একাজলি অশ্ৰুঞ্জলী নিবেদিছোঁ । তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰা 😢😢🙏🙏


তেওঁৰেই কবিতা এটিৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ 🙏🙏🙏।      


   ✍️ৰঞ্জনা পাঠক 

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

তেজপুৰত 4 টা কৰ্পৰ মুখ্য কাৰ্যালয়ে 3 দিনৰ অভিলেখ ।

13 May, 2021

Covid Update Assam 

 তেজপুৰত 4 টা কৰ্পৰ মুখ্য কাৰ্যালয়ে 3 দিনৰ অভিলেখ । সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত 5 টা আইচিইউ আৰু 45 টা অক্সিজেন বিচনা স্থাপন কৰিছে।

Covid Update Assam

13 May, 2021

Covid Update Assam 
Covid19 #Assam and actions taken as on 12/05/2021.

Wednesday, 12 May 2021

12 May, 2021 জিলাসমূহৰ শেহতীয়া ক'ভিড পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্রীসকলক জিলাভিত্তিক দায়িত্বভাৰ অৰ্পণ কৰিলে মুখ্যমন্ত্রীয়ে।

12 May, 2021

জিলাসমূহৰ শেহতীয়া ক'ভিড পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্রীসকলক জিলাভিত্তিক দায়িত্বভাৰ অৰ্পণ কৰিলে মুখ্যমন্ত্রীয়ে।

গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা

12 May, 2021

BREAKING NEWS

প্ৰেছ বিজ্ঞপ্তি নং : ৭১/২০২১

গোলাঘাটৰ বৰফলং চাহ বাগিচা আৰু সৰুপথাৰৰ ধৰ্মপুৰ গাঁৱক  কণটেইনমেণ্ট জ'ন হিচাপে ঘোষণা

গোলাঘাট, ১২ মে' : ক’ভিড -19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলাত আজি দুটা কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । জিলাখনৰ খুমটাই ৰাজহ চক্ৰৰ অধীনৰ বৰফলং চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে । কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ তলদাঙা লাইন আৰু মাজ লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । তলদাঙা লাইনৰ উত্তৰে বৰফলং এল পি স্কুল আৰু দুৰ্গা মন্দিৰ, দক্ষিণে মেলামৰা গাঁও, পূবে ফুটবল ফিল্ড আৰু পশ্চিমে চাহ বাগিচা অঞ্চলক এই কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে মাজ লাইনৰ উত্তৰে পুৰণা লাইন আৰু কালী থান, দক্ষিণে শিৱ মন্দিৰ, পূবে গড়কাপ্তানী পথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ'ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনহাতে জিলাখনৰ ধনশিৰি মহকুমাৰ অধীনৰ পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ গাঁৱকো কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । উত্তৰে ধাননী পথাৰ, দক্ষিণে ধৰ্মপুৰ গ্ৰাম্য পথৰ শেষলৈকে, পূবে ধৰ্মপুৰ -নাচনপাৰা পথ আৰু পশ্চিমে ধৰ্মপুৰ গাঁও তিনিআলিক কন্টেইনমেণ্ট জ'নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে । অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ'নৰ সংখ্যা ৫টালৈ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, বোকাখাতৰ বৰচাপৰি বাগিচা গাঁও আৰু খুমটাইৰ শাওতলী চাহ বাগিচা এলেকাক কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছিল ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।