Monday, 3 May 2021
Sunday, 2 May 2021
গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনা সম্পন্ন
02 May, 2021
BREAKING NEWS
প্ৰেছ বিজ্ঞপ্তি নং : ৬৭/২০২১
গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগণনা সম্পন্ন
গোলাঘাটত বিজেপিৰ অজন্তা নেওগ আৰু খুমটাইত বিজেপিৰ মৃণাল শইকীয়া বিজয়ী বোকাখাট ৰ অতুল বৰা।
গোলাঘাটৰ ৰাইজ, সংবাদ মাধ্যম আৰু ভোটগণনাৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ
গোলাঘাট, ২ মে' : ৰাজ্যৰ বিধানসভা নির্বাচনৰ গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫ নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি সম্পন্ন হয় । গোলাঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজন্তা নেওগে ৮১,৬৫১ টা ভোট লাভ কৰি জয়লাভ কৰে । সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই ৭২,৩২৬ টা আৰু অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী ৰীণা শইকীয়াই ৫,০৬২টা ভোট লাভ কৰে । সমষ্টিটোত ২,২৪৫ টা নোটা ভোট পোৱা যায় । মুঠ ১,৫৯,০৩৯ টা ভোট বৈধ পোৱাৰ বিপৰীতে ২৩১ টা ভোট বাতিল হয় । সমষ্টিটোত মুঠ ১৩৭৪টা পষ্টেল ভোট গণনা কৰা হয় । ইয়াৰে ২৩১টা ভোট বাতিল হোৱাৰ বিপৰীতে ১১৪৩ টা বৈধ পোৱা যায় । সমষ্টিটোত বিজেপিৰ অজন্তা নেওগে ৫৯৭টা পষ্টেল ভোট, কংগ্ৰেছৰ বিতোপন শইকীয়াই ৪৮৫টা, অসম জাতীয় পৰিষদৰ ৰীণা শইকীয়াই ৪৯টা আৰু ১২টা নোটা ভোট পোৱা যায় । আনহাতে ৯৬ নং খুমটাই সমষ্টিত বিজেপিৰ মৃণাল শইকীয়াই ৬৫,৬৫৫টা ভোট লাভ কৰি জয়লাভ কৰে । কংগ্ৰেছৰ বিস্মিতা গগৈয়ে ৩৮,৫২২টা, অসম জাতীয় পৰিষদৰ পৱন শইকীয়াই ৭৩৬৮টা, অসম সংগ্ৰামী মঞ্চ(অসম)ৰ ছুছেনফা গগৈয়ে ১০৯০টা, নিৰ্দলীয় প্ৰাৰ্থী দীপক গোৱালাই ৬৭২টা, প্ৰিয়ম কোঁৱৰে ১৫২৭টা আৰু ১৩৯৯টা নোটা ভোট পোৱা যায় । মুঠ ১,১৪,৮৩৪ টা ভোট বৈধ পোৱাৰ বিপৰীতে ১০৩ টা ভোট বাতিল হয় । খুমটাই সমষ্টিত মুঠ ৭৫৯টা প'ষ্টেল বেলট গণনা কৰা হয় । ইয়াৰে ১০৩টা ভোট বাতিল হোৱাৰ বিপৰীতে ৬৫৬ টা বৈধ পোৱা যায় । ইয়াৰে কংগ্ৰেছৰ বিস্মিতা গগৈয়ে ২৩৮টা, বিজেপিৰ মৃণাল শইকীয়াই ৩৮৫টা, অসম জাতীয় পৰিষদৰ পৱন শইকীয়াই ২০টা, অসম সংগ্ৰামী মঞ্চ(অসম)ৰ ছুছেনফা গগৈয়ে ০৭টা, নিৰ্দলীয় দীপক গোৱালাই ৪টা, প্ৰিয়ম কোঁৱৰে এটা আৰু এটা নোটা ভোট পোৱা যায় । গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে ভোটগণনা প্ৰক্ৰিয়াৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত তথা শান্তি- শৃংখলা বজাই ৰখাত সহযোগিতা আগবঢ়োৱাৰ বাবে গোলাঘাটবাসীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ লগতে ক'ভিড-19 মহামাৰীৰ এই সময়ছোৱাত সাংবাদিকসকলে সময়মতে ৰাইজক তথ্য যোগানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতা, নিয়মানুৱৰ্তিতা আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । উল্লেখযোগ্য যে গোলাঘাট নিৰ্বাচন জিলাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৮০শতাংশ ভোটদান হৈছিল ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Assam Covid Update
02 May, 2021
ৰাজ্য Election নিম্নলিখিত শ্ৰেণীসমূহৰ সন্দৰ্ভত:
- স্বীকৃত ৰাজনৈতিক দলসমূহৰ নেতা
- ৰাজ্যৰ বাহিৰৰ পৰা অসমলৈ অহা স্বীকৃত সাংবাদিকসকল,
বাধ্যতামূলক HomeQuarantine পৰা ৰেহাই দিয়া হৈছে কিন্তু RAT পৰীক্ষাৰ মাজেৰে যাব লাগিব।
Saturday, 1 May 2021
এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট
01 May, 2021
এতিয়া তীব্ৰ খৰাংঙে দহিছে গোলাঘাট জিলাক ৷প্ৰকৃতি ৰুষ্ট
৷ এজাক বৰষুণৰবাবে আকাশলৈ সঘনাই মুৰদাঙি চাই হুমুনিয়াহ কাঢ়িছে কৃষকে ৷ অহানাই এজাক বৰষুণ ৷ ৰবিশস্যৰ বাৰি শুকাই কৰকৰিয়া হৈছে ৷ বৰষুণ নোহোৱাৰ বাবেই শশ চাহ বাগিচা শুকাই গৈছে ৷ ফলত "এটিকলী দুটিপাত" বিপয্যয় হৈছে ৷ জিলাখনৰ সঞ্জীৱ টি কোম্পানী ; ৰংদৈ টি কোম্পানী ; গৰমপানী টি ফেক্টৰী ; নাহৰবাৰী টিফেক্টৰী আদি শতাধিক টি ফেক্টৰী কেচাপাতৰ অভাৱত সাময়িক ভাবে বন্ধ হৈ পৰিছে ৷ মাত্ৰ কেটামান চাহ ফেক্টৰীহে সপ্তাহত এদিন কায্যক্ষম কৰা হয় ৷ এতিয়া বৰষুণৰ আশাত বৰুণদেৱতাক ধীয়াই হুমুনীয়াহ কৰঢ়ি আছে চাহ উদ্যোগত জড়িত সকলে ৷ : চাহ ফেক্টৰী আৰু চাহবাগিছা সমূহৰ এই দুয্যোগৰ সন্দৰ্ভত বিশিষ্ট যুৱ উদ্যোগপতি সঞ্জীৱ গগৈয়ে এনেদৰে মন্তব্য কৰে ৷:
কল্পনা ফুকনৰ ৰিপ’ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷
সমগ্ৰ ৰাজ্যতে কৰোণা বৃভিখিকা মাজতে পালন কৰিলে মে দীৱস।
01 May, 2021
*লখিমপুত মাস্ক বিতৰণ* Date :- 1/5/21
## আজি মে দীৱস।
## সমগ্ৰ ৰাজ্যতে কৰোণা বৃভিখিকা মাজতে পালন কৰিলে মে দীৱস।
## লখিমপুতো 108 ৰ একাংশ কৰ্মচাৰীক মে দীৱসৰ উপলক্ষ্যে কবি,গল্পকাৰ তথা লখিমপুৰৰ এজন স্বাস্থ্য কৰ্মী পঙ্কজ সভাপণ্ডিতে মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰে।
## কৰোণা ভাইৰাছৰ লগাত অহৰহ যুদ্ধা হিচাপে কাম কৰা 108 ৰ কৰ্মচাৰী কেইজন যাতে সুৰক্ষীত থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পঙ্কজ সভাপণ্ডিতে নিজা প্ৰচেষ্টাত এনে এক মহান প্ৰচেষ্টা হাতত লয়।
## ইয়াৰ লগতে আমিও কওঁ সকলোৱে মাক্স পৰিধান কৰক, সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সামাজিক দুৰত্ব বজাই ৰখাক।
Byte :- পঙ্কজ সভাপণ্ডিত
লখিপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...