30 April, 2021
Friday, 30 April 2021
গোলাঘাট জিলাত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা, আটচবাজিৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা
30 April, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৬৫/২০২১
গোলাঘাট, ৩০এপ্ৰিল : অহা ২ মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চি আৰ পি চি ৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে আটচবাজি, ফটকা আদি ফুটোৱা, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ ৰক্তিম বৰুৱাই এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে ।এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা
30 April, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৬৪/২০২১
গোলাঘাট, ৩০এপ্ৰিল : বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে'ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । যদি ভোটগণনা ৩ মে' দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ'লে ৩ মে'ৰ দিনটোও ড্ৰাই দে হিচাপে গণ্য কৰা হ'ব । এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
NORTHEAST NEWS INDIA
Thursday, 29 April 2021
18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে।
29 April, 2021
18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে। এতিয়া আপোনাৰ স্লটটো কোউইন প্লেটফৰ্ম আৰু আৰোগ্য সেতু এপত বুক কৰক।
সৰ্ববৃহৎ ভেকছিন ড্ৰাইভ য়ুনাইট2 ফাইট কৰোনা
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...