Friday, 30 April 2021

30 April, 2021 Golaghat Covid update

30 April, 2021

Golaghat Covid update

গোলাঘাট জিলাত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা, আটচবাজিৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা

30 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৫/২০২১

গোলাঘাট জিলাত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা, আটচবাজিৰ ব্যৱহাৰো নিষিদ্ধ ঘোষণা

গোলাঘাট, ৩০এপ্ৰিল : অহা ২ মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-19ৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চি আৰ পি চি ৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম নিষিদ্ধ কৰা হৈছে । লগতে আটচবাজি, ফটকা আদি ফুটোৱা, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অতিৰিক্ত জিলা দণ্ডাধীশ ৰক্তিম বৰুৱাই এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে ।এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


NORTHEAST NEWS INDIA

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

30 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬৪/২০২১

গোলাঘাট জিলাত ২ মে'ত ড্ৰাই দে ঘোষণা

গোলাঘাট, ৩০এপ্ৰিল : বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে'ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে । যদি ভোটগণনা ৩ মে' দিনৰ ১১বজাৰ পাছতো অব্যাহত থাকে তেনেহ'লে ৩ মে'ৰ দিনটোও ড্ৰাই দে হিচাপে গণ্য কৰা হ'ব ।  এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব । লগতে সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
 
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Covid Update Assam

30 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 29/04/2021.

Thursday, 29 April 2021

29 April, 2021 Golaghat Covid Update

29 April, 2021

Golaghat Covid Update

Press ReleaseGuwahati, 29th April 2021

Press Release
Guwahati, 29th April 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে।

29 April, 2021

18+ নাগৰিকৰ টিকাকৰণৰ বাবে পঞ্জীয়ন মুকলি হৈছে। এতিয়া আপোনাৰ স্লটটো কোউইন প্লেটফৰ্ম আৰু আৰোগ্য সেতু এপত বুক কৰক। 

সৰ্ববৃহৎ ভেকছিন ড্ৰাইভ য়ুনাইট2 ফাইট কৰোনা

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।