Tuesday, 27 April 2021

Covid Update Assam

27 April, 2021

Covid Update Assam 
Covid19 Assam and actions taken as on 26/04/2021.

Monday, 26 April 2021

গোলাঘাটত আজি ৬৭ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি

26 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৬০/২০২১

গোলাঘাটত আজি ৬৭ জন লোকৰ দেহত ক'ভিডৰ সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি
গোলাঘাট, ২৬ এপ্ৰিল : গোলাঘাট জিলাত আজি নতুনকৈ ৬৭ জন লোকৰ দেহত ক'ভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৩৭০ লৈ বৃদ্ধি পাইছে । ইয়াৰে ৩১৬ জন ঘৰতে আছুটীয়াকৈ থকাৰ বিপৰীতে ৪৭ জন লোক গোলাঘাট ক'ভিড চিকিৎসালয়, দুজন যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল, ৩জন বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে । আজি ২,৭৪১ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৬ জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ৰেপিড টেষ্টতে ৬৭ জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা আজিলৈকে ৩৩,৬১০ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে । এই সময়ছোৱাত জিলাখনত ৪৭৪ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । অৱশ্যে বৰ্তমান ইয়াৰে ৩৭০ জনহে সক্ৰিয় ক'ভিড ৰোগী । জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক'ভিডত মৃত্যু হৈছে । আজি চিনাক্ত হোৱাসকলৰ ভিতৰত কে বি আলিত ৮ জন, বোকাখাতত ১২ জন, সৰুপথাৰত ২৫ জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৮ জন, মিছামৰাত ১১ জন আৰু চাৰিঙিয়াত ৩ জন ৰোগী চিনাক্ত কৰা হয় । ইয়াৰ ভিতৰত দুটি শিশুও আছে । আজি ঘৰতে আছুটীয়াকৈ থকা ১০ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ৪ জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া  হয় । আনহাতে ১৮ জন লোকক চিকিৎসালয়ৰ পৰা হোম আইছ'লেচনলৈ প্ৰেৰণ কৰা হয় ।  গোলাঘাট জিলাত ক'ভিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

NORTHEAST NEWS INDIA

Fights Corona Assam

26 April, 2021

Fights Corona Assam 
আত্ম যত্নৰ বাবে প্ৰোনিং!
ঘৰৰ বিচ্ছিন্নতাৰ সময়ত, Covid ৰোগীয়ে অক্সিজেনৰ বাবে প্ৰ'নিং পদ্ধতি চেষ্টা কৰিব পাৰে।

Covid Update Assam

26 April, 2021

Covid Update Assam 

Covid19 Assam and actions taken as on 25/04/2021.

Sunday, 25 April 2021

Fights Corona Assam

25 April, 2021

Fights Corona Assam 

আত্ম যত্নৰ বাবে প্ৰোনিং!
ঘৰৰ বিচ্ছিন্নতাৰ সময়ত, Covid ৰোগীয়ে অক্সিজেনৰ বাবে প্ৰ'নিং পদ্ধতি চেষ্টা কৰিব পাৰে।

Covid Update Assam

25 April, 2021

Covid Update Assam  

Covid19 Assam and actions taken as on 24/04/2021.

বিশ্ব মেলেৰিয়া দিৱস

25 April, 2021

বিশ্ব মেলেৰিয়া দিৱস

মেলেৰিয়াৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা সকলো চৰকাৰী স্বাস্থ্য সুবিধাত বিনামূলীয়াকৈ উপলব্ধ। 
অসমত জিলা মেলেৰিয়া বিষয়াসকলৰ (ডিএমঅ') তালিকা জনসাধাৰণে যিকোনো ঘটনাৰ প্ৰতিবেদন দিবলৈ আৰু তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে।
আহক আমি শূন্য মেলেৰিয়াৰ ফালে আগবাঢ়ো! 
স্বাস্থ্যৱান অসম

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।