22 April, 2021
গোলাঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
মৃণাল গগৈ ওৰফে জজ’
গোলাঘাটৰ আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জজৌক গ্ৰেপ্তাৰ কৰি ২১ এপ্ৰিলত আদালতৰ যোগেদি জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এনডিপিএচ আইনৰ অধীনত অভিযুক্ত জজৌক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট নগৰৰ চানমাৰিৰ ভগা গাঁওৰ নিবাসী মৃণাল গগৈ ওৰফে জজৌ দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল আৰু ইয়াৰ পূৰ্বে তেওঁ একাধিক বাৰ জেললৈ গৈছিল। আৰক্ষীয়ে জ'জ সহ দীপজ্যোতি সিংহা আৰু দেবজিত চেতিয়া নামৰ আন দুটা ড্ৰাগছ ব্যৱসায়ীকো কালি গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে l উল্লেখযোগ্য যে জজক পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল l কিন্তু প্ৰতি বাৰেই জামিনত জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জজয়ে । উল্লেখযোগ্য যে, কুখ্যাত ড্ৰাগছ মাফিয়া জ'জক ২০১৬ চনত ২২(এ)/২৭ এন ডি পি এচৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । কিন্তু কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পাছতে পুণৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ পৰে। পুণৰ গোলাঘাট আৰক্ষীয়ে ৫৬২/২০১৭ গোচৰত ২০(বি) এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে । কিন্তু পুণৰ জামিন লাভ কৰিয়েই গোলাঘাট জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছিল। ইয়াৰ পাছতে গোলাঘাট আৰক্ষীয়ে পুণৰ ৮৮৮/১৮ নম্বৰৰ গোচৰৰ অধীনত ২২/২৭ এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে যদিও বাৰে বাৰে জামিন লাভ কৰা জ'জয়ে পুণৰ জামিনত আহিয়েই জিলাখনত ভিন্ন প্ৰান্তত ড্ৰাগছৰ অবাধ বেহা গঢ়ি তুলিছিল । আৰক্ষীৰ বাৰে বাৰে টোপনি হৰণ কৰা জ'জৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে গৃহ বিভাগক তথ্য সহকাৰে বিষয়টো অৱগত কৰাত নাৰ্কেটিক বৰ্ডৰ অধীনৰ প্ৰিভেঞ্চন অৱ ইলিছিট ট্ৰেফিকিং এন ডি পি এচ আইন ১৯৮৮ অধীনত কালি গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে । স্মৰ্তব্য যে , এই আইনৰ অধীনত দুবছৰ পৰ্যন্ত কোনো জামিন লাভ কৰিব নোৱাৰে । ঃ
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া