Wednesday, 21 April 2021

ৰাজ্য চৰকাৰৰ কোৱিড সম্পৰ্কীয় নতুন নিৰ্দেশনা

21 April, 2021

*ৰাজ্য চৰকাৰৰ কোৱিড সম্পৰ্কীয় নতুন নিৰ্দেশনা* 

কোৱিড-19ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ৰোগৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । গোলাঘাট জিলাতো কোৱিড ৰোগীৰ সংখ্যাই ১০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই নিৰ্দেশনাসমূহ পালন কৰিবলৈ নিৰ্দেশ দিছে-

১/ জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে কোৱিড সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা মানিহে মুকলি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব পাৰিব । বিশেষকৈ মাস্ক পৰিধান, হাত বীজানুমুক্তকৰণৰ ব্যৱস্থা তথা ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক । অনুষ্ঠান সমূহত ৫০ শতাংশ মানুহৰহে সমাগম হ’ব পাৰিব । ইয়াৰ উচ্চসীমা ৪০০ জন বুলি ধৰা হ’ব ।
২/ বন্ধ স্থানত অনুষ্ঠিত কৰা যিকোনো জনসমাগমত আসন ক্ষমতাৰ ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব ।
৩/ বিবাহ অনুষ্ঠানকে ধৰি ব্যক্তিগত অনুষ্ঠানসমূহত সৰ্বাধিক ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব ।
৪/ শেষকৃত্য পৰ্বত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব ।
 ৫/ ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত প্ৰতি ঘণ্টাত কেৱল ২০ জন লোকহে উপস্থিত থাকিব পাৰিব । অৱশ্যে আইকনিক অৰ্থাৎ কেতবোৰ বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত সৰ্বাধিক ৫০ জন লোক সমবেত হোৱাৰ বাবে অনুমতি প্ৰদান কৰা হ'ব । ধৰ্মীয় অনুষ্ঠানৰ ব্যাসাৰ্ধৰ ওপৰত ভিত্তি কৰি জনসমাগম ৰোধ কৰাৰ বাবে কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । 
৬/  সকলো বজাৰ এলেকা, ছুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সন্ধিয়া ৬ বজাত বন্ধ কৰাটো বাধ্যতামূলক ।

 *কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী)-* 
১ / ভাৰ্চুৱেল ব্যৱস্থাৰে আৰু ঘৰৰ পৰাই কাম কৰা ব্যৱস্থাক উদগনি যোগোৱা হ'ব । 
২/ বিষয়াসকলৰ বাহিৰে কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব । অৱশ্যে অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা, আইন-শৃংখলাৰ সৈতে জড়িত সেৱা আৰু নিৰ্বাচনী কামত জড়িতসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহয় ।
৩/ চৰকাৰী চেম্বাৰত সভা অনুষ্ঠিত কৰিব নোৱাৰিব । 
৪/ গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ সন্তান থকা মহিলাসকলে কাৰ্যালয়লৈ অহাৰ বিপৰীতে ঘৰৰ পৰাই কাম কৰিব পাৰিব ।
৫/ কৰ্মস্থলীত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক । 
৬/ চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়ৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰত থাৰ্মেল স্কেনাৰ, হাত বীজানুমুক্ত কৰা আদি সুবিধা থাকিব লাগিব ।
৭/ কাৰ্যালয়সমূহ সঘনাই চেনিটাইজেশ্যন কৰিব লাগিব ।

 *শিক্ষানুষ্ঠান-* 
১/ চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুৱেল শিক্ষা প্ৰদানৰ বিকল্প আগবঢ়াব লাগিব । 
২/ শিক্ষানুষ্ঠানসমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব ।
৩/ পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব যাতে ছাত্ৰ-ছাত্ৰীৰ অধিক সমাগম নহয় । 
৪/ শিক্ষানুষ্ঠানত প্ৰাতঃসভা অনুষ্ঠিত কৰিব নোৱাৰিব।
৫/ প্ৰাথমিক শ্ৰেণীসমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব ।
৬/ শিক্ষা বিভাগে কোৰোনাকালীন পৰিস্থিতিৰ মাজেৰে পাঠদান কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব ।

 *ৰাজহুৱা পৰিবহন (চৰকাৰী / ব্যক্তিগত )-* 
১/ ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত কোৱিড বিধিসমূহ মানিব লাগিব ।
৩/ অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকৰ উপৰি দুজন যাত্ৰীহে থাকিব পাৰিব ।
 ৪/ চিটিবাছ, জিলাৰ ভিতৰত চলাচল কৰা বাছ আৰু আন্তঃজিলা বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰিব ।
৫/ কোনো বাহনত যাত্ৰীয়ে থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব ।
৬/ কোৱিড বিধি মানি চলাটো প্ৰতিজন যাত্ৰীৰ বাবে বাধ্যতামূলক । 

 *অন্যান্য নিৰ্দেশনা -* 
১/ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।
২/ গ্ৰাহকসকলে দোকানসমূহত ন্যূনতম ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব মানিব লাগিব । লগতে দোকানৰ স্বত্বাধিকাৰীয়ে দোকানৰ সন্মূখত হাত বীজানুমুক্ত কৰাৰ সু-ব্যৱস্থা হেণ্ডৱাশ্ব, হেণ্ড চেনিটাইজাৰ আদি ৰাখিব লাগিব ।
৩/ ব্যৱসায়ী আৰু গ্ৰাহক উভয়ে মাস্ক আৰু হাত মোজা পিন্ধিব লাগিব । এই ক্ষেত্ৰত দোকানৰ স্বত্বাধিকাৰীয়ে গুৰুত্ব দিব লাগিব । অন্যথা ব্যৱসায়ীজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব । 
 ৪/ চেলুন, বিউটী পাৰ্লাৰ আদিত কঠোৰভাৱে কোৱিডৰ নিয়ম পালন কৰিহে সেৱা আগবঢ়াব পাৰিব । মাস্ক, হাত মোজা পিন্ধাটো বাধ্যতামূলক ।
৫/ কোৱিডৰ নীতি-নিৰ্দেশনা মানি ঔদ্যোগিক কেন্দ্ৰ, চাহ বাগিচা আদিত কাম-কাজ অব্যাহত থাকিব । শ্ৰমিক-কৰ্মচাৰীসকলে সামাজিক দূৰত্ব মানি আৰু মাস্ক পৰিধান কৰিহে কাম কৰিব পাৰিব । এনে স্থানসমূহত থাৰ্মেল স্কেনাৰৰ ব্যৱস্থা থকাৰ লগতে চেনিটাইজেচনৰ ব্যৱস্থা কৰিব লাগিব । 
 ৬/ দৈনিক-সাপ্তাহিক বজাৰ, ঘৰুৱা সহায়ক, এপাৰ্টমেণ্টৰ ছচাইটি, বয়োজ্যেষ্ঠ ব্যক্তি আদিৰ ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা পৰামৰ্শসমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব ।


 *আইনী ব্যৱস্থা-* 
১/ উপৰোক্ত নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ৰ পৰা ৬০ ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
২/ মাস্ক পৰিধান নকৰা বা ৰাজহুৱা স্থান থু বা পিক পেলোৱা ব্যক্তিৰ বিৰুদ্ধে ১০০০টকা জৰিমনা বিহা হব ।

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

Tuesday, 20 April 2021

ধনশিৰি নদীত বিহ দি জলজ প্ৰাণী নিধন ৷

 20 April, 2021

ধনশিৰি নদীত বিহ দি জলজ প্ৰাণী নিধন ৷



জিলাৰ বাতৰি দিওতা গোলাঘাট 20 এপ্ৰিল

গোলাঘাটৰ ধনশিৰি নদীত আজি পুৱতী নিশা কোনো দুষ্কৃতিকৰাৰীয়ে বিহ ঢ়লাৰ বাতৰি পাই শশ লোকে মাছ মাৰিবলৈ নদীৰ পানীত নামিপৰে ৷ বিহ দিয়া দুস্কৃতিকাৰীয়ে নিশাই মাছ কাছ মাৰি আতৰি যায় ৷  উল্লেখ্য যে প্ৰতি বছৰে এনে সময়তে দৈয়াং আৰু ধনশিৰী নদীত বিহঢ়ালি আহিছে ৷ ফলত এই নদীৰ পানী সেৱন কৰা বণ্য -ঘৰচিয়া জীৱ জন্ত পক্ষী তিল তিলকৈ ৰোগগ্ৰস্ত হৈ মৃত্যু মুখলৈ গতি কৰিছে ৷ আনহাতে গোলাঘাটৰ পৌৰসভাই ধনশিৰি নদীৰ পানী শোধনকৰি চহৰবাসীক যোগানধৰি আহিছে  ; হোটেল আদিত এই পানী গ্ৰাহকক খুওৱা হয় ৷ এই নদী সমূহত বিহ দি মাছ কাছ নিধন কৰি আহিছে যদিও কোনোএটা চৰকাৰি বিভাগে দুষ্কৰ্মকৰা লোকক কৰায়ত্ত নকৰে ৷ ইফালে কাকডোঙা ; খাৰজান ; কলীয়াপানী কে ধৰি কেইবাখনো নদীত পানী হলেহে মাছৰ উজান উঠে ৷ সেই সময়ো সমাগত ৷ নদীত পানী বৃদ্ধি হলেই দুস্কৃতিকাৰীয়ে প্ৰতি বছৰে বিহ দি ইয়াৰ মাছ গোলাঘাটৰ আৰু যোৰহাটৰ বজাৰত বিক্ৰী কৰে ফলত অজানিতে বিহযুক্ত মাছ ৰাইজে খাই আহিছে:: 


প্ৰকাশ শৰ্মা গোলাঘাট  নৰ্থইষ্ট নিউজ ইণ্ডিয়া

20 April, 2021 Breaking NewsCOVID ORDERNew Guidelines

20 April, 2021
 Breaking News

COVID ORDER
New Guidelines

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ১৭,৫০০টকাৰ জৰিমনা

20 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৬/২০২১

গোলাঘাটত এতিয়ালৈকে ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান

নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ১৭,৫০০টকাৰ জৰিমনা
গোলাঘাট, ২০ এপ্ৰিল : গোলাঘাট জিলাত আজিৰে পৰা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে গুৱাহাটীৰ পৰা গোলাঘাটলৈ অহা সকলো বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰা হৈছে । নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনসমূহ ৰখাই ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় । গুৱাহাটীৰ পৰা অহা অধিকাংশ লোকৰ দেহতে কোৱিডৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে আজিৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হয় । মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা আদায় কৰাৰ বাবে ৬টা টাস্ক ফৰ্চ অৰ্থাৎ কৰ্মবাহিনী গঠন কৰি দিয়া হৈছে । এই কৰ্মবাহিনীসমূহে গোলাঘাটৰ বিভিন্ন স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে আজি মুঠ ১৭,৫০০ টকাৰ জৰিমনা বিহে ।জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিজে বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহে । তেওঁ কয় "মাস্ক পৰিধান কৰাটো আচলতে সকলোৰে দায়িত্ব । জৰিমনা বিহাতো আমাৰ উদ্দেশ্য নহয়, প্ৰকৃততে ৰাইজক সজাগ কৰাটোহে আমাৰ উদ্দেশ্য ।" উপায়ুক্ত গৰাকীয়ে কয় যে সজাগতাইহে এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব । আজি মুঠ ১৭,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় । ইফালে গোলাঘাট নগৰত আজিও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ লগতে ভ্ৰাম্যমান বাহনেৰে মাইকৰ সহায়ত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয় । আনহাতে গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে ।  জিলাখনত আজিৰ দিনটোলৈকে ৫৮,২৫৫ জন লোকক কোৱিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৪৪,৯৫০ টা প্ৰথম পালি আৰু ১৩,৩০৫ টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু হোটেলৰ কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱাৰ নিৰ্দেশ

20 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৫/২০২১

গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু হোটেলৰ কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱাৰ নিৰ্দেশ

গোলাঘাট, ২০ এপ্ৰিল : গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট নগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান, দোকান-পোহাৰ, হোটেলৰ কৰ্মচাৰী আদিক কোৱিড-19ৰ পৰীক্ষা কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছে । গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বিশেষকৈ হোটেল-ৰেষ্টুৰেণ্টত কৰ্মৰত লোকৰ কোৱিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । আজি খাদ্য সুৰক্ষা বিষয়া আৰু নগৰীয়া স্বাস্থ্য বিষয়া তথা কেইবাগৰাকীও বিষয়াই গোলাঘাট নগৰৰ বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আৰু ব্যৱসায় প্ৰতিষ্ঠান পৰিদৰ্শন কৰি কোৱিড-19 ৰ নীতি - নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰা হৈছেনে নাই সেইয়া পৰ্যবেক্ষন কৰে । সঠিকভাৱে মাস্ক পৰিধান কৰা, চেনিটাইজাৰৰ ব্যৱহাৰ আৰু শাৰীৰিক ব্যৱধান বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱা হয় । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

আপোনাৰ দৰকাৰী বাতৰি সমূহ পাৱলৈ চাই থাকক NORTHEAST NEWS INDIA

আপোনাৰ দৰকাৰী বাতৰি সমূহ পাৱলৈ চাই থাকক  NORTHEAST NEWS INDIA

UGC-NET May 2021 exam postponed announces NTA

20 April, 2021

UGC-NET May 2021 exam postponed announces NTA

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...