Tuesday, 20 April 2021

20 April, 2021 Breaking NewsCOVID ORDERNew Guidelines

20 April, 2021
 Breaking News

COVID ORDER
New Guidelines

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ১৭,৫০০টকাৰ জৰিমনা

20 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৬/২০২১

গোলাঘাটত এতিয়ালৈকে ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান

নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ১৭,৫০০টকাৰ জৰিমনা
গোলাঘাট, ২০ এপ্ৰিল : গোলাঘাট জিলাত আজিৰে পৰা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে গুৱাহাটীৰ পৰা গোলাঘাটলৈ অহা সকলো বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰা হৈছে । নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনসমূহ ৰখাই ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় । গুৱাহাটীৰ পৰা অহা অধিকাংশ লোকৰ দেহতে কোৱিডৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে আজিৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হয় । মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা আদায় কৰাৰ বাবে ৬টা টাস্ক ফৰ্চ অৰ্থাৎ কৰ্মবাহিনী গঠন কৰি দিয়া হৈছে । এই কৰ্মবাহিনীসমূহে গোলাঘাটৰ বিভিন্ন স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে আজি মুঠ ১৭,৫০০ টকাৰ জৰিমনা বিহে ।জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিজে বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহে । তেওঁ কয় "মাস্ক পৰিধান কৰাটো আচলতে সকলোৰে দায়িত্ব । জৰিমনা বিহাতো আমাৰ উদ্দেশ্য নহয়, প্ৰকৃততে ৰাইজক সজাগ কৰাটোহে আমাৰ উদ্দেশ্য ।" উপায়ুক্ত গৰাকীয়ে কয় যে সজাগতাইহে এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব । আজি মুঠ ১৭,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰা হয় । ইফালে গোলাঘাট নগৰত আজিও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ লগতে ভ্ৰাম্যমান বাহনেৰে মাইকৰ সহায়ত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয় । আনহাতে গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে ।  জিলাখনত আজিৰ দিনটোলৈকে ৫৮,২৫৫ জন লোকক কোৱিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰে ৪৪,৯৫০ টা প্ৰথম পালি আৰু ১৩,৩০৫ টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট


নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু হোটেলৰ কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱাৰ নিৰ্দেশ

20 April, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ৫৫/২০২১

গোলাঘাটৰ ব্যৱসায় প্ৰতিষ্ঠান আৰু হোটেলৰ কৰ্মচাৰীৰ কোৱিড পৰীক্ষা কৰোৱাৰ নিৰ্দেশ

গোলাঘাট, ২০ এপ্ৰিল : গোলাঘাট জিলাত কোৱিড-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট নগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান, দোকান-পোহাৰ, হোটেলৰ কৰ্মচাৰী আদিক কোৱিড-19ৰ পৰীক্ষা কৰোৱাবলৈ নিৰ্দেশ দিয়া হৈছে । গোলাঘাট জিলাৰ স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনা অনুসৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বিশেষকৈ হোটেল-ৰেষ্টুৰেণ্টত কৰ্মৰত লোকৰ কোৱিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । আজি খাদ্য সুৰক্ষা বিষয়া আৰু নগৰীয়া স্বাস্থ্য বিষয়া তথা কেইবাগৰাকীও বিষয়াই গোলাঘাট নগৰৰ বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আৰু ব্যৱসায় প্ৰতিষ্ঠান পৰিদৰ্শন কৰি কোৱিড-19 ৰ নীতি - নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰা হৈছেনে নাই সেইয়া পৰ্যবেক্ষন কৰে । সঠিকভাৱে মাস্ক পৰিধান কৰা, চেনিটাইজাৰৰ ব্যৱহাৰ আৰু শাৰীৰিক ব্যৱধান বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱা হয় । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

নৰ্থইষ্ট নিউজ ইণ্ডিয়া

আপোনাৰ দৰকাৰী বাতৰি সমূহ পাৱলৈ চাই থাকক NORTHEAST NEWS INDIA

আপোনাৰ দৰকাৰী বাতৰি সমূহ পাৱলৈ চাই থাকক  NORTHEAST NEWS INDIA

UGC-NET May 2021 exam postponed announces NTA

20 April, 2021

UGC-NET May 2021 exam postponed announces NTA

NORTHEAST NEWS INDIA

DC press meet Lakhimpur _Covid

20 April, 2021



*DC press meet Lakhimpur _Covid


* Date :- 20/4/21


## লক্ষীমপুৰ জিলা প্ৰশাসনৰ তৰফৰপৰা কভিড১৯ৰ  সম্পৰ্কীয় যাবতীয় ব্যবস্থা গ্ৰহণ কৰা হৈছে।


## মঙ্গলবাৰে লখিমপুৰ জিলা উপায়ুক্ত খৰ্গেশ্বৰ পেগুৱে সংবাদ কৰ্মী সকলৰ সৈতে এক আলোচনাত মিলিত হয় উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত।


## জিলা খনত বৰ্তমান 54 জন covid আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।


## জিলাখনৰ ভিন্ন প্ৰান্তত ৩৭ টা covid পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অব্যাহত ৰখাৰ উপৰিও ১০৬ খন isolation bed সাজু কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়ে।


## বিহু সন্মিলন আৰু সাংস্কৃতি অনুষ্ঠান সমূহৰ ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰপৰা covid protocol মানি চলিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

বয়োজ্যেষ্ঠ ব্যক্তিসকলে ক'ৰনা ভাইৰাছ সম্পর্কে লবলগীয়া সাৱধানতাসমূহ :-

২০ এপ্ৰিল,২০২১

বয়োজ্যেষ্ঠ ব্যক্তিসকলে ক'ৰনা ভাইৰাছ সম্পর্কে লবলগীয়া সাৱধানতাসমূহ :-


নৰ্থইষ্ট নিউজ ইণ্ডিয়া

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।