28 March, 2021
গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০% ভোটদান
গোলাঘাটত ৭৮.০২শতাংশ আৰু খুমটাইত ৮১.৯২শতাংশ ভোট
গোলাঘাটত মহিলা ভোটদাতাৰ সংখ্যা অধিক
প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ
গোলাঘাট, ২৮ মার্চ : ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে কালি হোৱা ভোটগ্ৰহনত ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৩৮,৫৫৫ গৰাকী পুৰুষ আৰু ১,৩৭,১১৫গৰাকী মহিলা ভোটদাতা । নিৰ্বাচন জিলাখনত মুঠ ভোটদানৰ হাৰ আছিল ৭৯.৬১ শতাংশ । জিলাখনত পুৰুষ ভোটদাতাৰ হাৰ ৮০.১৪ শতাংশ আৰু মহিলা ভোটদাতাৰ হাৰ ৭৯.০৮শতাংশ ।
গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয় । গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ৭,৯৯৬২ ( ৭৮%)গৰাকী পুৰুষ আৰু ৮০,১২৯(৭৮.০৪)গৰাকী মহিলা ভোটদাতা । সমষ্টিটোত মহিলা ভোটদাতাৰ সংখ্যা পুৰুষতকৈ অধিক । সমষ্টিটোৰ ১২৩ নম্বৰ বালিজান হাইস্কুলত সৰ্বাধিক ৮৭শতাংশ ভোটদান হয় ।
আনহাতে খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ । ইয়াৰে ৫,৮৫৯৩(৮৩.২৫%) গৰাকী ভোটদাতা পুৰুষ আৰু ৫,৬৯৮৬(৮০.৫৯%) গৰাকী মহিলা ভোটদাতা । গোলাঘাটৰ বালিজান হাইস্কুল ভোটগ্ৰহন কেন্দ্ৰত সৰ্বাধিক ৮৭ শতাংশ ভোটদাতাই ভোটদান কৰে । আনহাতে খুমটাইৰ ১৪২ নম্বৰ কুৰিঘৰীয়া প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰত সৰ্বাধিক প্ৰায় ৮৮শতাংশ ভোটদান হয় ।
গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা সকলো পক্ষক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে । তেওঁ সংবাদ মাধ্যমকো বিভিন্ন নিৰ্বাচন সংক্রান্তীয় বাতৰি ভোটদাতাসকলক সময়মতে যোগান ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৩ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৮৮ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭০৯ গৰাকী মহিলা ভোটদাতা ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া