Monday, 29 March 2021

আজি ৰংৰ উৎসৱ ফাকুৱা দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷

 29 March, 2021


আজি ৰংৰ উৎসৱ ফাকুৱা দেশজুৰি পালন কৰা হৈছে এই উৎসৱ ৷


গোলাঘাটৰো বিভিন্ন ঠাইৰ লগতে নতুন আমোলাপট্টিৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ইজনে সিজনক ফাকুসানি পালন কৰিলে এই উৎসৱ ৷ আবিৰৰ ৰঙেৰে ৰঙীন কৰি আনন্দত মত্তহৈছে ৰাইজ : 


গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ত ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া তৰফৰ পৰা সকলো দেশ বাসিলৈ ৰংৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভকামনা জ্ঞাপন জনালো। 


 আগন্তঁক আহি থকা দিন বোৰত এনেদৰে সকলো জাতি ধৰ্ম মিলি একতাৰ ভাতৃত্ববোধ ধৰি ৰাখে তাৰে কামনাৰে। 


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Sunday, 28 March 2021

28 March, 2021 BREAKING NEWS

 28 March, 2021


BREAKING NEWS



No local holiday for tomorrow has been declared by the District Administration of Golaghat


News Desk Report

NORTHEAST NEWS INDIA

গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০% ভোটদানগোলাঘাটত ৭৮.০২শতাংশ আৰু খুমটাইত ৮১.৯২শতাংশ ভোটগোলাঘাটত মহিলা ভোটদাতাৰ সংখ্যা অধিকপ্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ

28 March, 2021

গোলাঘাট নিৰ্বাচন জিলাত প্ৰায় ৮০% ভোটদান

গোলাঘাটত ৭৮.০২শতাংশ আৰু খুমটাইত ৮১.৯২শতাংশ ভোট

গোলাঘাটত মহিলা ভোটদাতাৰ সংখ্যা অধিক

প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক কৃতজ্ঞতা আৰু অভিনন্দন উপায়ুক্তৰ

গোলাঘাট, ২৮ মার্চ : ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে কালি হোৱা ভোটগ্ৰহনত ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৩৮,৫৫৫ গৰাকী পুৰুষ আৰু ১,৩৭,১১৫গৰাকী মহিলা ভোটদাতা । নিৰ্বাচন জিলাখনত মুঠ ভোটদানৰ হাৰ আছিল ৭৯.৬১ শতাংশ । জিলাখনত পুৰুষ ভোটদাতাৰ হাৰ ৮০.১৪ শতাংশ আৰু মহিলা ভোটদাতাৰ হাৰ ৭৯.০৮শতাংশ ।

গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয় । গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ৭,৯৯৬২ ( ৭৮%)গৰাকী পুৰুষ আৰু ৮০,১২৯(৭৮.০৪)গৰাকী মহিলা ভোটদাতা । সমষ্টিটোত মহিলা ভোটদাতাৰ সংখ্যা পুৰুষতকৈ অধিক । সমষ্টিটোৰ ১২৩ নম্বৰ বালিজান হাইস্কুলত সৰ্বাধিক ৮৭শতাংশ ভোটদান হয় ।

আনহাতে খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে । সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ । ইয়াৰে ৫,৮৫৯৩(৮৩.২৫%) গৰাকী ভোটদাতা পুৰুষ আৰু ৫,৬৯৮৬(৮০.৫৯%) গৰাকী মহিলা ভোটদাতা । গোলাঘাটৰ বালিজান হাইস্কুল ভোটগ্ৰহন কেন্দ্ৰত সৰ্বাধিক ৮৭ শতাংশ ভোটদাতাই ভোটদান কৰে । আনহাতে খুমটাইৰ ১৪২ নম্বৰ কুৰিঘৰীয়া প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহন কেন্দ্ৰত সৰ্বাধিক প্ৰায় ৮৮শতাংশ ভোটদান হয় ।

গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা সকলো পক্ষক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে । তেওঁ সংবাদ মাধ্যমকো বিভিন্ন নিৰ্বাচন সংক্রান্তীয় বাতৰি ভোটদাতাসকলক সময়মতে যোগান ধৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । 

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৩ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৮৮ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭০৯ গৰাকী মহিলা ভোটদাতা । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

27 March, 2021 96 खुमटाई विधानसभा चुनाव

 27 March, 2021


96 खुमटाई विधानसभा चुनाव 



खुमटाई, 27 मार्च: राज्य के विधानसभा चुनाव के 96 खुमटाई विधानसभा छेत्र में पहली चरण के मतदान लगभग 78.81% में भोटिंग सान्तिपुर्ण रहा। मतदान के दौरान चुनाव आयोग द्वारा दी गई सभी नीतिनियमों को ध्यान में रखते हुए भोटिंग केंद्रो में मतदाताओं को कोविद प्रोटोकॉल मानकर मतदान करते हुवे देखा गया। 


खुमटाई से:- संजीव कुमार प्रजापति, नॉर्थ ईस्ट न्यूज इंडिया

Saturday, 27 March 2021

গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন সম্পন্নসন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য মতে গোলাঘাটত ৭৮.৮৯ শতাংশ আৰু খুমটাইত ৭৮.৮১শতাংশ ভোটদানভোটগ্ৰহনৰ সৈতে জড়িত প্ৰতিজন লোক, সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন উপায়ুক্তৰ

27 March, 2021

গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহন সম্পন্ন

সন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য মতে গোলাঘাটত ৭৮.৮৯ শতাংশ আৰু খুমটাইত ৭৮.৮১শতাংশ ভোটদান

ভোটগ্ৰহনৰ সৈতে জড়িত প্ৰতিজন লোক, সংবাদ মাধ্যমক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন উপায়ুক্তৰ

গোলাঘাট, ২৭ মার্চ : ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পন্ন হৈছে । সন্ধিয়া ৭ বজালৈকে লাভ কৰা তথ্য মতে গোলাঘাট সমষ্টিত ৭৮.৮৯ শতাংশ আৰু খুমটাই সমষ্টিত ৭৮.৮১শতাংশ ভোটদান হয় । পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহনৰ ৬ বজাত সামৰণি পৰে । গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোক তথা সকলো পক্ষক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে । তেওঁ সংবাদ মাধ্যমকো বিভিন্ন নিৰ্বাচন সংক্রান্তীয় বাতৰি ভোটদাতাসকলক সময়মতে দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । 

সমষ্টি দুটাৰ অধীনৰ মুঠ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন কৰা হয় । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হয় । উল্লেখ্য যে কোৱিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হয় । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হয় । গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হয় । কেন্দ্ৰসমূহত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ বাবে বিশেষ সা-সুবিধা, শিশুৰ ওমলা ঘৰ, প্ৰদৰ্শনী, চেল্ফি জ'ন, নিয়ন্ত্ৰণ কক্ষ, চিকিৎসা ব্যৱস্থা আদি সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় ।

ভোটদাতাসকলে বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত কোৱিড-19ৰ নীতি-নিৰ্দেশনা মানি দীঘলীয়া শাৰী পাতি ভোট দিয়া পৰিলক্ষিত হয় । প্ৰতিগৰাকী ভোটদাতাক মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদি প্ৰদান কৰাৰ লগতে ভোটগ্ৰহনৰ পূৰ্বে সকলোৰে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় । 

ইফালে সমষ্টি দুটাৰ অধীনৰ সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় । নিৰ্বাচন জিলাখনৰ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় । 

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা । সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহনবিয়লি ৫ বজালৈকে গোলাঘাটত ৭৫.১৩ শতাংশ আৰু খুমটাইত ৭৫.২১শতাংশ ভোটদান২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিং

27 March, 2021

গোলাঘাট নিৰ্বাচন জিলাত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহন

বিয়লি ৫ বজালৈকে গোলাঘাটত ৭৫.১৩ শতাংশ আৰু খুমটাইত ৭৫.২১শতাংশ ভোটদান

২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিং

গোলাঘাট, ২৭ মার্চ : ৰাজ্যৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্য্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ  ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পন্ন হৈছে । বিয়লি ৫ বজালৈকে গোলাঘাট সমষ্টিত ৭৫.১৩ শতাংশ আৰু খুমটাই সমষ্টিত ৭৫.২১শতাংশ ভোটদান হৈছে । পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহনৰ ৬ বজাত সামৰণি পৰিব । সমষ্টি দুটাৰ অধীনৰ মুঠ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন কৰা হৈছে । ইয়াৰে গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে কোৱিড-19ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় । গোলাঘাট সমষ্টিত অতিৰিক্ত ২৭টা আৰু খুমটাই সমষ্টিত অতিৰিক্ত ১০ টা অৰ্থাৎ মুঠ ৩৭টা ভোটগ্ৰহন কেন্দ্ৰৰ সংযোজন ঘটোৱা হৈছে । এইবাৰ গোলাঘাট সমষ্টিত ১৯টা আৰু খুমটাই সমষ্টিত দুটা ভোটগ্ৰহন কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হৈছে । গোলাঘাটৰ হিন্দী হাইস্কুল আৰু খুমটাইৰ কুৰালগুৰি হাইস্কুলত স্থাপন কৰা কেন্দ্ৰকেইটা আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । কেন্দ্ৰসমূহত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃৰ বাবে বিশেষ সা-সুবিধা, শিশুৰ ওমলা ঘৰ, প্ৰদৰ্শনী, চেল্ফি জ'ন, নিয়ন্ত্ৰণ কক্ষ, চিকিৎসা ব্যৱস্থা আদি সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় ।

ভোটদাতাসকলে বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত কোৱিড-19ৰ নীতি-নিৰ্দেশনা মানি দীঘলীয়া শাৰী পাতি ভোট দিয়া পৰিলক্ষিত হয় । প্ৰতিগৰাকী ভোটদাতাক মাস্ক, চেনিটাইজাৰ, গ্লোভছ আদি প্ৰদান কৰাৰ লগতে ভোটগ্ৰহনৰ পূৰ্বে সকলোৰে শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হয় । 

ইফালে সমষ্টি দুটাৰ অধীনৰ সীমান্তৱৰ্তী অঞ্চলৰ ভোটগ্ৰহন কেন্দ্ৰসমূহৰ লগতে জটিল তথা স্পৰ্শকাতৰ ভোটগ্ৰহন কেন্দ্ৰসমূহত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয় । নিৰ্বাচন জিলাখনৰ ২৪৩ টা ভোটগ্ৰহন কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হয় । কোনো ভোটগ্ৰহন কেন্দ্ৰতে এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি অহা নাই । 

উল্লেখ্য যে, গোলাঘাট নির্বাচন জিলাত মুঠ ভােটাৰৰ সংখ্যা হৈছে ৩,৪৬,২৮৭ । ইয়াৰে পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৭২,৮৯৫ গৰাকী আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,৭৩,৩৯২ গৰাকী । গোলাঘাট সমষ্টিত মুঠ ভোতদাতাৰ সংখ্যা ২০৫১৯৬ । ইয়াৰে ১০২৫১৬ গৰাকী পুৰুষ আৰু ১০২৬৮০গৰাকী মহিলা ভোটাৰ । আনহাতে খুমটাই সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ১৪১০৯১ গৰাকী । ইয়াৰে ৭০৩৭৯গৰাকী পুৰুষ আৰু ৭০৭১২গৰাকী মহিলা ভোটদাতা । সমষ্টি দুটাত ৫১৬ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ, ৭৪১৬ গৰাকী ১৮ৰ পৰা ১৯ বছৰ বয়সৰ, ৩৮৮৪ গৰাকী ৮০ বছৰ বয়সৰ উৰ্ধৰ, ৭২০ গৰাকী ডি ভোটাৰ আৰু ৫৫৮ গৰাকী চাৰ্ভিছ ভোটাৰ আছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

27 March, 2021 ভোট দান গোলাঘাট

 27 March, 2021

ভোট দান গোলাঘাট



প্ৰথম পয্যায়ৰ ভোট গ্ৰহণ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰ সমূহত আৰম্ভণি হৈছে ৷ পুৱা ৬ বজাৰ পৰা কেন্দ্ৰ সমূহত ভোটদাটা ৰাইজে ক’ভীড-১৯ ৰ নিয়ম উলংঘাকৰা দেখা গৈছে ৷ কতৃপক্ষই মাস্ক ; পিপিকিট যোগান দিছে যদিও  ভোটাৰে সামাজিক  দূৰত্ব বজাই শাৰিপাতি ভোট দিয়া নাই৷ একাংশ ভোটকেন্দ্ৰত ভোটাৰে শাৰিপাতি  ঠেলা হেচাকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷



প্ৰকাশ শৰ্মা গোলাঘাট

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...