Sunday, 21 March 2021
ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১০০০টকা পৰ্যন্ত জৰিমনা
21 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ৩৩/২০২১
ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১০০০টকা পৰ্যন্ত জৰিমনা
গোলাঘাট, ২১ মাৰ্চ : কেন্দ্ৰীয় চৰকাৰৰ কোৱিড-19 সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে অসমৰ জনসাধাৰণৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা হিচাপে এলানি নিৰ্দেশ জাৰি কৰিছে । গোলাঘাট জিলাতো এই নিৰ্দেশনাসমূহ জৰুৰীভাৱে কাৰ্যকৰী কৰাৰ বাবে জিলা দণ্ডাধীশ তথা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি বাট-পথ, চিকিৎসালয়, কাৰ্যালয়, বজাৰ আদি ৰাজহুৱা স্থানত প্ৰতিজন লোকেই তিনিটা তৰপ থকা মাস্ক পিন্ধাটো বাধ্যতামূলক । মাস্ক নাথাকিলে গামোচা বা অন্য কাপোৰেৰে অন্ততঃ দুটা তৰপ কৰি মুখ আৰু নাক ভালকৈ ঢাকি ল'ব লাগিব । কোনো লোকে মাস্ক পৰিধান নকৰাকৈ জনসমাগম হোৱা ঠাই অথবা সভা আদিত অংশ ল'ব নোৱাৰিব । ব্যক্তিগত, চৰকাৰী অথবা ৰাজহুৱা বাহনত ভ্ৰমণ কৰোতেও মাস্ক পৰিধান কৰিব লাগিব । কাৰ্যালয় অথবা যিকোনো কৰ্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । এজনে ব্যৱহাৰ কৰা মাস্ক অন্য এজনে ব্যৱহাৰ কৰিব নোৱাৰিব । কাপোৰৰ মাস্কসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পাছত গৰম পানী আৰু চাবোনেৰে ধুই শুকুৱাই পুনৰ ব্যৱহাৰ কৰিব পাৰি । এবাৰ ব্যৱহাৰযোগ্য মাস্ক স্বাস্থ্য-বিধিসমূহ মানি নষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে । নিয়োগকর্তাগৰাকীয়ে তেওঁৰ অধীনৰ কৰ্মচাৰীসকলে তিনিটা তৰপ থকা মাস্ক পিন্ধাটো সুনিশ্চিত কৰিব । কোনো লোকে মাস্ক পৰিধানৰ এই নিয়মসমূহ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । প্ৰথম, দ্বিতীয় আৰু তৃতীয়বাৰ এই নিৰ্দেশ উলংঘা কৰিলে ৫০০ টকা আৰু তাৰ পাছত প্ৰতিবাৰেই ১০০০ থকাকৈ জৰিমনা বিহা হ'ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে ।
জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
Saturday, 20 March 2021
৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী
20 March, 2021
৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পার্টিৰ আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী
প্ৰচাৰ আজি শেনছোৱা পঞ্চায়তৰ আধাৰসত্ৰৰ নাট্য মন্দিৰত অনুষ্ঠিত হয়। ৰাইজে পাৰ্থীগৰাকীক পদযাত্ৰাৰে গায়ন- বায়ন, বিহু, ঝুমুৰ নাচি আদৰি নিয়ে মঞ্চলৈ।
খুমটাইৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতিৰ ৰিৰ্পত
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন
20 March, 2021
বিশ্বৰ পৰা যক্ষ্মাৰোগ নিৰ্মূলৰ উদ্দেশ্যে ১৮ মাৰ্চত গোলাঘাটৰ ডি আৰ কলেজ খেলপথাৰত এখন
প্ৰীতি মূলক ক্ৰিকেটখেল অনুষ্ঠিত হয় ৷ গোলাঘাট জিলা সাংবাদিক সংস্হা বনাম জিলা যক্ষ্মাৰোগ নিয়ন্ত্ৰণ বিভাগ আৰু যক্ষ্মাৰ পৰা আৰোগ্যলাভ কৰা লোকৰ মাজত অনুষ্ঠিত হোৱা খেলখনত সাংবাদিক সংস্থাই ১৪০ ৰাণ কৰাৰ বিপৰীতে প্ৰতিপক্ষদলে ১৩৫ ৰাণ কৰে আৰু সাংবাদিকৰ দলটো ৬ৰাণত বিজয়ী হয় ৷মেন অৱদা মেচ খিতাপ লাভকৰে সাংবাদিক সংস্হাৰ দিপক হাজৰিকাই ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট ৷
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
প্ৰথম পয্যায়ৰ ভোট গ্ৰহণৰ পিছত ৯৫নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ইভিএম ক’ত ৰখাহব ?
20 March, 2021
প্ৰথম পয্যায়ৰ ভোট গ্ৰহণৰ পিছত ৯৫নং গোলাঘাট আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিৰ ইভিএম ক’ত ৰখাহব ?
হব ? কত হব গণণা ? চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷
প্ৰকাশ শৰ্মা নৰ্থইষ্ট নিউজ ইণ্ডিয়া
হে মানৱ জাতি, দেশ তেতিয়াহে উন্নত হব।
হে মানৱ জাতি, দেশ তেতিয়াহে উন্নত হব। যেতিয়া আপোনালোকৰ চিন্তা শক্তি, ভাৱ শক্তি উন্নত হব। আপোনালোকৰ অকমান ভাল চিন্তা ধাৰাই দেশৰ সকলো জীৱৰ মঙ্গল হব। প্ৰকৃতিয়ে নিজৰ ৰূপত অবতীর্ণ হৈ থাকিব পাৰিৱ। তেতিয়াহে আমি জীৱকোল জীয়াই থাকিব পাৰিম এই ধৰাত।
আহক আমি সময় থাকোতে সত পথ অনুসৰণ কৰো।
মাধৱ গগৈ।
নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
Friday, 19 March 2021
নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷
19 March, 2021
নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু গোলাঘাট জিলা প্ৰশাসন ৷
উপায়ুক্ত বিভাসচন্দ্ৰ মোডীয়ে সাংবাদিক প্ৰকাশ শৰ্মাৰ কেমেৰাৰ আগত জনালে সবিস্তাৰে ৷ ::::
প্ৰকাশ শৰ্মা গোলাঘাট
নৰ্থইষ্ট নিউজ ইণ্ডিয়া
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...