13 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ২৩/২০২১
গোলাঘাট নিৰ্বাচনী জিলাৰ বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ সৈতে নিৰ্বাচনী পৰ্যবেক্ষকৰ গুৰুত্বপূৰ্ণ বৈঠক
গোলাঘাট, ১৩ মাৰ্চ : গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি গোলাঘাট নিৰ্বাচন জিলাৰ পৰ্যবেক্ষক ৰামকৃষ্ণ চাহুৰ অধ্যক্ষতাত ৯৫- গোলাঘাট আৰু ৯৬- খুমটাই সমষ্টিৰ বিভিন্ন ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয় । বৈঠকত পৰ্যবেক্ষকগৰাকীয়ে ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীসকলৰ বিভিন্ন অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি পালনৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ আহ্বান জনায় । তেওঁ নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাসমূহ পালন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকাই আৰ্হি আচৰণ বিধি সম্পৰ্কীয় বিভিন্ন দিশ বিতং ভাৱে অৱগত কৰায় । তেওঁ লগতে নিৰ্বাচন সম্পৰ্কীয় যিকোনো বিষয় লৈ হেল্পলাইন নম্বৰ ১৯৫০ ত যোগাযোগ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ মাইকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ লগতে ২৫ মাৰ্চ সন্ধিয়া ৫ বজাৰ পাছত প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব । তেওঁ আৰ্হি আচৰণ বিধি ভংগ কৰাৰ কোনো ঘটনা দৃষ্টিগোচৰ হ'লে C-Vigil এপযোগে অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায় । বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু ভালেকেইগৰাকী বিষয়া উপস্থিত আছিল ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া