12 March, 2021
প্ৰেছ বিজ্ঞপ্তি নং : ২০/২০২১
গোলাঘাট নিৰ্বাচন জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব পষ্টেল বেলটযোগে ভোট
১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট
গোলাঘাট, ১২ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰা হ'ব । ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব । ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । উল্লেখযোগ্য যে দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । ইফালে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা ৩৯ গৰাকী মাইক্ৰ' অৱজাৰ্ভাৰৰ প্ৰশিক্ষণ সম্পন্ন হয় । প্ৰশিক্ষণত গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰামকৃষ্ণ চাহুৱে মাইক্ৰ' অৱজাৰ্ভাৰসকলক ভোটগ্ৰহন কেন্দ্ৰত অতি সূক্ষ্মভাৱে সকলো দিশ পর্যবেক্ষণ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোক নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে মাইক্ৰ' অৱজাৰ্ভাৰসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰোৱাৰ লগতে ভোটগ্ৰহন কেন্দ্ৰত কোৱিড 19 ৰ নীতি - নিৰ্দেশনাসমূহ পালনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । প্ৰশিক্ষণত জিলা পৰিষদৰ চি ই অ' অভিজিৎ বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।
গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ
নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া