Saturday, 13 March 2021

২৭ মাৰ্চত গোলাঘাট জিলাত ৰাজহুৱা বন্ধ ঘোষণা

13 March, 2021


প্ৰেছ বিজ্ঞপ্তি নং- ২২

২৭ মাৰ্চত গোলাঘাট জিলাত ৰাজহুৱা বন্ধ ঘোষণা

গোলাঘাট, ১৩ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাত অহা ২৭ মাৰ্চত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে । এন আই এক্ট ১৮৮১ অনুসৰি ২৭ মাৰ্চৰ দিনা গোলাঘাট জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু স্থানীয় নগৰ নিকায়, শিক্ষানুষ্ঠান, বেংককে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান, চাহ বাগিচা, উদ্যোগ আদি বন্ধ থাকিব বুলি জিলাখনৰ উপায়ুক্তই জানিৱলৈ দিছে। 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Friday, 12 March 2021

খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ

12 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২১/২০২১

খুমটাই চাৰিআলিত ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা ১.২০ লাখ টকা জব্দ

গোলাঘাট, ১২ মাৰ্চ : গোলাঘাট নিৰ্বাচনী জিলাৰ ৯৬-খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই আৰক্ষী চকীৰ অধীনৰ খুমটাই চাৰিআলিত কিছুসময়ৰ পূৰ্বে ষ্টেটিক ছাৰ্ভিলেন্স দলে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.২০লাখ টকা জব্দ কৰে । মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা গাড়ীখন গোলাঘাট অভিমুখে আহি আছিল । গাড়ীখনৰ নম্বৰ AS 02 CC 1843 । অনুসন্ধান অব্যাহত আছে ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচন জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব পষ্টেল বেলটযোগে ভোট১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট

12 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ২০/২০২১

গোলাঘাট নিৰ্বাচন জিলাত ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই দিব পষ্টেল বেলটযোগে ভোট

১৮ আৰু ১৯ মাৰ্চত ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ'ব পষ্টেল বেলট 

গোলাঘাট, ১২ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিত পষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব । এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন কৰা হ'ব । ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ'ব । প্ৰতিটো ভোটগ্ৰহনকাৰী দলত এজন চুপাৰভাইজৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ' অৱজাৰ্ভাৰ, ভিডিঅ'গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব । ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহন সম্পূৰ্ণ নহ'লে ২০ মাৰ্চতো পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । উল্লেখযোগ্য যে দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে । খুমটাই সমষ্টিত আবেদন কৰা ৪৪১ গৰাকী ৮০ উৰ্ধৰ আৰু ৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাৰ পষ্টেল বেলট সংগ্ৰহ কৰা হ'ব । একেদৰে গোলাঘাট সমষ্টিত আবেদন কৰা ৬৯৮ গৰাকী ৮০ উৰ্ধৰ ভোটদাতা আৰু ২২৮ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতাই পষ্টেল বেলটযোগে ভোট দিব পাৰিব । ইফালে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত ভোটগ্ৰহন প্ৰক্ৰিয়াৰ বাবে নিয়োগ কৰা ৩৯ গৰাকী মাইক্ৰ' অৱজাৰ্ভাৰৰ প্ৰশিক্ষণ সম্পন্ন হয় । প্ৰশিক্ষণত গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰামকৃষ্ণ চাহুৱে মাইক্ৰ' অৱজাৰ্ভাৰসকলক ভোটগ্ৰহন কেন্দ্ৰত অতি সূক্ষ্মভাৱে সকলো দিশ পর্যবেক্ষণ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াটোক নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাত সহায় আগবঢ়াবলৈ আহ্বান জনায় । জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে মাইক্ৰ' অৱজাৰ্ভাৰসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰোৱাৰ লগতে ভোটগ্ৰহন কেন্দ্ৰত কোৱিড 19 ৰ নীতি - নিৰ্দেশনাসমূহ পালনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । প্ৰশিক্ষণত জিলা পৰিষদৰ চি ই অ' অভিজিৎ বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ লগতে ভালেসংখ্যক বিষয়া উপস্থিত আছিল ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

गोलाघाट निर्वाचन जिले के लिए व्यय पर्यवेक्षक चुनाव व्यय से संबंधित शिकायतों के लिए सीधे संपर्क की अपील करता है

12 March, 2021

प्रेस विज्ञप्ति संख्या: 19/2021

गोलाघाट निर्वाचन जिले के लिए व्यय पर्यवेक्षक चुनाव व्यय से संबंधित शिकायतों के लिए सीधे संपर्क की अपील करता है

गोलाघाट, 12 मार्च: भारतीय राजस्व सेवा के अधिकारी, गोलाघाट चुनाव जिले के व्यय पर्यवेक्षक
हेमंत हिंगोनिया लोगों से अपील करते हैं कि वे चुनाव खर्च से संबंधित किसी भी शिकायत के लिए उनसे सीधे संपर्क करें। पहले चरण में, 27 मार्च को, गोलाघाट चुनाव जिले के तहत 95-गोलाघाट और 96-खुमताई LAC के लिए मतदान होगा। चुनाव खर्चों में अनियमितता या किसी भी शिकायत के मामले में लोग उसे सीधे 93941-77601 और 60005-47090 पर कॉल कर सकते हैं। व्यय पर्यवेक्षक मतदाताओं से स्वतंत्र और निष्पक्ष चुनाव कराने में सहयोग करने का आग्रह करता है।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগৰ বাবে পোনপটীয়াকৈ যোগাযোগৰ আহ্বান ব্যয় পৰ্যবেক্ষকৰ

12 March, 2021

প্ৰেছ বিজ্ঞপ্তি নং : ১৯/২০২১

গোলাঘাট নিৰ্বাচন জিলাত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় অভিযোগৰ বাবে পোনপটীয়াকৈ যোগাযোগৰ আহ্বান ব্যয় পৰ্যবেক্ষকৰ 

গোলাঘাট, ১২ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত দুটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষকৰ দায়িত্বত থকা ভাৰতীয় ৰাজহ সেৱা বিষয়া হেমন্ত হিংগনিয়াই ইতিমধ্যে দায়িত্বভাৰ গ্ৰহণ কৰিছে । প্ৰথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই সমষ্টিৰ বাবে ভোটগ্ৰহন কৰা হ'ব । নিৰ্বাচনী ব্যয়ৰ ক্ষেত্ৰত কোনো অনিয়ম দৃষ্টিগোচৰ হ'লে অথবা নিৰ্বাচনী ব্যয় সম্পৰ্কীয় যিকোনো অভিযোগৰ বাবে ব্যয় পৰ্যবেক্ষকগৰাকীক ৯৩৯৪১-৭৭৬০১ আৰু ৬০০০৫-৪৭০৯০ নম্বৰত ফোন কৰিব পাৰিব । ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নিৰ্বাচন নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ ভোটদাতাসকলৰ প্ৰতি আহ্বান জনাইছে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Thursday, 11 March 2021

11 March, 2021 আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 March, 2021


আজি শ্ৰী শ্ৰী শিবৰাত্ৰি ৷ গোলাঘাটৰো বিভিন্ন স্থানত শিবথান সমুহত ভক্তৰ লানী নিচিঙা স্ৰোত বৈছে ৷ মহাদেৱ শিৱৰ ভক্তি অৰ্চনাত ব্যস্ত ভক্তগণ ৷ : চাও আহক গোলাঘাটৰ পাঁচআলি ; বেঙেনাখোৱা আলুপট্টি আৰু বাটাচাৰ্কোলৰ দৃশ্য :: 


প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন ৷

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया

11 March, 2021

प्रेस विज्ञप्ति

गोलाघाट निर्वाचन जिले में मतदाता सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को लॉन्च किया गया
गोलाघाट, 11 मार्च: गोलाघाट चुनाव जिले के मतदाताओं को मतदान के बारे में जागरूक और संवेदनशील बनाने के लिए, सेल्फी जोन के साथ-साथ टीखर (दलदला हिरण) और सुतिबाई (तितली) नाम के दो शुभंकरों को व्यवस्थित मतदाता शिक्षा और चुनावी भागीदारी SVEEP के तहत आज उपायुक्त और जिला निर्वाचन अधिकारी बिभाष चंद्र मोदी द्वारा लॉन्च किया गया । उन्होंने नागरिक से वोट देने की अपील की क्योंकि मतदान एक जिम्मेदारी है और सभी को अपनी जिम्मेदारियों और कर्तव्यों को पहचानना चाहिए। "इस बार आवश्यक सेवाओं में शामिल लोगों के लिए पोस्टल बैलेट सिस्टम प्रदान किया गया है ताकि हर कोई बिना किसी असफलता के अपना वोट दे सके। यह उल्लेखनीय है कि शुभंकरों का नाम प्रसिद्ध असमिया लेखक लक्ष्मीनाथ बेजबरुआ की कहानियों या संग्रह पर आधारित है। लक्ष्मीनाथ बेजबरुआ की लोककथाओं, "बुरही ऐर साधु" जहां "टीखर और चुतीबाई" एक लोकप्रिय लोककथा है। 2016 के एक सर्वेक्षण के अनुसार, Nambar-Daigrung Sanctuary में 224 प्रजातियों की तितलियां हैं । दूसरी ओर, भारत के कुछ जंगलों में दलदली हिरण पाए जाते हैं । काजीरंगा नेशनल पार्क में 1000 से अधिक दलदली हिरण हैं। मानस नेशनल पार्क में भी दलदली हिरण  पाए जाते हैं। दलदली हिरण पहले ही पाकिस्तान और बांग्लादेश में विलुप्त हो चुके हैं। IUCN ने इसे खतरा श्रेणी में शामिल किया है। 12 सींग वाले दलदली हिरण को अक्सर शिकारियों द्वारा शिकार किया जाता है। न्यू अमोलापट्टी में बिशाल मेगामार्ट के सामने सेल्फी ज़ोन के साथ चुनाव शुभंकर टीखर और चुतिबाई को स्थापित किया जाएगा। इस अवसर पर जिला विकास आयुक्त Orpah Baglary और अतिरिक्त उपायुक्त मून गोगोई, पल्लवी गोगोई, चुनाव अधिकारी सुलक्षणा बोरपात्रगोहिन और कई अन्य अधिकारी और कर्मचारी सदस्य उपस्थित थे।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...