Wednesday, 10 March 2021

গোলাঘাটত ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটত ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ

গোলাঘাট ১০ মাৰ্চ :- গোলাঘাট জিলাৰ ৪টা সমষ্টিৰ বাবে  ২৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ  বৈধ পোৱা গৈছে। আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়। ৯৩-বোকাখাত সমষ্টিত ১১ গৰাকী, ৯৪- সৰুপথাৰ সমষ্টিত ৪ গৰাকী, ৯৫-গোলাঘাট সমষ্টিত ৩ গৰাকী আৰু ৯৬-খুমটাই সমষ্টিত ৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । ৯৩-বোকাখাত সমষ্টিত অসম গণ পৰিষদৰ অতুল বৰা, এন চি পি ৰ মৃদুল শইকীয়া, অসম জাতীয় পৰিষদৰ ৰেৱকান্ত গগৈ, ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ চাইমন তাঁতী আৰু নিদলীয় প্ৰাৰ্থী হিচাপে প্ৰণৱ দলে, জিতেন গগৈ, দুলাল বৰা, বিজয় কুটুম, জীৱন চন্দ্ৰ বৰা, হেমন্ত দলৈ আৰু দিনেশ কৰ্মকাৰৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে । আনহাতে ৯৪-সৰুপথাৰ সমষ্টিত কংগ্ৰেছ দলৰ ৰ’জলীনা তিৰ্কী, বিজেপিৰ বিশ্বজিত ফুকন, অসম জাতীয় পৰিষদৰ ৰাজু ফুকন আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গোপাল গগৈৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে। ইফালে ৯৫-গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নেওগ, কংগ্ৰেছৰ বিতোপন শইকীয়া আৰু অসম জাতীয় পৰিষদৰ ৰীনা শইকীয়াৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে । ৯৬- খুমটাই সমষ্টিত কংগ্ৰেছৰ বিস্মিতা গগৈ, বিজেপিৰ মৃণাল শইকীয়া, অসম জাতীয় পৰিষদৰ পবন শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰিয়ম কোৱঁৰ, চাও চুচেনফা গগৈ আৰু দীপক গোৱালাৰ মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১২ মাৰ্চ।

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটত ৱেব পৰ্টেলৰ বিৰুদ্ধে গোচৰ ৰুজু

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটত ৱেব পৰ্টেলৰ বিৰুদ্ধে গোচৰ ৰুজু

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীক লৈ নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰি অশোভনীয় তথা আপত্তিজনক মন্তব্যসম্বলিত অডিঅ' ক্লিপ প্ৰচাৰ কৰা এটা ৱেব পৰ্টেলৰ বিৰুদ্ধে গোলাঘাট জিলা প্ৰশাসনে গোলাঘাট থানাত এজাহাৰ দাখিল কৰিছে । গোলাঘাট থানাত এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ ২৯৪ ধাৰা তথা আই টি এক্টৰ RW- 67 ধাৰাৰ অধীনত 238/2021 নম্বৰত গোচৰ ৰুজু কৰা হৈছে । "News অসম Hotline" নামৰ ৱেব পৰ্টেলটোৱে কালি দুজন লোকৰ মাজত হোৱা কথোপকথনৰ এটা অডিঅ' ক্লিপ প্ৰচাৰ কৰিছিল । অডিঅ' ক্লিপটোত হোৱা কথোপকথনত এগৰাকী বিশেষ ৰাজনীতিকৰ চৰিত্ৰ হননকাৰী মন্তব্য কৰা হৈছিল । ৱেব পৰ্টেলটোৰ স্বত্বাধিকাৰীলৈ গোলাঘাট নিৰ্বাচন জিলাৰ মিডিয়া চাৰ্টিফিকেচন এণ্ড মণিটৰিং কমিটিয়ে কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে । এই ক্ষেত্ৰত গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে এনে প্ৰৰোচনামূলক আৰু ব্যক্তিৰ সন্মানত আঘাত হানিব পৰা অশোভনীয় কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহ'ব । এনে কাৰ্যকলাপৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ সকীয়াই দিয়ে । নিৰ্বাচন নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে তেওঁ সকলোকে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

कोई भी सरकारी कर्मचारी राजनीतिक गतिविधियों में शामिल नहीं हो सकता है

10 March, 2021

प्रेस विज्ञप्ति

कोई भी सरकारी कर्मचारी राजनीतिक गतिविधियों में शामिल नहीं हो सकता है

गोलाघाट, 10 मार्च: राज्य के अन्य हिस्सों के साथ गोलाघाट जिले में भी आदर्श आचार संहिता लागू कर दी गई है। गोलाघाट जिले के आदर्श आचार संहिता कोष ने स्पष्ट कर दिया है कि किसी भी सरकारी कर्मचारी (राज्य / केंद्रीय / सार्वजनिक क्षेत्र) को आदर्श आचार संहिता के प्रवर्तन के दौरान किसी भी राजनीतिक गतिविधियों में भाग नहीं लेना चाहिए।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट चुनाव जिला

NORTHEAST NEWS INDIA

আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা

10 March, 2021

 ৯৩-বোকাখাত

অতুল বৰা ( AGP),
প্ৰণৱ দলে (নিৰ্দলীয় ),
জীতেন গগৈ ( নিৰ্দলীয়) ,
দুলাল বৰা ( নিৰ্দলীয়) ,
মৃদুল শইকীয়া ( NCP) ,
বিজয় কুটুম ( নিৰ্দলীয়)
জীৱন চন্দ্ৰ বৰা (নিৰ্দলীয়) ,
ৰেৱকান্ত গগৈ ( AJP) ,
হেমন্ত দলৈ( নিৰ্দলীয়),
চাইমন তাঁতী (Bharatiya Tribal Party) 
দীনেশ কৰ্মকাৰ (নিৰ্দলীয়)

95- Golaghat LAC
1.Ajanta Neog (BJP)
2. Bitopan Saikia( INC)
3. Rina Saikia ( AJP)

96- Khumtai LAC
1. Bishmita Gogoi ( INC)
2. Priyam Konwar (Independent)
3. Paban Saikia ( AJP)
4. Mrinal Saikia( BJP)
5. Chow Susenfa Gogoi (Independent)
6. Dipak Guwala ( Independent)

 94-Sarupathar LAC

1.Roselina Tirkey ( INC)
2.Biswajit Phukan ( BJP)
3.Gopal Gogoi ( Independent)
4.Raju Phukan (AJP) 

আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয় । আটাইকেইখন মনোনয়ন পত্ৰ বৈধ পোৱা গৈছে ।


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব কোনো চৰকাৰী কৰ্মচাৰী

গোলাঘাট, ১০ মাৰ্চ : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো নিৰ্বাচনী আৰ্হি আচৰণবিধি বলৱৎ হৈছে । আৰ্হি আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ৰাজ্য, কেন্দ্ৰীয় অথবা ৰাজহুৱা খণ্ডৰ কোনো কৰ্মচাৰীয়ে কোনো ৰাজনৈতিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰিব বুলি গোলাঘাট জিলাৰ আৰ্হি আচৰণ বিধি কোষে স্পষ্ট কৰি দিছে । 

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

10 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডৰ দ্বাৰা ১.৯০ লাখ টকা জব্দ

গোলাঘাট, ১০ মাৰ্চ : গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০লাখ টকা জব্দ কৰে । ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল । অনুসন্ধান অব্যাহত আছে ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ


নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

स्टैटिक सर्विलांस टीम ने गोलाघाट में 1.45 लाख रुपये जब्त किए

10 March, 2021

प्रेस विज्ञप्ति

स्टैटिक सर्विलांस टीम ने गोलाघाट में 1.45 लाख रुपये जब्त किए
गोलाघाट, 10 मार्च: गोलाघाट निर्वाचन जिले में तैनात स्टेटिक सर्विलांस टीम ने आज घिल्डारी चौकी के तहत डोसमेल खुटी में एक चार पहिया वाहन से 1.45 लाख रुपये जब्त किए।

मीडिया एंड पब्लिसिटी सेल, गोलाघाट

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...