09 March, 2021
গোলাঘাটৰ কমাৰবন্ধা মাখন আৰু দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতাই পোৰোহিতৰ বেদমণ্তৰ মাজত অগ্নিক সাক্ষীকৰি যুগ্মজীৱনৰ পাতনি মেলিলে আঠমাৰ্চৰ দিনা
৷ সৰুতেই পৃতি মাতৃ হাৰা মাখনশৰ্মাৰ একমাত্ৰ ককায়েক ৰুদ্ৰকান্ত শৰ্মা শাৰিৰীক ভাবে অক্ষম ব্যক্তি ৷ কিছূদিনৰ পূৰ্বে ৰুদ্ৰৰ পত্নী মীনাদেৱীৰ মৃত্যু ঘটিল ৷ মহিলা নোহোৱা ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মাখনে বিয়াকৰোৱাৰ বাবে ছোৱালী পচন্দ কৰিলে দেৰগাঁৱৰ নাৰিকলগুৰিৰ মমতা কটকীক ৷ সৌন্দৰ্যময়ী মমতা সকলো কামকাজতে পাৰ্গত ৷ কিন্ত ভগবানে তেওৰ মুখত নিদিলে মাত কথা ৷ কানেৰেও কমকৈ শুনে ৷ দিব্যাঙ্গ মমতাক জীৱনসংগীনী হিচপে মাখনে পচন্দ কৰাত তেওৰ বংশ পৰিয়ালে বিয়াখন পাতি দিবলৈ প্ৰস্তুতি চলালে ৷ পিতৃ মাতৃহাৰা মমতাৰো এজন ককায়েক মুকবধিৰ ৷ দ’ৰা কইনা দুয়োটা পৰিয়ালকে বংশৰ লোকে সহায় কৰি সোমবাৰে সম্পন্ন কৰিলে মাখন-মমতাৰ বিয়াখন ৷
কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷