Tuesday, 9 March 2021

গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক

09 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাটত উপস্থিত নিৰ্বাচনী পৰ্যবেক্ষক

গোলাঘাট, ৯ মাৰ্চ : গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ পৰ্যবেক্ষক (General Observer ) হিচাপে ৰামকৃষ্ণ চাহুৱে দায়িত্ব গ্ৰহণ কৰিছে । পৰ্যবেক্ষকগৰাকীয়ে আজি গোলাঘাট জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া বিভাষ চন্দ্ৰ মোডীক সাক্ষাৎ কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয় । তেওঁ ৰাইজলৈ গোহাৰি জনাই কয় যে নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভাৱ-অভিযোগ উত্থাপন কৰিবলৈ তেওঁক পোনপটীয়াকৈ ৯৪৩৮৪-৪৪৯১৮ দূৰভাষ নম্বৰত ফোন কৰি জনাব পাৰিব । লগতে তেওঁক ramakrushna.sahoo3@gmail.com ত ই - মেইল প্ৰেৰণ কৰি যোগাযোগ কৰিব পৰা যাব । শ্ৰী চাহুৱে আসন্ন বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক কোনো প্ৰলোভনত নপৰি নিজৰ বিবেকেৰে বিচাৰ বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনায় । তেওঁ কয় যে ভোটদান এটা দায়িত্ব আৰু সকলোৱে এই দায়িত্ব পালন কৰা উচিত । নিৰ্বাচনক লৈ ৰাইজৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰি তেওঁ এইবাৰ সমষ্টি দুটাত ১০০ শতাংশ ভোটদান হ'ব বুলি আশা প্ৰকাশ কৰে । 

গোলাঘাট নিৰ্বাচন জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

Monday, 8 March 2021

লখিমপুৰ নমিনেচন

 08 March, 2021


*লখিমপুৰ নমিনেচন


* Date :- 8/3/21


## সমাগত বিধান সভা নিৰ্বাচন।


## লখিমপুৰ সমষ্টি উপৰিও নাওবৈচা আৰু বিহপুৰীয়া সমষ্টি পৰাও বহু প্ৰাৰ্থীয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ত মনোনয়ন প্ৰত্ৰ দাখিল কৰে।


## ইয়াৰে ভিতৰত লখিমপুৰ সমষ্টি পৰা বিজেপি মানৱ ডেকা, এজিপি উৎপল দত্ত উপৰিও আৰু বহু কেইজন লোক নিৰ্দলীয় হিচাপে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।


## আনহাতে নাওঁবৈচা সমষ্টিৰ পৰা এজিপি জয়ন্ত খাওণ্ড আৰু বিহপুৰীয়া সমষ্টি পৰা ভূপেন বৰা লগতে বহু কেইজন নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্ৰ দাখিল কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

আন্তর্জাতিক মহিলা দিৱস

 08 March, 2021


*আন্তর্জাতিক মহিলা দিৱস


* Date :- 8/3/21


আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে লখিমপুৰ জিলাৰ নকাৰী মিলি জুলি মহিলা গোটৰ সৌজন্যত আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।


## উক্ত অনুষ্ঠানত সম্পাদিকা গৰাকীয়ে কয় যে, আজি আন্তর্জাতিক মহিলা দিৱস উপলক্ষে নকাৰী মিলি জুলি গোটৰ মহিলা  সকলে  আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰে।


## আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মহিলা সকলৰ বাবে এখনি খেল-ধেমালিৰ আয়োজন কৰা হয়।


## উক্ত খেলত প্ৰায় শতাধিক মহিলাই অংশগ্রহণ কৰে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

08 March, 2021

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাট জিলাত আজি ১৩ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

গোলাঘাট : গোলাঘাট জিলাৰ চাৰিটা সমষ্টিৰ বাবে আজি ১৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।৯৫-গোলাঘাট সমষ্টিত বিজেপি প্ৰাৰ্থী অজন্তা নেওগ, কংগ্ৰেছৰ বিতোপন শইকীয়া আৰু অসম জাতীয় পৰিষদৰ হৈ ৰীণা শইকীয়াই ৰিটাৰ্ণিং বিষয়া তথা জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে ৯৬-খুমটাই সমষ্টিৰ বাবে কংগ্ৰেছৰ বিস্মিতা গগৈ, অসম জাতীয় পৰিষদৰ পবন শইকীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ম কোঁৱৰে খুমটাই সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ ওচৰত  মনোনয়ন পত্ৰ দাখিল কৰে । ৯৩-বোকাখাট সমষ্টিত অসম গণ পৰিষদ দলৰ অতুল বৰা, ৰাইজৰ দলৰ হৈ জীৱন বৰা, নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ দলে আৰু দুলাল বৰাই মনোনয়ন পত্ৰ দাখিল কৰে । সমষ্টিটোৰ বাবে পূৰ্বে আম আদমী পাৰ্টিৰ বিজয় কুটুম আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিতেন গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইফালে ৯৪-সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা টিৰ্কী, বিজেপিৰ বিশ্বজিৎ ফুকন আৰু নিৰ্দলীয় প্ৰাৰ্থী গোপাল গগৈয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে । কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । ১০মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন অহা ১২ মাৰ্চ ।

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ



সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰ ৰিপৰ্ত ,নৰ্থইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট জিলা নমিনেচন

 08 March, 2021

গোলাঘাট জিলা নমিনেচন





৯৫ নং গোলাঘাট বিধালসভা সমষ্টিৰ আৰু ৯৬ নং খুমটাই   বিধান সভা সমষ্টিৰ বাবে আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ণপত্ৰ দাখিল কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোলাঘাটৰ পাৰ্থী বিতোপন শইকীয়া আৰু ৯৬নং খুমটাইৰ পাৰ্থী বিস্মিতা গগৈয়ে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ সৈতে হাতীৰ পিঠিত উঠি বিতোপনে মনোনয়নপত্ৰ দাখিল কৰে ৷ আনহাতে  বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে মনোনয়ন দাখিল  কৰাৰ সময়ত  সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

   খুমটাই বিধান সভা সমষ্টিৰ  আৰু AJP ৰ প্ৰাৰ্থী পৱন শইকীয়াই মনোনয়ন দাখিল কৰে।


গোলাঘাটৰ পৰা  প্ৰকাশ শৰ্মা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

Sunday, 7 March 2021

*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*

 07 March, 2021


*বগী নদীত নৱ দলেক ব্যাপক আদৰণি*


Date :- 7/3/21


## ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত  প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্নয়ণ খণ্ডত আজি বিপুল আদৰণি জনোৱা হয় ।


## নৱ দলে বিজেপি প্ৰাৰ্থিত্বলৈ সমষ্টিলৈ আহি থকাৰ পথত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চৰাই মৰীয়া চাৰি আলি  হাজাৰ হাজাৰ সমৰ্থকে বিপুল আদৰণি জনায় ।


## ইয়াৰ পিছতেই চৰাই মৰীয়া নাম ঘৰত সেৱা জনাই  নৱ দলে।


## পাৰ্থী গৰাকী হাজাৰ হাজাৰ সমৰ্থকে বাইক গাড়ীলৈ ঢকুৱাখনালৈ ৰাওনা হয় ।


## ৰাইজে পদুলিয়ে পদুলিয়ে প্ৰাৰ্থী গৰাকীক উস্ম আদৰণি জনায় ।


## শান্তিপূৰ্ণ ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় প্ৰাৰ্থী গৰাকীয়ে।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন

07 March, 

প্ৰেছ বিজ্ঞপ্তি

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰথম পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ সম্পন্ন

গোলাঘাট, ৭ মাৰ্চ : গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনৰ গোলাঘাট আৰু খুমটাই সমষ্টিৰ বাবে আজি গোলাঘাটৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আৰু ফৰকাটিং মহাবিদ্যালয়ত প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয় । দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত ১৬৭ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে । আনহাতে ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত ২৩২ গৰাকী প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াই অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হ'ব । প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰিছে । দ্বিতীয় পৰ্যায়ত অহা ১৩ আৰু ১৪ মাৰ্চত আৰু তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ ২০ আৰু ২১ মাৰ্চত সম্পন্ন হ'ব । মুঠ ছদিনজোৰা এই প্ৰশিক্ষণত গোলাঘাট নিৰ্বাচনী জিলাৰ ৪৮৬ টা ভোটগ্ৰহন কেন্দ্ৰত নিয়োজিত হ'বলগীয়া ২,৩৩২ গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াই অংশগ্ৰহণ কৰিব । আজি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উপায়ুক্ত তথা গোলাঘাটৰ জিলা নিৰ্বাচনী বিষয়া বিভাষ চন্দ্ৰ মোদী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিৎ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, সহকাৰী আয়ুক্ত পাপু গগৈ আৰু ময়ূৰাক্ষী দত্ত উপস্থিত আছিল । ফৰকাটিং মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত মুন গগৈ আৰু পল্লৱী গগৈ আৰু সহকাৰী আয়ুক্ত গৌৰীপ্রিয়া দেউৰী উপস্থিত আছিল । প্ৰশিক্ষণত সমষ্টি দুটাৰ ভালেসংখ্যক প্ৰশিক্ষক, চেক্টৰ আৰু জ'নেল বিষয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীয়ে অংশ লয় । 

গোলাঘাট নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষ

নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...