Wednesday, 3 March 2021

03 March, 2021 *লখিমপুৰ Mega Expro* Date :- 3/3/21 ## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে। ## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলি থকা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব। ## ইয়াৰ লগতে আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা। ## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু। ## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 March, 2021


*লখিমপুৰ Mega Expro* Date :- 3/3/21


## বিগত বৰ্ষ দৰে এইবাৰো লখিমপুৰ ত্যাগক্ষেত্ৰত এখনি মেগা বানিজ্য মেলা অনুষ্টিত কৰা হৈছে।


## যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ মার্চলৈ চলি থকা এই বানিজ্য মেলাত আপোনাৰ ঘৰৰ সকলো যাৱতীয় বস্তু পাব।


## ইয়াৰ লগতে আপুনি ইয়াতা পাব বিনামূলীয়াকৈ এটা লটৰী টিকেত, য'ত আছে কেইবাটাও আক্ৰষণীয় পুৰস্কা।


## লগতে উপভোগ কৰিবলৈ পাৰে নৃত্য আৰু ফেচন'স্বু।


## ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা প্ৰায় ৬০ খনকৈ বিপনিয়ে অংশ লোৱা এই বানিজ্য মেলাত আপোনি লব পাৰে মন পচন্দৰ বিভিন্ন লাগতিয়াল সামগ্ৰী।



লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


03 March, 2021 প্ৰতি বছৰে তিনি মাৰ্চৰ দিনটো বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰাহয় ৷ এইবাৰ বিশ্ব শ্ৰৱন দিৱসৰ উপলক্ষে বিশ্ব স্বাস্থ্য সন্থাৰ অৰ্থাৎ WHO দ্বাৰা প্ৰকাশিত বিষয়বস্তু হ’ল Hearing Care For All . অৰ্থাৎ শ্ৰৱণ যতন সকলোৰে বাবে ৷ আমাৰ দেশত ৬দশমিক তিনি শতাংশ লোক এই ৰোগৰ দ্বাৰা প্ৰভাবিত ৷ শ্ৰৱণ শক্তিৰ বিভিন্ন কাৰক বিভিন্ন কাণৰ ৰোগ ; জন্মগত কাৰক ; কোলাহল পৰিবেশ ; বয়সৰ পাৰ্দুভাৱ আদি ৰোগৰ কাৰকৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ আজি গোলাঘাটৰ স্বাস্থ্য বিভাগে পুৱা এক সজাগতা সমদল উলিয়ায় ৷ সমলব্যক্তি ডা°পাৰ্থ গোঁহাইয়ে আঁত ধৰা এই কায্যসূচী শুভাৰম্ভ কৰে জিলা উন্নয়ণ বিষয়া অৰ্পা বাগলাৰীয়ে ৷ জনসজাগতা শোভায়াত্ৰাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণ মহন্ত ; ডা°ৰূপকবৰা ; অধীক্ষক ডা°। চুৰেণ তামুলী ; আদিৰ লগতে চিকিৎসাকৰ্মী সকলে অংশগ্ৰহণ কৰে আৰু এখন সজাগতামূলক প্ৰচাৰ পত্ৰীকাও বিতৰণ কৰে ৷ কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷

 03 March, 2021


প্ৰতি বছৰে তিনি মাৰ্চৰ দিনটো বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰাহয় ৷ এইবাৰ বিশ্ব শ্ৰৱন দিৱসৰ উপলক্ষে বিশ্ব স্বাস্থ্য সন্থাৰ অৰ্থাৎ WHO দ্বাৰা প্ৰকাশিত বিষয়বস্তু হ’ল Hearing Care For All . অৰ্থাৎ শ্ৰৱণ যতন সকলোৰে বাবে ৷ আমাৰ দেশত ৬দশমিক তিনি শতাংশ  লোক এই ৰোগৰ দ্বাৰা প্ৰভাবিত ৷ শ্ৰৱণ শক্তিৰ বিভিন্ন কাৰক বিভিন্ন কাণৰ ৰোগ ;  জন্মগত কাৰক ; কোলাহল পৰিবেশ ; বয়সৰ পাৰ্দুভাৱ আদি ৰোগৰ কাৰকৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ আজি গোলাঘাটৰ স্বাস্থ্য বিভাগে পুৱা এক সজাগতা সমদল উলিয়ায় ৷ সমলব্যক্তি ডা°পাৰ্থ গোঁহাইয়ে আঁত ধৰা এই কায্যসূচী শুভাৰম্ভ কৰে জিলা উন্নয়ণ বিষয়া অৰ্পা বাগলাৰীয়ে ৷ জনসজাগতা শোভায়াত্ৰাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা° অৰুণ মহন্ত ; ডা°ৰূপকবৰা ; অধীক্ষক ডা°। চুৰেণ তামুলী ; আদিৰ লগতে চিকিৎসাকৰ্মী সকলে অংশগ্ৰহণ কৰে আৰু এখন সজাগতামূলক প্ৰচাৰ পত্ৰীকাও বিতৰণ কৰে ৷ 


কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া গোলাঘাট ৷


03 March, 2021 *লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021 ## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে। ## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"। ## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে। ## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে। ## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে। ## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন। ## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে। Byte :- ১) পৰিচালকৰ, ২) অভিনেতা লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 03 March, 2021


*লখিমপুৰত নিৰ্মাণ চুটি ছবি চণ্ডাল* Date :- 3/3/2021


## লকডাওনৰ পৰা বত্তৰ্মানলৈ লখিমপুৰত কেইবাখনো ছুটি ছবি নিৰ্মাণ হৈছে।


## তাৰ ভিতৰত ৰাজ শেখৰৰ পৰিচলনাত তৃতীয়বাৰ নিৰ্মাণ হল চুটি ছবি "চণ্ডাল"।


## চিঞৰ, চিৎকাৰৰ পাছত এইবাৰ "খং নামে চণ্ডাল"ৰ চিত্ৰ গ্ৰহনৰ কাম চলি আছে।


## ছবিখনত ভাম্যমান জগতৰ কেইবাজনো অভিনেতা অভিনেত্ৰী লগতে কৌতুক অভিনেতা ত্ৰল্যোক্য সোনোৱালেও অভিনয় কৰিছে।


## সামাজিক ব্যধি, কু সংস্কাৰ আদি ইখনৰ পাছত সিখনকৈ চুটি ছবি নিৰ্মান কৰি আহিছে পৰিচালক ৰাজ শেষৰে।


## জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্য আগত লৈ এইবাৰ ৰাইজৰ মাজলৈ আগবঢ়াবলৈ লৈছে "খং নামে চণ্ডাল" নামৰ চুটি ছবিখন।


## এই ছবিখন অতি শীঘ্ৰে দৰ্শকৰ মাজলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে পৰিচালক ৰাজ শেষৰে।

Byte :- ১) পৰিচালকৰ, ২) অভিনেতা 


লখিমপুৰৰ পৰা ৰাহান  আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 2 March 2021

02 March 2021 বিলাহী চাৰিটকা ৰঙলাউ ১০ টকাকৈও বিক্ৰী হোৱানাই গোলাঘাটৰ দ চমুৱাৰ শগুনপাৰাৰ কৃষকৰ ৷ গোলাঘাট চহৰৰ কাষেৰে যোৱা মাতৃসম ধনশিৰি নদীৰ পাৰত আৰু ধনশিৰি এৰাসুতি শগুণপাৰা বিলৰ পাৰত খেতিকৰি জীৱন নিৰ্বাহ কৰিছে শ শ কৃষকে ৷ ৯৯শতাংশ কৃষক থকা এই গাঁওখনৰ কৃষকে চৰকাৰি আঁচনিলৈ ৰৈ নেথাকি নিজৰ কাম নিজেই কৰে ৷ তথাপিও তেওলোকৰ চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আছে তীব্ৰ ক্ষোভ ৷ কৃষক সকলৰ ভিতৰত ভাই চুতীয়া ; খগেনছেত্ৰী ; অতনী চুতীয়া আৰু তেওঁৰ পত্নী কল্পনা চুতীয়া আহিয়ে বতৰৰ কৃষিজাত ফচল বতৰত উত্পাদন কৰি বজাৰত বিক্ৰী কৰে খগেন বিভিন্ন কৃষকৰ লগতে এই তিনিটা কৃষক পৰিয়ালেও কৰা বিলাহী আৰু ৰঙালাউ খেটিত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ৷ বিভিন্ন ঠাইৰ পৰা যোৱা বেপাৰীক খাতিবাতি কৰিহে ফচল বিক্ৰী কৰিবলগা হৈছে ৷ সাৰুৱা পলসুৱা মাটিত কম পৰিমানৰ সাৰ প্ৰয়োগেৰে কৰা বিলাহীৰ প্ৰতিকেজি চাৰিটকা আৰু ৰঙলাউ দহটকাকৈও কিনাৰ বেপাৰীৰ অভাব ৷ বিলাহী দ’ম দ’ম কৰি বাৰিতেই ৰাখি বেপাৰীৰ আশাত ৰৈ থাকিবলগা হয় ৷ টঙীঘৰত নিশা হাতী ৰখি কৰা ৰঙলাউ হাতীয়ে ধাহিমুহি শেষ কৰিলে ৷ অবশিষ্ট খিনি গ্ৰাহক নোহোৱাত ঘৰৰ বাৰাণ্ডাতেই দ’মাই ৰখা হৈছে ৷ এওলোকৰ অভিযোগ যে ফচল বিক্ৰীৰ বজাৰ অভাৱ ৷ চৰকাৰে সময়ত সুবিধা দিলে এই সকলে আৰু অধিক ফচল উৎপাদন কৰিব পাৰিব ৷ আৰু নৱপ্ৰজন্মও কৃষিৰবাবে উৎসাহিত হব ৷ প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 02 March 2021


বিলাহী চাৰিটকা ৰঙলাউ ১০ টকাকৈও বিক্ৰী হোৱানাই গোলাঘাটৰ দ চমুৱাৰ শগুনপাৰাৰ কৃষকৰ ৷

গোলাঘাট চহৰৰ কাষেৰে যোৱা  মাতৃসম ধনশিৰি নদীৰ পাৰত আৰু ধনশিৰি এৰাসুতি শগুণপাৰা বিলৰ পাৰত

 খেতিকৰি জীৱন নিৰ্বাহ

 কৰিছে শ শ কৃষকে ৷ ৯৯শতাংশ কৃষক থকা এই গাঁওখনৰ কৃষকে চৰকাৰি আঁচনিলৈ ৰৈ নেথাকি নিজৰ কাম নিজেই কৰে ৷ তথাপিও তেওলোকৰ চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আছে তীব্ৰ ক্ষোভ ৷ কৃষক সকলৰ ভিতৰত ভাই চুতীয়া ; খগেনছেত্ৰী ; অতনী চুতীয়া আৰু তেওঁৰ পত্নী কল্পনা চুতীয়া আহিয়ে বতৰৰ কৃষিজাত ফচল বতৰত উত্পাদন কৰি বজাৰত বিক্ৰী কৰে খগেন বিভিন্ন কৃষকৰ লগতে এই তিনিটা কৃষক পৰিয়ালেও কৰা বিলাহী আৰু ৰঙালাউ খেটিত ব্যাপক লোকচানৰ সন্মুখিন হৈছে ৷ বিভিন্ন ঠাইৰ পৰা যোৱা বেপাৰীক খাতিবাতি কৰিহে ফচল বিক্ৰী কৰিবলগা হৈছে ৷   সাৰুৱা পলসুৱা মাটিত কম পৰিমানৰ সাৰ প্ৰয়োগেৰে কৰা বিলাহীৰ প্ৰতিকেজি চাৰিটকা আৰু ৰঙলাউ দহটকাকৈও কিনাৰ বেপাৰীৰ অভাব ৷ বিলাহী দ’ম দ’ম কৰি বাৰিতেই  ৰাখি বেপাৰীৰ আশাত ৰৈ থাকিবলগা হয় ৷ টঙীঘৰত নিশা হাতী ৰখি কৰা ৰঙলাউ হাতীয়ে ধাহিমুহি শেষ কৰিলে ৷ অবশিষ্ট খিনি গ্ৰাহক নোহোৱাত ঘৰৰ বাৰাণ্ডাতেই দ’মাই ৰখা হৈছে ৷ এওলোকৰ অভিযোগ যে ফচল বিক্ৰীৰ বজাৰ অভাৱ ৷ চৰকাৰে সময়ত সুবিধা দিলে এই সকলে আৰু অধিক ফচল উৎপাদন কৰিব পাৰিব ৷ আৰু নৱপ্ৰজন্মও কৃষিৰবাবে উৎসাহিত হব ৷


 প্ৰকাশ শৰ্মা গোলাঘাট   নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


NORTHEAST NEWS INDIA

Monday, 1 March 2021

01 March 2021*খেলপথাৰ লখিমপুৰ* Date :- 1/3/21## ২০০১ চনৰ পৰা বত্তৰ্মানলৈ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ উদ্যোগত সম্পূর্ণ নিজা প্ৰচেষ্টাত এই খেলপথাৰ খন মুকলি কৰাৰ পাছত আজি পয্যন্ত কোনো অনুদান নাই চৰকাৰী পক্ষৰ।## বিগত বৰ্ষত শুভাকাংক্ষী সহযোগত নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাই এটা পেভিলিয়ন স্থাপন কৰে।## এই বৰ্ষত খেলৰ ৰাহী হোৱা টকাৰে খেলপথাৰ খনত প্ৰায় ৩০০ টেক্টৰ মাটি পেলাবলৈ থিক কৰিছে।## আৰু ইতিমধ্যে এই কামো পূৰ্ণ গতিত চলি আছে।## সম্পাদকে জনোৱা মতে কোনো সদাশয় ব্যক্তি, চৰকাৰ তথা ৰাজনৈতিক নেটায়ে যদি এই খেলপথাৰ খনৰ বাবে অনুদান আগবঢ়াই তেন্তে নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ লগত যোগাযোগ কৰিব পৰে।## চৰকাৰেও যাতে অলপ সহায় আগবঢ়াই তাৰ বাবে অনুৰোধ জনাই সম্পাদকে।লখিমপুৰৰ পৰা ৰাহান আহমদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

01 March 2021

*খেলপথাৰ লখিমপুৰ* Date :- 1/3/21

## ২০০১ চনৰ পৰা বত্তৰ্মানলৈ নগৰৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ উদ্যোগত সম্পূর্ণ নিজা প্ৰচেষ্টাত এই খেলপথাৰ খন মুকলি কৰাৰ পাছত আজি পয্যন্ত কোনো অনুদান নাই চৰকাৰী পক্ষৰ।

## বিগত বৰ্ষত শুভাকাংক্ষী সহযোগত নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাই এটা পেভিলিয়ন স্থাপন কৰে।

## এই বৰ্ষত খেলৰ ৰাহী হোৱা টকাৰে খেলপথাৰ খনত প্ৰায় ৩০০ টেক্টৰ মাটি পেলাবলৈ থিক কৰিছে।

## আৰু ইতিমধ্যে এই কামো পূৰ্ণ গতিত চলি আছে।

## সম্পাদকে জনোৱা মতে কোনো সদাশয় ব্যক্তি, চৰকাৰ তথা ৰাজনৈতিক নেটায়ে যদি এই খেলপথাৰ খনৰ বাবে অনুদান আগবঢ়াই তেন্তে নগৰ পশ্চিমাঞ্চল ক্ৰিয়া সন্থাৰ লগত যোগাযোগ কৰিব পৰে।

## চৰকাৰেও যাতে অলপ সহায় আগবঢ়াই তাৰ বাবে অনুৰোধ জনাই সম্পাদকে।


লখিমপুৰৰ পৰা ৰাহান আহমদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

01 March, 2021ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা গোলাঘাটৰ কমাৰবন্ধাত প্ৰায় আঢ়ৈ লাখ টকা আৰু বিদেশী সুৰা জব্দ । গোলাঘাট, ১ মাৰ্চ : গোলাঘাট থানাৰ অন্তৰ্গত কমাৰবন্ধা আৰক্ষী চকীৰ অধীনৰ কমাৰবন্ধাৰ পৰা আজি গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ প্ৰায় আঢ়ৈ লাখ টকাৰ লগতে দলটোৱে ৯টা বিভিন্ন আকাৰৰ বিদেশী সুৰাৰ বটলো জব্দ কৰে । গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

01 March, 2021

ষ্টেটিক ছাৰ্ভিলেন্স দলৰ দ্বাৰা গোলাঘাটৰ কমাৰবন্ধাত  প্ৰায় আঢ়ৈ লাখ টকা আৰু বিদেশী সুৰা জব্দ । 

গোলাঘাট, ১ মাৰ্চ : গোলাঘাট থানাৰ অন্তৰ্গত  কমাৰবন্ধা আৰক্ষী চকীৰ অধীনৰ কমাৰবন্ধাৰ পৰা আজি গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু ফ্লায়িং স্কোৱাডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ প্ৰায় আঢ়ৈ লাখ টকাৰ লগতে দলটোৱে ৯টা বিভিন্ন আকাৰৰ বিদেশী সুৰাৰ বটলো জব্দ কৰে । 

গোলাঘাটৰ পৰা সঞ্জীৱ কুমাৰ প্ৰজাপতি
 নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...