26 February, 2021
কাস্মিৰি আপেল বগৰি : থাইলেণ্ড বগৰি ;অমিতা;ষ্ট্ৰবেৰী আম খেতিৰে স্বাৱলম্বী হৈছে শগুণপাৰাৰ ভাই চুতীয়াৰ পৰিয়াল ৷
: ২৬ ফেব্ৰুৱাৰী
কাস্মিৰি আপেল বগৰি ; থাইলেণ্ড বগৰী অমিতা ; আম আৰু ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দৰ্শন দেখুৱাইছে গোলাঘাটৰ শগুণপাৰা গাঁৱৰ কৃষক ভাই চুতীয়াই ৷ ভাইচুতীয়াৰ দুই পুত্ৰ কৰ্মে নৱজিৎ আৰু তীব্ৰজ্যোতিএ পঢ়াশুনা সাং কৰি কেইবাটাও বছৰ চৰকাৰি চাকৰী বিচাৰি সময় পাৰ কৰিলে ৷ কিন্ত শিক্ষিত হৈও চাকৰি নেপানে নৱজিৎ আৰু তীব্ৰজ্যোতিয়ে ৷ সেয়েহে দেউতাক মাকৰ পৰামৰ্শমতে দুয়ো মনদিলে উদ্যানশষ্যৰ খেটিত ৷ ২০১৮ চনত পৰিয়ালটোৱে নিজৰ ঘৰৰ পিছফালে থকা ৬ বিঘা মাটিত কাস্মিৰি আপেল বগৰী আৰু থাইলেণ্ড বগৰীৰ পুলি ৰোপণ কৰিলে ৷ আৰম্ভ হল তেওঁলোকৰ আচ্ছেদিন দুয়োটা খেটিতেই যথেষ্টখিনি লাভ হ’ল ৷ বগৰীবাৰীৰ খেটিৰ ঢ়াপত দুশজোপা উন্নত প্ৰজাটিৰ অমিতা ৰোপণ কৰিলে ৷ কৃষিবিভাগে বিনামূলীয়াকৈ দিয়া ষ্ট্ৰবেৰীৰ পুলীওএকঠা
মাটিত ৰোপন কৰিলে ৷ এই সকলো খেটিৰ ফচল একেবছৰতে বিক্ৰী কৰা আৰম্ভ কৰিলে এতিয়া ভাইচুতীয়াৰ বাৰীখনত আম ফুলিছে ৷গছত লাগিথকা ৰঙা ষ্ট্ৰবেৰী ; পকা বগৰীৰ সুগন্ধই আমোলমুলাই থাকে তেওৰ বাৰিখন ৷ গছতে পকা অমিতা প্ৰতিকেজিত ১০০ টকা আৰু কেছা অমিটা ৪০ টকাকৈ বিক্ৰী কৰিছে ৷ ষ্ট্ৰবেৰী ৪০০ টকা আৰু কাস্মিৰি আপেল বগৰী প্ৰতিকেজিত ৪০০ টকা থাইলেণ্ডবগৰী ৫০ টকাকৈ বিক্ৰী কৰি লাভবান হৈছে ৷ চৰকাৰে তেওক ষ্ট্ৰবেৰীৰ পুলি দিছিল যদিও পুলিৰোপনৰ সময় পাৰহোৱাৰ পিছত নিম্ন মানদণ্ড পুলি দিয়াৰ বাবেই সেই খেটিত বিশেষ লাভহোৱা নাই ৷ চৰকাৰৰ কৃষিবিভাগৰ অধীনৰ উদ্যানশষ্য বিভাগে সহায়ৰ হাত আগবঢ়ালে এই পৰিয়ালটোৱে আৰু অধিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে নৱপ্ৰজন্মৰ কৃষিকাৰ্যত যথেষ্টখিনি উৎসাহ পাববুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷ ::
প্ৰকাশ শৰ্মা গোলাঘাট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া