22 December, 2020
*লখিমপুৰ প্ৰশিক্ষণ* Date :- 22/12/2020
## পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত তিনিদিনিয়া এক প্ৰশিক্ষন শিবিৰৰ আজি শুভাৰাম্ভ কৰা হয়।
## লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বাৰা আজিৰে পৰা তিনিদিনিয়াকৈ মহাবিদ্যালয়ৰ প্ৰশিক্ষণ কক্ষত ধেমাজি জিলাৰ পশু সখী প্ৰায় ২৩ গৰাকী লোকে পশু কৰ্মশলাত প্ৰশিক্ষণ গ্ৰহণ কৰে।
## বৈজ্ঞানিক পদ্ধতিৰে পশুধন কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে বিতং ভাবে প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰশিক্ষক সকলে।
## এই কৰ্ম্মশালাখনি শুভ উদ্ধোধন কৰে লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডা° উমা ৰাম তামুলীয়ে।
## গো পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে সহকাৰী অধ্যাপক ডা° কৰুণা শইকীয়াই।
## এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° কন্দৰ্প বৰুবা, ডা° আচিচ শইকীয়া, ডা° সিদ্ধাৰ্থ পাঠক, ডা° দীপ জ্যুতি মহন্ত, ডা° চানা থয় খুমন, ডা° বিজু বৰা, ডা° নয়ন জ্যোতি পাথক, ডা°আদিত্য বৰুৱা, ডা° গোনজিত দাস, ডা° অৰুণোদয় দাস, ডা° দিপান্দীতা বৰমন,ডা° মনোজ কুমাৰ কলিতা আৰু ডা° বিৰাজ শৰ্মাই।
## কেনেকৈ ব্যৱসায়ীক ভিক্তিত পশু পালন কৰিব লাগে আৰু কেনে ধৰনৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশিক্ষক সকলে এই বিষয়ে অৱগত কৰোৱাই।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
VIDEO