19 December, 2020
গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয় মূখৰিত হ'ল অজন্তা হটাও ধ্বনিৰে। আগদিনা জিলা সভাপতি পদৰ পৰা অজন্তা নেওগক অপসাৰণ কৰাৰ পিছত শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসন্ধান দল।প্ৰাক্তন বিধায়ক তথা AICC ৰ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত বিস্মিতা গগৈ,বিধায়ক জাকিৰ হুচেইন চিকদাৰ,জ্যেষ্ঠ কংগ্ৰেছী নেতা হিৰণ্য বৰা,ব্ৰজেন সন্দিকৈ সহ পাঁচজনীয়া অনুসন্ধান দল গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত তৃণমূল কৰ্মীৰে আলোচনাত মিলিত হয়।আলোচনাৰ অন্তত সাংবাদিকৰ প্ৰশ্নত দলপতি ৰাণা গোস্বামীয়ে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত গোলাঘাটত কংগ্ৰেছ শক্তিশালী হব বুলি স্পষ্ট কৰে।গোলাঘাটত অনুসন্ধান দল উপস্থিত হৈ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ কোনো ক্ষতি নকৰে বুলি হুংকাৰ দিলেও বাস্তৱ ছবিখন কিছু বিপৰীত।
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷