19 December, 2020
অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ।
মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
19 December, 2020
অজন্তা নেওগক বিজেপিলৈ উস্ম আদৰণি গোলাঘাট জিলা বিজেপিৰ।
মেৰাপানীৰ পৰা ৰাজু বৰুৱাৰ ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
19 December, 2020
নুমলীগড়ত বন্যহাতীৰ উপদ্ৰৱ অব্যাহত ৷ ধাননি পথাৰ উদং হোৱাৰ পিছত এতিয়া গাৱঁৰ বাৰী ঘৰ তহিলং কৰি গৃহহীন হৈ পৰিছে কেবাটাও পৰিয়াল ৷ আজি পুৱতী নিশা মৰঙিৰ পানীকৰা গাৱঁৰ ৫ নং ৱাৰ্ডৰ ৰমেশ পানিকাৰ সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰাৰ লগতে নৰেন ঠেঙালৰ ভঁৰালৰ ধান আৰু বাৰীৰ কল নাৰিকল গছ খাই ধাহি মুহি উপদ্ৰৱ চলায় এটা হাতীৰ জাকে ৷ ভয়াবহভাৱে বৃদ্ধি পোৱা হাতীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা হৈছে মৰঙিৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ৷
গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷
19 December, 2020
*Lakhimpur Tarun Gogoi Sita Bhashmao* Date :- 19/12/2020
## দুদিনীয়া কাৰ্য্যসূচীৰে উত্তৰ অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা।
## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ উত্তৰ অসমৰ বিশ্বনাথ, বিহপুৰীয়া, ধেমাজিৰ লখিমপুৰ আৰু লালুকত পুত্ৰ গৌৰৱ গগৈ।
## লখিমপুৰ ত্যাগক্ষেত্ৰত জননেতা গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
## বিসৰ্জনৰ পূৰ্বে লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত দলীয় নেতা-কৰ্মীৰ উপৰি অলেখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
## এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন , প্ৰক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ ৰানী নৰহ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভৰত চন্দ্ৰ নৰহ, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু , লখিমপুৰৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই , জিলা কংগ্ৰেছৰ সভাপতি জয়প্ৰকাশ দাসৰ লগতে বিভিন্ন দ'ল সংগঠনটৰ বিষয়ববীয়াই প্ৰয়াত নেতা গৰাকীক স্মৰণ কৰে।
## ত্যাগ ক্ষেত্ৰৰ পৰা চিতাভষ্ম লৈ প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ লগতে দলীয় নেতা কৰ্মীয়ে লখিমপুৰ জিলা নগৰৰ মাজেৰে পদযাত্ৰ কৰি ৰঙানদীত বিষৰ্জনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
## আনহাতে এই অনুষ্ঠানতে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি এক সৰ্ধৰ্বৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ আত্মজীৱনী বহুকেইখন গণ্ঠ লখিমপুৰ মহাবিদ্যালয়, লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু ঘিলামৰা মহাবিদ্যালয়লৈ প্ৰদান কৰে গৌৰৱ গগৈয়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
18 December, 2020
২০১৯ বৰ্ষৰ গোলাঘাট জিলাৰ সুৰা ট্ৰেজেডীৰ অন্য এক কৰুণ অধ্যায়। চিকিৎসা অবিহনেই মৃত্যু ঘটিল এগৰাকী কিশোৰীৰ।
,
২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ভিতৰতে সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত। ইয়াৰে গোলাঘাটৰ শালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাই মদে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ। তেনে এটি অভিসপ্ত পৰিয়াল আছিল গোলাঘাট গ্ৰান্টৰ অজিত গোৱালাৰ। বিষাক্ত চুলাই মদ সেৱন কৰাৰ ফলত প্ৰাণ লৈছিল পৰিয়ালটোৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃৰ। ইহসংসাৰত থাকি গ'ল তিনিটা সন্তান। ইয়াৰে কন্যা চনিয়া গোৱালা আৰু ফচনু গোৱালাক বোকাখাতৰ এখন আশ্ৰমে তেতিয়াই পোহপালৰ দায়িত্ব লৈ লৈ গৈছিল বোকাখাত লৈ। কিন্তু কিছু মাহৰ পূৰ্বে দুয়োটি সন্তানকে কাকো নজনোৱাকৈয়ে নিজ গাঁৱত এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই। তাৰপিছত দিশহাৰা হৈ পৰিছিল দুৰ্ভগীয়া সন্তান কেইটা। নিজৰ ঘৰৰ এটা ভেটি থকাৰ পিছতো থাকিবৰ বাবে এখন ঘৰ নোহোৱা হ'ল সন্তান কেইটাৰ৷ যাৰবাবে সন্তান কেইটাই দিনটো অনাই বনাই ঘূৰি ফুৰাৰ পিছত নিশা বিভিন্নজনৰ বাৰণ্ডাতে পাৰ কৰিবলগীয়া হ'ল এক দুৰ্বিসহ জীৱন।৷ বর্তমান এই দুর্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ নামি আহিছে অমানিশা৷ তেঁওলোকৰ একমাত্ৰ ভন্টি চনিয়া গোৱালাৰ কালি হঠাতে মৃত্যু হোৱাৰ পাছতে বহু কথাই পোহৰলৈ আহিছে। আজি কিছুদিনৰ পৰা চনিয়াৰ স্বাস্থ্য অসুস্থ হোৱাত অর্থৰ অভাৱত চিকিৎসা অবিহনেই তেওঁৰ মৃত্যু ঘটে । ৷ উল্লেখ্য যে কণমানিকেইটাক সেইসময়তে চৰকাৰে পৰিয়ালৰ দুজন মৃত্যু হোৱাৰ বাবে দুই লাখ কৈ মুঠ চাৰি লাখ টকা অনুদান দিছিল৷ কিন্তু বহুবাৰ বেংক আৰু বিভিন্ন জনৰ সহায় বিচাৰিও টকাকেইটা লাভ নকৰিলে৷ অৱশেষত চিকিৎসাৰ অভাৱত নিয়তিৰ ওচৰত হাৰ মানিলে একমাত্ৰ ভন্টি চনিয়া গোৱালা৷ বর্তমান বহু প্ৰশ্নই উত্থাপিত হৈছে বোকাখাতৰ কোনখন আশ্ৰমে সন্তান দুটাক নিঠৰুৱা কৰি এৰি গ"ল আৰু কিয় কাকো একো নকোৱাকৈ গাওঁ খনত এৰি থৈ গ'ল হি আদি প্ৰশ্নবোৰে এতিয়া সকলোৰে মন আৱৰি ধৰিছে। নিজৰ ভন্টিৰ চিকিৎসাৰ বাবে কিয় নিজৰ প্ৰাপ্য লাভ নকৰিলে কিশোৰ কেইজনে৷ বর্তমান এগৰাকী আত্মীয়ৰ সহায়ত চানিয়াৰ অন্তিম কার্যৰ সম্পন্ন কৰিলে কিশোৰ দুজনে। কিন্তু কি হ'ব এতিয়া এই কিশোৰ দুজনৰ ভবিষ্যত - দুৰ্ভগীয়া কিশোৰ দুজনক কোনে এতিয়া জীৱনৰ পথ দেখুৱাব অথবা এই লৈ জিলা প্ৰশাসনৰ ভূমিকা কি হ'ব - এই বোৰ এতিয়া সকলোৰে মনত উদয হোৱা প্ৰশ্ন ! ::
18 December, 2020
মাইক্ৰ'ফাইনেঞ্চ কম্পানীৰ অবাধ লুন্ঠন । অাৰু মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ লোণ ৰেহাইৰ দাৱীত গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ প্ৰতিবাদ গোলাঘাট ১৮ ডিচেম্বৰ
NDfC-MFI বিত্তীয় প্ৰতিস্থান সমূহে অধিক সূদৰ হাৰত ঋণ দি গ্ৰাম্য অঞ্চলৰ মহিলাক লুণ্ঠন বন্ধ কৰা অাৰু মহিলা সকলক ৰেহাই দিয়াৰ সন্দৰ্ভত অাজি গোলাঘাট জিলা ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰায় তিনি শতাধিক ভূক্তভূগী মহিলাৰ উপস্থিতত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বিভিন্ন শ্লো'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদুৎ শইকীয়া , অনুসুচিত জাতি ছাত্ৰ সন্থান কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস ,বিৰ লাচিত সেনা জিলা সভাপতি অমৃত গগৈ , টাই অাহোম ছাত্ৰ সন্থাৰ জিলা সম্পাদক গৌতম লাহন , চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাঞ্জল তামুলী , চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক মোবাৰক অালি , নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদিকা বিমলা গগৈ অাৰু গোলাঘাট জিলা ছাত্ৰ মুক্তিৰ বিষয়বৱীয়া উপস্থিত থাকে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সম্পাদক সু-প্ৰতিম ৰাজখোৱা , জ্যোতিষ্মান বৰাই অাট ধৰাৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি বিদুৎ শইকীয়াই ভাষন প্ৰসংগত NDFC- MFI বিত্তীয় প্ৰতিস্থানসমূহে ৰিৰ্জাভ বেংকৰ নিতী নিয়ম নমনাকৈ যথে মধে লোণ দিয়াৰ লোণ ঘূৰোৱা নামত সাধাৰ পৰিয়ালক শাৰাশস্তি কৰাৰ বিৰোধিতা কৰাৰ লগতে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী তথা MFI বেচৰকাৰী বেংক সমূহ যেনে বন্ধন অাৰোহন , উজ্জীৱন , চেটিংছ অাদি কৰি বেংক সমূহে গ্ৰাম্য অঞ্চলত অধিক হাৰত সূদলৈ ধন দি নীতি বৰ্হিভূত ভাৱে যি ধন ঘটাৰ প্ৰতিযোগিতা অাৰম্ভ কৰিলে, ইয়াৰ ফলত সমগ্ৰ গ্ৰাম্য অৰ্থনিতি ভাঙি ইতিমধ্যে থান বান হৈ গৈছে লগতে গ্ৰম্য সমাজত বহুত ধৰণৰ সমস্যাই গা কৰি উঠিছে বুলি বক্তব্য দিয়াৰ লগতে চৰকাৰ খনে এইসমূহ ফাইনেঞ্চ কোম্পানীক নাকী লগোৱাৰ চুৰান্ত ভাৱে বিফল বুলি মন্তব্য কৰে । ছাত্ৰ মুক্তিৰ গোলাঘাট জিলা সম্পাদক ৰূপম গগৈয়ে ভাষণ প্ৰসংগত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ কৃস্তি দিব নোৱাৰী বহু মহিলাই তথা পৰিয়ালে অাত্মহত্যাৰ দৰে পথ লব লগাতো অতি দুৰ্ভাগ্যজনক অাখ্যা দিয়াৰ কৃস্তি বিচাৰি মহিলা সকলক বেংক কৰ্মচাৰী সকলে মানসিক শাৰিৰীক অত্যাচাৰ, ভয় ভাবুকি প্ৰদান কৰাতো কেতিয়াও মানি লোৱা নহব বুলি মন্তব্য প্ৰকাশ কৰে অাৰু এনেধৰণৰ কৃস্তি উঠোৱা নামত যাতে কেতিয়াও কোনো মহিলা তথা পৰিয়ালক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনক ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে । লকডাউন পাছত সমগ্ৰ দেশৰ অৰ্থনিতি তচ নচ হৈ যোৱাৰ সময়ত মাইক্ৰ'ফাইনেঞ্চ কোম্পানী ১০০ শতাংই লোণ মাফ কৰি দিব লাগিব বুলি সংগঠনতোৱে দাৱী উথ্থাপন কৰি গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি মাননীয় মূখ্যমন্ত্ৰী , বিত্ত মন্ত্ৰী , ভাৰতীয় ৰিৰ্জাভ বেংকৰ অাঞ্চলিক প্ৰৱন্ধকলৈ প্ৰতিলিপি প্ৰেৰণ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ মুক্তিৰ গোলাঘাট জিলাৰ কাৰ্যকাৰী সভাপতি অৰিন্দ্ৰম তামুলীয়ে ।
কল্পনা ফুকনৰ ৰিপৰ্ট গোলাঘাট
NORTHEAST NEWS INDIA
18 December, 2020
*এলাহাবাদত অভিনৱ থিয়েটাৰৰ নাটক প্ৰযোজনা* Date :- 18/12/2020
## লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰ ভাৰতৰ এক প্ৰতিষ্ঠিত নাট্য গোষ্ঠী।
## ২০১২ চনৰ পৰা একেৰাহে পৰিচালক দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত ৰাষ্ট্ৰীয় পয্যাৰ্য়ৰ বিভিন্ন নাটকৰ সমাৰোহত নাট মঞ্চস্থ কৰি অভিনৱ থিয়েটাৰে লখিমপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
## ব্যক্তিক্ৰমী ধৰনে নাটক প্ৰযোজনা কৰা এই নাট্যগোষ্ঠীটোৱে এই বাৰ লকডাউনৰ দীৰ্ঘকাল বিৰতিৰ পিছত যোৱা ১৬ ডিচেম্বৰ,২০২০ তাৰিখে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজন কৰা আধাৰশিলা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত হিন্দী ভাষাৰ নাটক “কলাজ অৱ লাইফ” দয়াল কৃষ্ণ নাথৰ পৰিকল্পনা আৰু পৰিচালনাত মঞ্চস্থ কৰে।
## সমাজ ব্যৱস্থা , ৰাজনৈতিক ব্যৱস্থাৰ কু কৰ্মৰ ছৱি দাঙি ধৰি সৰ্ম্পূণ থলুৱা সংগীত ব্যয়হাৰ কৰি সজাই তোলা এই নাটকখনি ভাৰতৰ লগতে অসমৰ বিভিন্ন ঠাইৰ শিল্পী সকলৰ সমাৱেশত মঞ্চস্থ কৰা হয়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...