Saturday, 12 December 2020

12 December, 2020 *লখিমপুৰ কা আন্দোলন* Date :- 12/12/2020 ## লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ CAA বাতিলৰ দাবীত জাতীয় গৰ্জনৰ কার্যসূচী। ## আজি লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতি ধ্বংসি বিধেয়ক CAA বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ## কোনোপধ্যে এই CAA হবলৈ দিব নোৱাৰি বুলি হুংকাৰ , আৰু ২০২১ ৰ নিৰ্বাচনত BJP চৰকাৰৰক গাদিচ্যুত কৰাৰ হুংকাৰ দিয়ে। ## ইয়াৰ লগতে অখিল গগৈ ক বিনা ৰ্চতে মুক্তি দিবলৈ আহ্বান জনাইছে, অন্যথা তিব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ## আনহাতে এই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি লখিমপুৰ হনুমান মন্দিৰৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ## অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, মটক ছাত্ৰ সন্থাকে আদিকৰি প্ৰায় ১৯ টা সংগঠনৰ সহযোগত এই গণ হুংকাৰ কাৰ্যসূচী আয়োজন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 12 December, 2020


*লখিমপুৰ কা আন্দোলন* Date :- 12/12/2020


## লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ CAA বাতিলৰ দাবীত জাতীয় গৰ্জনৰ কার্যসূচী।


## আজি লখিমপুৰ জিলা  উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জাতি ধ্বংসি বিধেয়ক CAA বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।


## কোনোপধ্যে এই CAA হবলৈ দিব নোৱাৰি বুলি হুংকাৰ , আৰু ২০২১ ৰ 

নিৰ্বাচনত  BJP চৰকাৰৰক গাদিচ্যুত কৰাৰ হুংকাৰ দিয়ে।


## ইয়াৰ লগতে  অখিল গগৈ ক বিনা ৰ্চতে মুক্তি দিবলৈ আহ্বান জনাইছে, অন্যথা তিব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।



## আনহাতে এই জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি লখিমপুৰ হনুমান মন্দিৰৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে।


## অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, মটক ছাত্ৰ সন্থাকে আদিকৰি প্ৰায় ১৯ টা সংগঠনৰ সহযোগত এই গণ হুংকাৰ কাৰ্যসূচী আয়োজন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Friday, 11 December 2020

11 December, 2020 *লখিমপুৰ কা আন্দোলন* Date :- 11/12/2020 কা আন্দোলনৰ পুণৰ উকমূকনি। যি পৰ্যন্ত কা বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে।আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ LIC কায্যালয়ৰ সন্মুখত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত কা বাতিলৰ দাবীৰে ক'লা পতাকা প্ৰদৰ্শন কৰে। কা বাতিলৰ আন্দোলন তীব্ৰতৰ কৰি নিয়া সংকল্প লয় আছুৱে। আৰু যি সময়লৈ কা বাতিল নহয় সেই সময়ৰলৈকে আন্দোলন চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*লখিমপুৰ কা আন্দোলন* Date :- 11/12/2020


কা আন্দোলনৰ পুণৰ উকমূকনি। যি পৰ্যন্ত কা বাতিল নহয় তেতিয়ালৈকে আন্দোলন চলি থাকিব। এই কথা জানিবলৈ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে।আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ LIC কায্যালয়ৰ সন্মুখত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। আনহাতে সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে আজি লখিমপুৰ জিলা উপায়ুক্তৰ কার্য্যলয়ৰ সন্মুখত কা বাতিলৰ দাবীৰে ক'লা পতাকা প্ৰদৰ্শন কৰে। কা বাতিলৰ আন্দোলন তীব্ৰতৰ কৰি নিয়া সংকল্প লয় আছুৱে। আৰু যি সময়লৈ কা বাতিল নহয় সেই সময়ৰলৈকে আন্দোলন চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


11 December, 2020 *নিবনুৱা সন্থা প্ৰতিবাদ লখিমপুৰ* Date :- 11/12/2020 লখিমপুৰ পৌৰসভা বিৰোদ্ধে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উত্তাল প্ৰতিবাদ। নগৰখনৰ নলা নৰ্দমাৰ সমুহ চাফ নকৰা, নলা উপৰত কোনো ধাকনী নিদিয়া, পদ পথৰ উপৰত ব্যৱসায় কৰা লোকক প্ৰশাসনে উচ্চেদ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। তেওলোকৰ এই দাবীসমূহ পূৰণ নকৰিলে আগন্তক দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*নিবনুৱা সন্থা প্ৰতিবাদ লখিমপুৰ* Date :- 11/12/2020


 লখিমপুৰ পৌৰসভা বিৰোদ্ধে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতি উত্তাল প্ৰতিবাদ। নগৰখনৰ নলা নৰ্দমাৰ সমুহ চাফ নকৰা, নলা উপৰত কোনো ধাকনী নিদিয়া, পদ পথৰ উপৰত ব্যৱসায় কৰা লোকক প্ৰশাসনে উচ্চেদ কৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত আজি নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। তেওলোকৰ এই দাবীসমূহ পূৰণ নকৰিলে আগন্তক দিনত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিয়ে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


11 December, 2020 *Tetanus plus campaining Lakhimpur* Date :- 11/12/2020 লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিনামূলীয়া ধনুষস্টংকাৰ (টিটেনাচ প্লাচ) প্ৰতিশেধক প্ৰদান কৰা হব। এই কথা সদৰি কৰে জিলা প্ৰতিষেধক বিষয়াই। আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়া ক্ৰমে ডা: মাধৱ চন্দ্ৰ ফুকন আৰু উত্তৰ লখিমপুৰ আৰবান চেলৰ চিকিৎসা বিষয়া ডা: পুলক বৰগোহাঁই আৰু লখিমপুৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন গগৈ উপস্থিত থাকি কয় যে বত্তৰ্মান চৰকাৰে স্বাস্থ্য সেৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এনেবোৰ প্ৰতিশেধক আচনিঁ গ্ৰহণ কৰিছে। সকলো ৰাইজে এই অভিযানত সৰ্ম্পূণ সহযোগ কৰি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে চিকিৎসা বিভাগে। সমগ্ৰ অসমৰ লগতে লখিমপুৰতো অহা ১৪ ডিচেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 11 December, 2020


*Tetanus plus campaining Lakhimpur* Date :- 11/12/2020


 লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিনামূলীয়া ধনুষস্টংকাৰ (টিটেনাচ প্লাচ) প্ৰতিশেধক প্ৰদান কৰা হব। এই কথা সদৰি কৰে জিলা প্ৰতিষেধক বিষয়াই। আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়া ক্ৰমে ডা: মাধৱ চন্দ্ৰ ফুকন আৰু উত্তৰ লখিমপুৰ আৰবান চেলৰ চিকিৎসা বিষয়া ডা: পুলক বৰগোহাঁই আৰু লখিমপুৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন গগৈ উপস্থিত থাকি  কয় যে বত্তৰ্মান চৰকাৰে স্বাস্থ্য সেৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এনেবোৰ প্ৰতিশেধক আচনিঁ গ্ৰহণ কৰিছে। সকলো ৰাইজে এই অভিযানত সৰ্ম্পূণ সহযোগ কৰি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে চিকিৎসা বিভাগে। সমগ্ৰ অসমৰ লগতে লখিমপুৰতো অহা ১৪ ডিচেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া




Thursday, 10 December 2020

10 December, 2020 *বিশ্ব মানৱ ধিকাৰ দিৱস পালন* Date :- 10/12/2020 আজি বিশ্ব মানৱ অধিকাৰ দিৱস। এই উপলক্ষে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে নাগৰিক ন্যায় বিভাগ, অসম ৰাজ্যিক বৰ্ডৰ উদ্যোগত আৰু লখিমপুৰ জিলা বৰ্ডৰ সহযোগত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত কৰোনা যোদ্ধা সকলক প্ৰশংসা পত্ৰ বিতৰণ কৰি সৰ্ম্বধনা জনোই। আনহাতে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণৰ সপ্তাহ হিচাপে আজিৰে পৰা ১৬ ডিচেম্বৰলৈ শুভাআৰম্ভ কৰে। এই অনুস্থানত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ লখিমপুৰ জিলা সভাপতি নাৰায়ণ চন্দ্ৰ মহন্ত,চিকিৎসক ডা:নিখিল কাকতি, সৰ্ব্ব শিক্ষা অভিযান মিচনৰ জিলা আচঁনি বিষয়া নিভাৰানী শইকীয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই উপলক্ষে চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিক আৰু জিলা দূৰ্যোগ ব্যৱস্থাপনা লগত জৰিত প্ৰায় ৩২ জন লোকক এই সন্মান জনোৱা হয় । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 10 December, 2020


*বিশ্ব মানৱ ধিকাৰ দিৱস পালন* Date :- 10/12/2020


আজি বিশ্ব মানৱ অধিকাৰ দিৱস। এই উপলক্ষে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে নাগৰিক ন্যায় বিভাগ, অসম ৰাজ্যিক বৰ্ডৰ উদ্যোগত আৰু লখিমপুৰ জিলা বৰ্ডৰ সহযোগত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত কৰোনা যোদ্ধা সকলক প্ৰশংসা পত্ৰ বিতৰণ কৰি সৰ্ম্বধনা জনোই। আনহাতে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণৰ সপ্তাহ হিচাপে আজিৰে পৰা ১৬ ডিচেম্বৰলৈ  শুভাআৰম্ভ কৰে। এই অনুস্থানত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ লখিমপুৰ জিলা সভাপতি নাৰায়ণ চন্দ্ৰ মহন্ত,চিকিৎসক ডা:নিখিল কাকতি, সৰ্ব্ব শিক্ষা অভিযান মিচনৰ জিলা আচঁনি বিষয়া নিভাৰানী শইকীয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই উপলক্ষে চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিক আৰু জিলা দূৰ্যোগ ব্যৱস্থাপনা লগত জৰিত প্ৰায় ৩২ জন লোকক এই সন্মান জনোৱা হয় ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Wednesday, 9 December 2020

09 December, 2020 *Lakhimpur Accident* Date :- 09/12/2020 লখিমপুৰৰ ডিজু ৰামপুৰ-ঘুৰণীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত তিনি জন যুৱক। AR 01R 1955 নম্বৰৰ চুপাৰ ইস্পেলণ্ডাৰ বাইকে গৈ আছিল তিনি যুৱক। নিহত যুৱক তিনিজন হৈছে জেহেৰুল ইচলাম, নিজাম উদ্দিন আৰু শ্বাহজাহান আলী। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখন। ঘটনাস্থলীত তীব্ৰ উত্তেজনা, পথ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ। মৃতদেহ উদ্ধাৰত আৰক্ষীক বাধা শ-শ লোকৰ। উক্ত পথেৰে দৈনিক চলে শিল-বালি ভৰ্তি শ শ ডাম্পাৰ। তীব্ৰ বেগী দাম্পাৰ সূহক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী। যাৰবাবে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় এই পথটোত। আৰু আজি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় ৰাইজে । লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 09 December, 2020


*Lakhimpur Accident* Date :- 09/12/2020


 লখিমপুৰৰ ডিজু ৰামপুৰ-ঘুৰণীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত তিনি জন যুৱক।

 AR 01R 1955 নম্বৰৰ চুপাৰ ইস্পেলণ্ডাৰ বাইকে গৈ আছিল তিনি যুৱক। নিহত যুৱক তিনিজন হৈছে জেহেৰুল ইচলাম, নিজাম উদ্দিন আৰু শ্বাহজাহান আলী। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখন। ঘটনাস্থলীত তীব্ৰ উত্তেজনা, পথ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ। মৃতদেহ উদ্ধাৰত আৰক্ষীক বাধা শ-শ লোকৰ। উক্ত পথেৰে দৈনিক চলে শিল-বালি ভৰ্তি শ শ ডাম্পাৰ। তীব্ৰ বেগী দাম্পাৰ সূহক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী। যাৰবাবে প্ৰায়েই  দুৰ্ঘটনা সংঘটিত হয় এই পথটোত। আৰু আজি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় ৰাইজে ।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Tuesday, 8 December 2020

08 December, 2020 *লখিমপুৰত অগ্নিকাণ্ড* Date :- 08/12/2020 লখিমপুৰ দলোহাটত বিধঙ্ঘি অগ্নিকাণ্ড। ভাৰত বন্ধ চলি থকা সময়তে আজি লখিমপুৰ জিলা দলোহাট তিনিআলিত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত প্ৰায় ৫ কোটি টকা সা সম্পত্তি অগ্নিদগ্ধ।বাষৰ শইকীয়া নামৰ লোকজনৰ ভাৰাতীয়া হিচাপে থকা প্ৰায় ১৮ দোকান এই অগ্নিকাণ্ড ফলত ভস্মীভূত হয়। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খনকৈ গাড়ীৰে জুই নুমাবলৈ সক্ষম হয়।এই মূহুত্তলৈ কি কাৰনে এই জুই সুত্ৰপাত হ'ল জানিব পৰা নাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 December, 2020


*লখিমপুৰত অগ্নিকাণ্ড* Date :- 08/12/2020


 লখিমপুৰ দলোহাটত বিধঙ্ঘি অগ্নিকাণ্ড। ভাৰত বন্ধ চলি থকা সময়তে আজি লখিমপুৰ জিলা দলোহাট তিনিআলিত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত প্ৰায় ৫ কোটি টকা সা সম্পত্তি অগ্নিদগ্ধ।বাষৰ শইকীয়া নামৰ লোকজনৰ ভাৰাতীয়া হিচাপে থকা প্ৰায় ১৮ দোকান এই অগ্নিকাণ্ড ফলত ভস্মীভূত হয়। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খনকৈ গাড়ীৰে জুই নুমাবলৈ সক্ষম হয়।এই মূহুত্তলৈ কি কাৰনে এই জুই সুত্ৰপাত হ'ল জানিব পৰা নাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


মোৰ জাতি এটাই

মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India