09 December, 2020
*Lakhimpur Accident* Date :- 09/12/2020
লখিমপুৰৰ ডিজু ৰামপুৰ-ঘুৰণীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত তিনি জন যুৱক।
AR 01R 1955 নম্বৰৰ চুপাৰ ইস্পেলণ্ডাৰ বাইকে গৈ আছিল তিনি যুৱক। নিহত যুৱক তিনিজন হৈছে জেহেৰুল ইচলাম, নিজাম উদ্দিন আৰু শ্বাহজাহান আলী। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখন। ঘটনাস্থলীত তীব্ৰ উত্তেজনা, পথ বন্ধ কৰি তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ। মৃতদেহ উদ্ধাৰত আৰক্ষীক বাধা শ-শ লোকৰ। উক্ত পথেৰে দৈনিক চলে শিল-বালি ভৰ্তি শ শ ডাম্পাৰ। তীব্ৰ বেগী দাম্পাৰ সূহক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী। যাৰবাবে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় এই পথটোত। আৰু আজি এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই উত্তপ্ত হৈ পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় ৰাইজে ।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India