11 December, 2020
*Tetanus plus campaining Lakhimpur* Date :- 11/12/2020
লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিনামূলীয়া ধনুষস্টংকাৰ (টিটেনাচ প্লাচ) প্ৰতিশেধক প্ৰদান কৰা হব। এই কথা সদৰি কৰে জিলা প্ৰতিষেধক বিষয়াই। আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চিকিৎসা বিভাগৰ উচ্চপদস্থ বিষয়া ক্ৰমে ডা: মাধৱ চন্দ্ৰ ফুকন আৰু উত্তৰ লখিমপুৰ আৰবান চেলৰ চিকিৎসা বিষয়া ডা: পুলক বৰগোহাঁই আৰু লখিমপুৰ জিলা প্ৰতিষেধক বিষয়া ডা° গুণিন গগৈ উপস্থিত থাকি কয় যে বত্তৰ্মান চৰকাৰে স্বাস্থ্য সেৱাত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু এনেবোৰ প্ৰতিশেধক আচনিঁ গ্ৰহণ কৰিছে। সকলো ৰাইজে এই অভিযানত সৰ্ম্পূণ সহযোগ কৰি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে চিকিৎসা বিভাগে। সমগ্ৰ অসমৰ লগতে লখিমপুৰতো অহা ১৪ ডিচেম্বৰৰ পৰা এই অভিযান আৰম্ভ কৰা হব।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India