Tuesday, 8 December 2020

08 December, 2020 *লখিমপুৰত অগ্নিকাণ্ড* Date :- 08/12/2020 লখিমপুৰ দলোহাটত বিধঙ্ঘি অগ্নিকাণ্ড। ভাৰত বন্ধ চলি থকা সময়তে আজি লখিমপুৰ জিলা দলোহাট তিনিআলিত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত প্ৰায় ৫ কোটি টকা সা সম্পত্তি অগ্নিদগ্ধ।বাষৰ শইকীয়া নামৰ লোকজনৰ ভাৰাতীয়া হিচাপে থকা প্ৰায় ১৮ দোকান এই অগ্নিকাণ্ড ফলত ভস্মীভূত হয়। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খনকৈ গাড়ীৰে জুই নুমাবলৈ সক্ষম হয়।এই মূহুত্তলৈ কি কাৰনে এই জুই সুত্ৰপাত হ'ল জানিব পৰা নাই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 December, 2020


*লখিমপুৰত অগ্নিকাণ্ড* Date :- 08/12/2020


 লখিমপুৰ দলোহাটত বিধঙ্ঘি অগ্নিকাণ্ড। ভাৰত বন্ধ চলি থকা সময়তে আজি লখিমপুৰ জিলা দলোহাট তিনিআলিত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড ফলত প্ৰায় ৫ কোটি টকা সা সম্পত্তি অগ্নিদগ্ধ।বাষৰ শইকীয়া নামৰ লোকজনৰ ভাৰাতীয়া হিচাপে থকা প্ৰায় ১৮ দোকান এই অগ্নিকাণ্ড ফলত ভস্মীভূত হয়। স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খনকৈ গাড়ীৰে জুই নুমাবলৈ সক্ষম হয়।এই মূহুত্তলৈ কি কাৰনে এই জুই সুত্ৰপাত হ'ল জানিব পৰা নাই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


08 December, 2020 *লখিমপুৰ যুৱ শক্তি সমিতি গঠন* Date :- 8/12/2020 জনসংখ্যা সমাধান ফাউণ্ডেশ্যন- অসম প্ৰান্তৰ "যুৱ শক্তি"ৰ লখিমপুৰ জিলা সমিতি গঠন। সাম্প্ৰতিক সময়ত অনিয়ন্ত্ৰিত হাৰত দেশত বৃদ্ধি পোৱা জনসংখ্যাই বৰ্তমান সৃষ্টি কৰা সমস্যা সমূহৰ লগতে ভৱিষ্যতে সৃষ্টি কৰিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি "জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে" জনসংখ্যা বিস্ফোৰণ ৰোধ আৰু এই সমস্যা সমাধানৰ বাবে দেশত এখন কঠোৰ "জনসংখ্যা নিয়ন্ত্ৰণ আইন"ৰ দাবীৰে সমগ্ৰ দেশতে ২০১৭ চনৰ পৰা কাৰ্যসুচী গ্ৰহণ কৰি আহিছে। অসম তথা উ: পূব ভাৰততো এই প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। সেইসূত্ৰে, আজি লখিমপুৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লখিমপুৰ জিলা যুৱ শক্তি সমিতি খন আজি গঠন কৰা হয়। আগন্তুক দিনত এই সমিতি খনে অধিক সক্ৰিয়তাৰে আৰু শক্তিশালী ভাৱে ফাউণ্ডেশ্যনৰ কাম কাজক গতি দিবৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উ:পূৱৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ইপ্সিতা বৰুৱাৰ নিৰ্দেশমৰ্মে "যুৱশক্তি"ৰ অসম প্ৰান্তৰ অধ্যক্ষা নাং লাকী গগৈৰ অাহ্বানত যুৱশক্তিৰ ৰাজ্যিক সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচে অংশগ্ৰহন কৰি জে.এছ.এফ.ৰ যুৱ শক্তিৰ লখিমপুৰ জিলা সমিতি খন গঠন কৰা হয় বুলিও জানিবলৈ দিয়ে যুৱ শক্তি ৰাজ্যিক সংগঠনৰ মন্ত্ৰী ত্ৰিনয়ণ কোচে। লখিমপুৰৰ এই সমিতি খন সুশান্ত ভূঞা অধ্যক্ষতাত এখন আঠ জনীয়া কমিটি গঠন হয়। শ্ৰী ত্ৰিনয়ন কোচে কয় যে দেশৰ বাবে অতি প্ৰয়োজনীয় আমাৰ এই জনজাগৰণ কোনো ৰাজপথত টায়াৰ জ্বলাই অথবা পথ অৱৰোধেৰে নহয়। আমি জাতি মাটি ভেটি আৰু প্ৰকৃতিক বচাবলৈ নীৰবে ৰাইজৰ মাজত সজাগতা আনিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসুচীৰ পিচত বৰ্তমান কঠোৰ আইনৰ দাবীৰে স্বাক্ষৰ অভিযান কাৰ্যসুচী চলি আছে। এই কাৰ্যত সকলোৱে নিজে অংশগ্ৰহন কৰা লগতে অন্যকো সহযোগ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনায়। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 08 December, 2020


*লখিমপুৰ যুৱ শক্তি সমিতি গঠন* Date :- 8/12/2020


 জনসংখ্যা সমাধান ফাউণ্ডেশ্যন- অসম প্ৰান্তৰ "যুৱ শক্তি"ৰ লখিমপুৰ জিলা সমিতি গঠন। সাম্প্ৰতিক সময়ত অনিয়ন্ত্ৰিত হাৰত দেশত বৃদ্ধি পোৱা জনসংখ্যাই বৰ্তমান সৃষ্টি কৰা সমস্যা সমূহৰ লগতে ভৱিষ্যতে সৃষ্টি কৰিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি "জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে" জনসংখ্যা বিস্ফোৰণ ৰোধ আৰু এই সমস্যা সমাধানৰ বাবে দেশত এখন কঠোৰ "জনসংখ্যা নিয়ন্ত্ৰণ আইন"ৰ দাবীৰে সমগ্ৰ দেশতে ২০১৭ চনৰ পৰা  কাৰ্যসুচী  গ্ৰহণ কৰি আহিছে। অসম তথা উ: পূব ভাৰততো এই প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। সেইসূত্ৰে, আজি লখিমপুৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লখিমপুৰ জিলা যুৱ শক্তি সমিতি খন আজি গঠন কৰা হয়। আগন্তুক দিনত এই সমিতি খনে অধিক সক্ৰিয়তাৰে আৰু শক্তিশালী ভাৱে  ফাউণ্ডেশ্যনৰ কাম কাজক গতি দিবৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উ:পূৱৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ইপ্সিতা বৰুৱাৰ নিৰ্দেশমৰ্মে "যুৱশক্তি"ৰ অসম প্ৰান্তৰ অধ্যক্ষা নাং লাকী গগৈৰ অাহ্বানত যুৱশক্তিৰ ৰাজ্যিক সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচে অংশগ্ৰহন কৰি  জে.এছ.এফ.ৰ যুৱ শক্তিৰ লখিমপুৰ জিলা সমিতি খন গঠন কৰা হয় বুলিও জানিবলৈ দিয়ে যুৱ শক্তি ৰাজ্যিক সংগঠনৰ মন্ত্ৰী ত্ৰিনয়ণ কোচে। লখিমপুৰৰ এই সমিতি খন সুশান্ত ভূঞা অধ্যক্ষতাত এখন আঠ জনীয়া কমিটি গঠন হয়।

 শ্ৰী ত্ৰিনয়ন কোচে কয় যে দেশৰ বাবে অতি প্ৰয়োজনীয় আমাৰ এই জনজাগৰণ কোনো ৰাজপথত টায়াৰ জ্বলাই অথবা পথ অৱৰোধেৰে নহয়। আমি জাতি মাটি ভেটি আৰু প্ৰকৃতিক বচাবলৈ নীৰবে ৰাইজৰ মাজত সজাগতা আনিবলৈ যত্ন কৰিছোঁ।  ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসুচীৰ পিচত বৰ্তমান কঠোৰ আইনৰ দাবীৰে স্বাক্ষৰ অভিযান কাৰ্যসুচী চলি আছে। এই কাৰ্যত সকলোৱে  নিজে অংশগ্ৰহন কৰা লগতে অন্যকো সহযোগ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনায়।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


08 December, 2020 পানী ৷ পানী নহলে এই পৃথিৱীত কোনো জীৱ জীয়াই নেথাকে ৷ পৃথিৱীৰ ভূগৰ্ভস্থ পানীৰ লেয়াৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে ৷ ফলত বহুসংখ্যক ৰাষ্ট্ৰই পানী আমদানি কৰে ৷ আমাৰ ভাৰতবৰ্ষৰ ৰাজস্থান ; মধ্যপ্ৰদেশ ; ভূপাল আদিত চলিথকা জলসংকট সৰ্বজন বিদিত ৷ অসমতো সময়ে সময়ে খৰাঙে দহন কৰে ৷ এনে জলসংকট দূৰ কৰিবলৈ চৰকাৰে জনতাক জলসংৰক্ষণৰ উপদেশ দি আহিছে ৷ ইমানৰ পিছতো সজাগ নহয় চৰকাৰি বিভাগৰ দৰ্মহা খোৱা বিষয়া কৰ্মচাৰী ৷ আপুনি দেখা এই দৃশ্য গোলাঘাটৰ জি এফ ৰোডত যাতায়ত কৰা সকলোৰে চিনাকী দৃশ্য ৷ গোলাঘাটৰ পাব্লিক হেলথয়ে পানী সৰবৰাহ কৰা এই পাইপডাল বেঙেনাখোৱা ৰেল গেটৰ ওচৰত তিনিমাহৰো আগতে ফুটা ওলাল ৷ দিনে নিশাই এনেদৰে অহৰহ পানী পৰিথাকে জানটোত ৷ দৈনিক নষ্ট হৈ থাকে হেজাৰ হেজাৰ লিটাৰ পানী ৷ ইমানৰ পিছতো পানীযোগান আ্ঁচনিৰ দায়ীত্বত থকা সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা নোলোৱা কথাৰ পৰাই বুজিব পাৰি বিভাগৰ বিষয়া কৰ্মচাৰিৰ কৰ্মসংস্কৃতিৰ প্ৰকৃত স্বৰুপ ৷ গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 08 December, 2020


পানী ৷ পানী নহলে এই পৃথিৱীত কোনো জীৱ জীয়াই নেথাকে ৷ পৃথিৱীৰ ভূগৰ্ভস্থ পানীৰ লেয়াৰ ক্ৰমান্বয়ে কমিবলৈ ধৰিছে ৷ ফলত বহুসংখ্যক ৰাষ্ট্ৰই পানী আমদানি কৰে ৷ আমাৰ ভাৰতবৰ্ষৰ ৰাজস্থান ; মধ্যপ্ৰদেশ ; ভূপাল আদিত চলিথকা জলসংকট সৰ্বজন বিদিত ৷ অসমতো সময়ে সময়ে খৰাঙে দহন কৰে ৷ এনে জলসংকট দূৰ কৰিবলৈ চৰকাৰে জনতাক জলসংৰক্ষণৰ উপদেশ দি আহিছে ৷ ইমানৰ পিছতো সজাগ নহয় চৰকাৰি বিভাগৰ দৰ্মহা খোৱা বিষয়া কৰ্মচাৰী ৷ আপুনি দেখা এই দৃশ্য গোলাঘাটৰ জি এফ ৰোডত যাতায়ত কৰা সকলোৰে চিনাকী দৃশ্য ৷ গোলাঘাটৰ পাব্লিক হেলথয়ে পানী সৰবৰাহ কৰা এই পাইপডাল বেঙেনাখোৱা ৰেল গেটৰ ওচৰত তিনিমাহৰো আগতে ফুটা ওলাল ৷ দিনে নিশাই এনেদৰে অহৰহ পানী পৰিথাকে জানটোত ৷ দৈনিক নষ্ট হৈ থাকে হেজাৰ হেজাৰ লিটাৰ পানী ৷ ইমানৰ পিছতো পানীযোগান আ্ঁচনিৰ দায়ীত্বত থকা সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা নোলোৱা কথাৰ পৰাই বুজিব পাৰি বিভাগৰ বিষয়া কৰ্মচাৰিৰ কৰ্মসংস্কৃতিৰ প্ৰকৃত স্বৰুপ ৷


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


08 December, 2020 কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী যুৱক ৷ নাম তেওৰ দিপু গগৈ ৷ মানৱ সেৱাই ধৰ্ম ৷ সেই বাক্য পালন কৰি তেওঁ লকডাউনৰ সময়চোৱাত দিপুৱে কেইজনমান যুৱকৰ সহায়ত গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ ভীক্ষাৰী আৰু মানসিক ৰোগীক দিনে নিশাই খাদ্য যোগান দিয়াৰ পিছত প্ৰতি দেওৱাৰে দুসাজ খুৱাই আছিল ৷ আজি দেওবাৰ নহয় যদিও ভাৰতবন্ধৰ প্ৰভাৱত গোলাঘাটৰ সকলো দোকান পোহাৰ বন্ধ ৷বন্ধ দিয়া সকলে বন্ধ দিলে কিন্ত চিন্তা কৰিলে দিপু গগৈয়ে দৰিদ্ৰ সকলে খাব কি ? সেয়েহে তেও কেইজনমান যুৱকৰ সহযোগত গোলাঘাটৰ আৰু ফৰকাটিংৰ দৰিদ্ৰ লোক সকলক খাদ্যৰ যোগান ধৰিলে ৷ আৰু দৰিদ্ৰতাই কুঙাকৰা সকলেও এসাজ খালে উদৰ পুৰাই ::::: গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷

 08 December, 2020


কৃষক আন্দোলনৰ নামত আজি ঘোষণা কৰা হ’ল ভাৰত বন্ধ ৷ কিন্ত আজিৰ বন্ধদিনা দুখিয়া ভোকাতুৰৰ ওচৰত উপস্থিত হ"ল এজন সমাজকৰ্মী যুৱক ৷ নাম তেওৰ দিপু গগৈ ৷ মানৱ

 সেৱাই ধৰ্ম ৷ সেই বাক্য পালন কৰি তেওঁ লকডাউনৰ সময়চোৱাত দিপুৱে কেইজনমান যুৱকৰ সহায়ত গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ ভীক্ষাৰী আৰু মানসিক ৰোগীক দিনে নিশাই খাদ্য যোগান দিয়াৰ পিছত প্ৰতি দেওৱাৰে দুসাজ খুৱাই আছিল ৷ আজি দেওবাৰ নহয় যদিও ভাৰতবন্ধৰ প্ৰভাৱত গোলাঘাটৰ সকলো দোকান পোহাৰ বন্ধ ৷বন্ধ দিয়া সকলে বন্ধ দিলে কিন্ত চিন্তা কৰিলে দিপু গগৈয়ে দৰিদ্ৰ সকলে খাব কি ? সেয়েহে তেও কেইজনমান যুৱকৰ সহযোগত গোলাঘাটৰ আৰু ফৰকাটিংৰ দৰিদ্ৰ লোক সকলক খাদ্যৰ যোগান ধৰিলে ৷ আৰু দৰিদ্ৰতাই কুঙাকৰা সকলেও এসাজ খালে উদৰ পুৰাই :::::


গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া ৷


Monday, 7 December 2020

07 December, 2020 *গ্ৰন্থ অধ্যয়ন দিবস লখিমপুৰ* Date :- 7/12/2020 ১৯৩২ চনৰ ৭ ডিচেম্বৰ দিনা স্বানামধন্য সাহিত্যিক হোমেন বৰগোহাঞি লখিমপুৰ ঢকুৱাখনা এক ভিতৰুৱা অঞ্চল জন্ম গ্ৰহণ কৰে। সেই দিনটোক আজি লখিমপুৰ "মঙ্গলবোধ জাগৰণ কেন্দ্ৰ"ৰ উদ্যোগত "গ্ৰন্থ অধ্যয়ন দিবস" হিচাপে পালন কৰে মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ কায্যালয়ত। এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ সঞ্চালক জিতেন বৰুৱা, মঙ্গলময়ৰ পত্ৰিকাৰ সম্পাদক সঞ্জীপ উপাধ্যায়, সহ সম্পাদক পঙ্কজ সভাপণ্ডিত, উপদেষ্টা ৰমেশ কাকতি, বিশিষ্ট লেখক ভৰত ৰাজখোৱা, নৃপেন ফুকন, সৌৰভ কুমাৰ বৰুৱা, সাংবাদিক ৰাহান উদ্দিন আহমেদ আৰু প্ৰশান্ত কুমাৰ মোদক উপষ্টিত থাকে। এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ৰাইজলৈ আহ্বান জনায় যে ৭ ডিচেম্বৰ দিনটো অসমৰ ৰাইজে যাতে গ্ৰন্থ অধ্যয়ন দিবস হিচাপে পালন কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 December, 2020


*গ্ৰন্থ অধ্যয়ন দিবস লখিমপুৰ* Date :- 7/12/2020


 ১৯৩২ চনৰ ৭ ডিচেম্বৰ দিনা স্বানামধন্য সাহিত্যিক হোমেন বৰগোহাঞি লখিমপুৰ ঢকুৱাখনা এক ভিতৰুৱা অঞ্চল জন্ম গ্ৰহণ কৰে। সেই দিনটোক আজি লখিমপুৰ "মঙ্গলবোধ জাগৰণ কেন্দ্ৰ"ৰ উদ্যোগত "গ্ৰন্থ অধ্যয়ন দিবস" হিচাপে পালন কৰে মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ কায্যালয়ত। এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ সঞ্চালক জিতেন বৰুৱা, মঙ্গলময়ৰ পত্ৰিকাৰ সম্পাদক সঞ্জীপ উপাধ্যায়, সহ সম্পাদক পঙ্কজ সভাপণ্ডিত, উপদেষ্টা ৰমেশ কাকতি, বিশিষ্ট লেখক ভৰত ৰাজখোৱা, নৃপেন ফুকন, সৌৰভ কুমাৰ বৰুৱা, সাংবাদিক ৰাহান উদ্দিন আহমেদ আৰু প্ৰশান্ত কুমাৰ মোদক উপষ্টিত থাকে। এই অনুষ্ঠানৰ জৰিয়তে অসমৰ ৰাইজলৈ আহ্বান জনায় যে ৭ ডিচেম্বৰ দিনটো অসমৰ ৰাইজে যাতে গ্ৰন্থ অধ্যয়ন দিবস হিচাপে পালন কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


07 December, 2020 *NHPC LAKHIMPUR* Date :- 7/12/2020 NHPCৰ বিৰুদ্ধে আজিও লখিমপুৰত অব্যাহত আছে উত্তাল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি নগৰৰ মাজমজীয়াত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষ আৰু শক্তি বিভাগৰ কেন্দ্ৰীয় সচিব সঞ্জীব নন্দন সাহাই ৰ প্ৰতিকৃতি দাহ কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনাই এই প্ৰতিবাদকাৰী সকলে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে সকীয়নি দি কয় যে যদি এই দাবী অসম চৰকাৰে মানি নলয় তেন্তে পৰবৰ্তী সময়ত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 07 December, 2020


*NHPC LAKHIMPUR* Date :- 7/12/2020


 NHPCৰ বিৰুদ্ধে আজিও লখিমপুৰত অব্যাহত আছে উত্তাল প্ৰতিবাদ। অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আজি নগৰৰ মাজমজীয়াত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষ আৰু শক্তি বিভাগৰ কেন্দ্ৰীয় সচিব সঞ্জীব নন্দন সাহাই ৰ প্ৰতিকৃতি দাহ কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী জনাই এই প্ৰতিবাদকাৰী সকলে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে সকীয়নি দি কয় যে যদি এই দাবী অসম চৰকাৰে মানি নলয় তেন্তে পৰবৰ্তী সময়ত ইয়াতকৈও জঙ্গী আন্দোলনৰ হুংকাৰ দিয়ে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


Sunday, 6 December 2020

06 December, 2020 *State level football tournament Lakhimpur* Date :- 6/12/2020 লখিমপুৰ জিলাৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ তত্বাৱধানত হাতীলুং ফুটবল কোচিং চেন্টাৰৰ উদ্যোগত একাদশ বাৰ্ষিক ৰাজ্যিক ভিৰ্ত্তিক মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি আজি বিয়লি যোৰহাটৰ স্পৰ্টচ ভেলী ফুটবল ক্লাব আৰু আদিলুৰ ৰহমান ফুটবল ক্লাব বিশ্বনাথ চাৰিআলিৰ মাজত অনুস্থিত হয়। যোৱা ২২ নৱেম্বৰৰ পৰা চলি থকা এই ফুটবল প্ৰতিযোগিতা খনি আজি হাতীলোং নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ খেল পথাৰত আনুষ্ঠিত হয়। অসমৰ বিভিন্ন ঠাই পৰা ২০টা দলে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা,প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই কে ধৰি বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে। চুৰান্ত খেল খনত যোৰহাট স্পৰ্টচ ভেলী ফুটবল ক্লাবে ১/০ গলত আদিলোৰ ৰহমান ফুটবল ক্লাবক পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 06 December, 2020


*State level football tournament Lakhimpur* Date :- 6/12/2020


 লখিমপুৰ জিলাৰ নগৰৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ তত্বাৱধানত হাতীলুং ফুটবল কোচিং চেন্টাৰৰ উদ্যোগত একাদশ বাৰ্ষিক ৰাজ্যিক ভিৰ্ত্তিক মুকলি প্ৰাইজমনী ফুটবল প্ৰতিযোগিতাৰ চুৰান্ত খেল খনি আজি বিয়লি যোৰহাটৰ স্পৰ্টচ ভেলী ফুটবল ক্লাব আৰু আদিলুৰ ৰহমান ফুটবল ক্লাব বিশ্বনাথ চাৰিআলিৰ মাজত অনুস্থিত হয়।

যোৱা ২২ নৱেম্বৰৰ পৰা চলি থকা এই ফুটবল প্ৰতিযোগিতা খনি আজি হাতীলোং নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ খেল পথাৰত আনুষ্ঠিত হয়। অসমৰ বিভিন্ন ঠাই পৰা ২০টা দলে অংশ গ্ৰহণ কৰা  এই প্ৰতিযোগিতাৰ চুৰান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বি জে পিৰ কাৰ্য্যবাহী সদস্য মানৱ ডেকা,প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই কে ধৰি বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে। চুৰান্ত খেল খনত যোৰহাট স্পৰ্টচ ভেলী ফুটবল ক্লাবে ১/০ গলত আদিলোৰ ৰহমান ফুটবল ক্লাবক পৰাজয় কৰি বিজয়ী খিতাপ লাভ কৰে।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


ৰঙালী বিহুৰ শুভেচ্ছা

মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...