08 December, 2020
*লখিমপুৰ যুৱ শক্তি সমিতি গঠন* Date :- 8/12/2020
জনসংখ্যা সমাধান ফাউণ্ডেশ্যন- অসম প্ৰান্তৰ "যুৱ শক্তি"ৰ লখিমপুৰ জিলা সমিতি গঠন। সাম্প্ৰতিক সময়ত অনিয়ন্ত্ৰিত হাৰত দেশত বৃদ্ধি পোৱা জনসংখ্যাই বৰ্তমান সৃষ্টি কৰা সমস্যা সমূহৰ লগতে ভৱিষ্যতে সৃষ্টি কৰিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি "জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে" জনসংখ্যা বিস্ফোৰণ ৰোধ আৰু এই সমস্যা সমাধানৰ বাবে দেশত এখন কঠোৰ "জনসংখ্যা নিয়ন্ত্ৰণ আইন"ৰ দাবীৰে সমগ্ৰ দেশতে ২০১৭ চনৰ পৰা কাৰ্যসুচী গ্ৰহণ কৰি আহিছে। অসম তথা উ: পূব ভাৰততো এই প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। সেইসূত্ৰে, আজি লখিমপুৰত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ লখিমপুৰ জিলা যুৱ শক্তি সমিতি খন আজি গঠন কৰা হয়। আগন্তুক দিনত এই সমিতি খনে অধিক সক্ৰিয়তাৰে আৰু শক্তিশালী ভাৱে ফাউণ্ডেশ্যনৰ কাম কাজক গতি দিবৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ উ:পূৱৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডে আৰু অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ইপ্সিতা বৰুৱাৰ নিৰ্দেশমৰ্মে "যুৱশক্তি"ৰ অসম প্ৰান্তৰ অধ্যক্ষা নাং লাকী গগৈৰ অাহ্বানত যুৱশক্তিৰ ৰাজ্যিক সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচে অংশগ্ৰহন কৰি জে.এছ.এফ.ৰ যুৱ শক্তিৰ লখিমপুৰ জিলা সমিতি খন গঠন কৰা হয় বুলিও জানিবলৈ দিয়ে যুৱ শক্তি ৰাজ্যিক সংগঠনৰ মন্ত্ৰী ত্ৰিনয়ণ কোচে। লখিমপুৰৰ এই সমিতি খন সুশান্ত ভূঞা অধ্যক্ষতাত এখন আঠ জনীয়া কমিটি গঠন হয়।
শ্ৰী ত্ৰিনয়ন কোচে কয় যে দেশৰ বাবে অতি প্ৰয়োজনীয় আমাৰ এই জনজাগৰণ কোনো ৰাজপথত টায়াৰ জ্বলাই অথবা পথ অৱৰোধেৰে নহয়। আমি জাতি মাটি ভেটি আৰু প্ৰকৃতিক বচাবলৈ নীৰবে ৰাইজৰ মাজত সজাগতা আনিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন কাৰ্যসুচীৰ পিচত বৰ্তমান কঠোৰ আইনৰ দাবীৰে স্বাক্ষৰ অভিযান কাৰ্যসুচী চলি আছে। এই কাৰ্যত সকলোৱে নিজে অংশগ্ৰহন কৰা লগতে অন্যকো সহযোগ কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ জনায়।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া
No comments:
Post a Comment
Welcome Northeast News India