02 December, 2020
*লখিমপুৰ লেচেৰি নাচ* Date :- 02/12/2020
সাংস্কৃতিক সঞ্চালকালয়ৰ লেচেৰি নাচ প্ৰশিক্ষণ। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ঢকুৱাখনা সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা লখিমপুৰ জিলাৰ বগীনদীৰ গজাই মনাই ক্ষেত্রত সোনোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচৰ কৰ্মশালা মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হৈছে ।
মঙ্গলবাৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুস্থিত হোৱা এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী বিহু সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য কুশৰাম সোণোৱাল, উদীয়মান সাংস্কৃতিক কৰ্মী গোপীনাথ সোণোৱাল আৰু শংকৰদেৱ শিশু নিকেতন বগীনদীৰ প্ৰধানাচৰ্য ঋষিৰাজ ৰিজাল উপস্থিত থাকে । এই প্ৰশিক্ষণ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে লেচেৰি নাচ প্ৰশিক্ষণ প্ৰদান কৰে মজিন সোণোৱালে।
লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া