23 November, 2020
## প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান।
## সোমবাৰে বিয়লি ৫.৩৪ বজাত শেষ নিশ্বাস ত্যাগ।
## ৮৬ বছৰ বয়সত তৰুণ গগৈৰ শেষ নিশ্বাস ত্যাগ।
## ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা মুখ্যমন্ত্ৰীৰ।
## ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব গগৈক।
## একেৰাহে ৩টা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল গগৈ।
## ২০০১ৰ পৰা ২০১৬লৈ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল।
## ৬ বাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ।
## ১৯৭১ৰ পৰা ১৯৮৫লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
## ১৯৯১ৰ পৰা ১৯৯৬লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে।
## ১৯৮৫ৰ পৰা ১৯৯০লৈ AICCৰ সাধাৰণ সম্পাদক আছিল।
## ১৯৯১ৰ পৰা ১৯৯৬লৈ কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ বিভাগৰ মন্ত্ৰী আছিল।
## ১৯৮৬ৰ পৰা ১৯৯০লৈ APCCৰ সভাপতি আছিল তৰুণ গগৈ।
## ১৯৯৬ চনত দ্বিতীয়বাৰলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল।
## ২০০১ চনত প্ৰথমবাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লৈছিল।
## ২০০১ৰ ১৮ মে'ৰ পৰা ২০১৬ৰ ২৪ মে'লৈ অসমৰ মুখ্যমন্ত্ৰী আছিল।
## যোৰহাট নগৰপালিকাৰ সদস্য ৰূপেও নিৰ্বাচিত হৈছিল ১৯৬৮ চনত।
## দেউতাক ড০ কমলেশ্বৰ গগৈ আছিল ৰঙাজান চাহ বাগিচাৰ চিকিত্সক।
## মাতৃ উষা গগৈ আছিল প্ৰখ্যাত কবি গণেশ গগৈৰ ভগ্নী।
## মাক-দেউতাকে মৰমতে পোনাকণ বুলি মাতিছিল তৰুণ গগৈক।
## ১৯৩৬ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল গগৈয়ে।
## যোৰহাটৰ ৰঙামাটিত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
## ২৬নং ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত আৰম্ভ কৰিছিল শিক্ষা জীৱন।
## চতুৰ্থ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল যোৰহাট মাদ্ৰাছা স্কুলত।
## ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল বাদুলিপাৰ চাহ বাগিচাৰ সমীপৰ ভোলাগুৰি হাইস্কুলত।
## ১৯৪৯ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল মেট্ৰিকত।
## যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল গগৈয়ে।
## গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও অৰ্জন কৰিছিল।
## ১৯৭২ৰ ৩০ জুলাইত ডলী গগৈৰে আৰম্ভ কৰিছিল যুগ্ন জীৱন।
## এম বি এ ডিগ্ৰীধাৰী কন্যা চন্দ্ৰিমা গগৈ, পুত্ৰ গৌৰৱ গগৈ কলিয়াবৰৰ সাংসদ।
## ২০২০ৰ ২৬ আগষ্টত কৰ'ণাত আক্ৰান্ত হৈ GMCHত চিকিত্সাধীন হৈছিল।
## বিধায়কৰূপে ১৯৯৬ত প্ৰথমবাৰলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
## ২০০১ৰ পৰা মৃত্যুৰ সময়লৈ তিতাবৰ সমষ্টিৰ বিধায়ক আছিল তৰুণ গগৈ ৷