Sunday, 4 October 2020
Saturday, 3 October 2020
02 October, 2020দুনীতি কেলেংকাৰীৰ অভিযোগ উঠা এখন গাও পঞ্চায়ত ৷ গান্ধীজয়ন্তীৰ দিনাও অবৈধ কাম কৰিবলৈ গৈ পলায়ন কৰিবলগা হল বিডিঅ’ পঞ্চায়ত খনৰ নাম বেঙেনাখোৱা গাও পঞ্চায়ত ৷ এনৰেগা আচনীৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাত কংগ্ৰেছ নেতৃত্বাধীন এই পঞ্চায়ত খনৰ জনপ্ৰতিনিধি আৰু বিডিঅ’ কে ধৰি চৰকাৰি কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল কেইজনমান জেলত সোমাল ; আন কেইজনমানে জামিন লাভ কৰিলে আৰু বহুকেইজনে জামিন নেপাই পলাতক হৈ আছে ৷ কিন্ত মহামানৱ মহাত্মাগান্ধীৰ জন্মজয়ন্তীৰ দিনটোত পলাতক সকলকে ধৰি সকলো শুক্ৰবাৰে সমবেত হ’ল গোলাঘাটৰ এই বেঙেনাখোৱা গাওপঞ্চায়তৰ কায্যালয়ত ৷ এওলোকে এই বিশেষ দিনটোত গন্ধীজীক স্মৰণ কৰিবলৈ নহয় ; এক অনিয়মৰ ব্লুপ্ৰিণ্ট ৰচনাকৰি পঞ্চায়ত ৰ অফিচত একগোট হৈছে ৷ ৰাইজক খবৰ নিদিয়াকৈ কেৱল কংগ্ৰেছৰ সাংগো পাংগো লগত লৈ বিডি অ’ আব্দুল ৰচিদে বেনাৰ আৰি ছচিয়েল ডিষ্টেঞ্চ নমনাকৈ গোপনে গাওসভা অনুষ্ঠিত কৰিবৰবাবে আগবাঢ়িল কিন্তু তেওঁলোকৰ কায্য আৰম্ভণি হওতেই লাগিল কেনা ৷ ৱাৰ্ডসমূহৰ ৰাইজ উপস্থিত হৈ বন্ধ কৰিলে এই গোপন মিটিং আৰু পহু খেদা দিলে বিডিঅ’ কে ধৰি জনপ্ৰতিনিধি সকলক ৷ এই সন্দৰ্ভত এডভোকেট প্ৰকাশ বৰাই এনেদৰেন্তব্য কৰে ------- প্ৰকাশ শৰ্মা ৰিৰ্পট গোলাঘাটনিউজ ডেক্ছ ৰিপৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷
02 October, 2020
02 October, 2020২ অক্টোবৰৰ দিনটো গান্ধীজয়ন্তী হিচাৱে ৰাষ্ট্ৰজুৰি পালন কৰা হয় ৷ গোলাঘাটৰ বিভিন্ন স্থানত এই দিৱস পালন কৰে ৷মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ২অক্টোবৰ ৷ সমগ্ৰ দেশৰ লগতে শুকুৰবাৰৰ দিনটোত গোলাঘাট পৌৰসভাই পুৱাই চৰখন চাফাই কৰাৰ পিছত পৌৰসভা কায়্যালয়ত চৰকাৰি বিষয়া মগেন নৰহে আতঁধৰা অনুষ্ঠানত মহাত্মাগান্ধীক স্মৰণ কৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী ; প্ৰাক্তন পৌৰনেএী জুৰিদাস ৰাজখোৱা; জেষ্ঠ সাংবাদিক দিপেন দত্তই ৷ পৌৰসভাৰ তৰফৰপৰা চাফাইকৰ্মী সকলক মাস্ক যোগান ধৰা হয় ৷ এই অনুষ্ঠানতে আয়ুস নামৰ নৱগঠিত NGO টোৱে চাফাই কৰ্মীসকলক মাস্ক; ছেনিটাইজাৰ ; হেণ্ডগ্ল’ভছ আদি বিনামূলীয়াকৈ যোগান ধৰে ৷ ইয়াৰ পিছতেই গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাপন আৰু পুস্পাঞ্জলী অৰ্পন কৰা হয় ৷ মগেন নৰহে পৰিচালনা কৰা এই অনুষ্ঠানত উপায়ুক্ত মোডি ; সহকাৰী আয়ুক্ত পাপু গগৈ ; প্ৰাক্তনপৌৰনেএী জুৰিদাস ৰাজখোৱা ; সাংবাদিক প্ৰকাশ শৰ্মা ; দিপেন দত্ত আদি উপস্থিত থাকে ৷ ইফালে জোনাকী নগৰস্থিত নং চি আৰ পি এফয়ে জেনেৰেল ফিল্ডত চাফাই কায্যসূচী ৰূপায়ন কৰে ৷ কৃষি বিভাগে এৰেঙাপাৰাত স্থপন কৰা কৃষক বজাৰত উপায়ুক্ত আৰু সহকাৰী আয়ুক্ত আৰু কৃষিবিভাগৰ বিষয়াই কৃষক সকলক কেচুসাৰ প্ৰকল্প আৰু স্প্ৰে মেচিন প্ৰদান কৰি মহামানৱ মহাত্মাগান্ধীক স্মৰণ কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷
NORTHEAST NEWS INDIA
Friday, 2 October 2020
Thursday, 1 October 2020
01 October, 2020 O. C. : মাত্ৰকেইটামান দিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ মাফিয়া আমজাদ খানক। এইবাৰ আৰক্ষীৰ জালত পৰিল গোলাঘাট নগৰৰ দুজন যুৱক ক্ৰমে বিতোপন শইকীয়া আৰু বাবুল সিং যাদৱ। গোলাঘাট নগৰৰ লগতে গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। মাজেমধ্যেচলিথকা আৰক্ষীৰ অভিযানে এই ভয়াবহ তথ্যৰ প্ৰমাণিত কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। কুৰিয়াৰ যোগে ড্ৰাগছ সৰবৰাহ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় গ্ৰাম্যচহৰ ফৰকাটিংতো ৷ ধাৰাবাহিক অভিযানত বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া( ২২), বাবুল সিং যাদৱ (২৪)। দুইটাৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত। Byte 1: আৰক্ষী। Byte 2: ড্ৰাগছ সৰবৰাহ কাৰী। । প্ৰকাশ শৰ্মা গোলাঘাট ৷
01 October, 2020
O. C. : মাত্ৰকেইটামান দিন পূৰ্বে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ড্ৰাগছ মাফিয়া আমজাদ খানক। এইবাৰ আৰক্ষীৰ জালত পৰিল গোলাঘাট নগৰৰ দুজন যুৱক ক্ৰমে বিতোপন শইকীয়া আৰু বাবুল সিং যাদৱ।
গোলাঘাট নগৰৰ লগতে গ্ৰামাঞ্চললৈ সম্প্ৰসাৰিত হৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। মাজেমধ্যেচলিথকা আৰক্ষীৰ অভিযানে এই ভয়াবহ তথ্যৰ প্ৰমাণিত কৰিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও একাংশই আৰক্ষীকো কেৰেপ নকৰি চলাই আহিছে ড্ৰাগছৰ ব্যৱসায়। কুৰিয়াৰ যোগে ড্ৰাগছ সৰবৰাহ কৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় গ্ৰাম্যচহৰ ফৰকাটিংতো ৷ ধাৰাবাহিক অভিযানত বুধবাৰে নিশা আৰক্ষীৰ এক অভিযানত পুনৰ গ্ৰেপ্তাৰ হ'ল দুজন ড্ৰাগছ ব্যৱসায়ী। গোলাঘাট আৰু জামুগুৰি আৰক্ষীৰ যুটীয়া অভিযানত এই দুটা ড্ৰাগছ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে নোগোৰা ৰাজ্যিক চিকিৎসালয়ৰ ওচৰত দুই যুৱকক কৰায়ত্ব কৰে আৰু ডিমাপুৰৰ লাহৰিজানৰ পৰা হেলমেটত লুকুৱাই অনা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ বেপাৰী দুটাৰ নাম হ'ল বিতোপন শইকীয়া( ২২), বাবুল সিং যাদৱ (২৪)। দুইটাৰ ঘৰ গোলাঘাটৰ বেঙেনাখোৱাৰ খাজুৰীগুৰিত।
Byte 1: আৰক্ষী।
Byte 2: ড্ৰাগছ সৰবৰাহ কাৰী।
। প্ৰকাশ শৰ্মা গোলাঘাট ৷
NORTHEAST NEWS INDIA
মোৰ জাতি এটাই
মোৰ জাতি এটাই , মই মানুহ জাতি , মোৰ ধৰ্ম এটাই , ভাল শুদ্ধ সত্য কৰ্মই মোৰ ধৰ্ম। মাধৱ গগৈ অসম,ভাৰত। Northeast News India
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...