NORTHEAST NEWS INDIA
02 October, 2020
২ অক্টোবৰৰ দিনটো গান্ধীজয়ন্তী হিচাৱে ৰাষ্ট্ৰজুৰি পালন কৰা হয় ৷ গোলাঘাটৰ বিভিন্ন স্থানত
এই দিৱস পালন কৰে ৷
মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ২অক্টোবৰ ৷ সমগ্ৰ দেশৰ লগতে শুকুৰবাৰৰ দিনটোত গোলাঘাট পৌৰসভাই পুৱাই চৰখন চাফাই কৰাৰ পিছত পৌৰসভা কায়্যালয়ত চৰকাৰি বিষয়া মগেন নৰহে আতঁধৰা অনুষ্ঠানত মহাত্মাগান্ধীক স্মৰণ কৰে উপায়ুক্ত বিভাষ চন্দ্ৰ মোডী ; প্ৰাক্তন পৌৰনেএী জুৰিদাস ৰাজখোৱা; জেষ্ঠ সাংবাদিক দিপেন দত্তই ৷ পৌৰসভাৰ তৰফৰপৰা চাফাইকৰ্মী সকলক মাস্ক যোগান ধৰা হয় ৷ এই অনুষ্ঠানতে আয়ুস নামৰ নৱগঠিত NGO টোৱে চাফাই কৰ্মীসকলক মাস্ক; ছেনিটাইজাৰ ; হেণ্ডগ্ল’ভছ আদি বিনামূলীয়াকৈ যোগান ধৰে ৷ ইয়াৰ পিছতেই গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাপন আৰু পুস্পাঞ্জলী অৰ্পন কৰা হয় ৷ মগেন নৰহে পৰিচালনা কৰা এই অনুষ্ঠানত উপায়ুক্ত মোডি ; সহকাৰী আয়ুক্ত পাপু গগৈ ; প্ৰাক্তনপৌৰনেএী জুৰিদাস ৰাজখোৱা ; সাংবাদিক প্ৰকাশ শৰ্মা ; দিপেন দত্ত আদি উপস্থিত থাকে ৷ ইফালে জোনাকী নগৰস্থিত নং চি আৰ পি এফয়ে জেনেৰেল ফিল্ডত চাফাই কায্যসূচী ৰূপায়ন কৰে ৷ কৃষি বিভাগে এৰেঙাপাৰাত স্থপন কৰা কৃষক বজাৰত উপায়ুক্ত আৰু সহকাৰী আয়ুক্ত আৰু কৃষিবিভাগৰ বিষয়াই কৃষক সকলক কেচুসাৰ প্ৰকল্প আৰু স্প্ৰে মেচিন প্ৰদান কৰি মহামানৱ মহাত্মাগান্ধীক স্মৰণ কৰে ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India