Tuesday, 29 September 2020

29 September, 2020 বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৮৯ বছৰ । গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ  গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী  সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 29 September, 2020


বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ 

গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৮৯ বছৰ । 

গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই 

এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট 

বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ 

কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে 

অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু 

পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ 

তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি 

গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ 

পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা 

কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত 

চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা 

কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত 

যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি 

আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ  গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী  সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট

 নিউজ ইণ্ডিয়া   ৷


29 September, 2020Covid19 Assam and actions taken as on 28/09/2020.

29 September, 2020

Covid19 Assam and actions taken as on 28/09/2020.

Monday, 28 September 2020

28 September, 2020 যোৱা কালি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পাতকাই দাতি কাষৰীয়া টিপং বৰনামঘৰত দিনযোৰা কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উৎযাপন কৰে। NORTHEAST NEWS INDIA

 28 September, 2020


যোৱা কালি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে পাতকাই দাতি কাষৰীয়া টিপং বৰনামঘৰত দিনযোৰা কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উৎযাপন কৰে।

NORTHEAST NEWS INDIA


28 September, 2020Covid19 Assam as on 27/09/2020.

28 September, 2020

Covid19 Assam as on 27/09/2020.

Sunday, 27 September 2020

27 September, 2020Covid19 Assam and actions taken as on 26/09/2020.

27 September, 2020

Covid19 Assam and actions taken as on 26/09/2020.

27 September, 2020 সদৌ অসম সাংবাদিক সংস্থাৰ গোলাঘাট জিলা সমিতি গঠন ৷ সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিখন দেওবাৰে বোকাখাটৰ সাধনি ভৱনত অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে সাংবাদিক প্ৰকাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সাংবাদিক দিব্যজ্যোতি হাজৰিকাই ৷ সভাত বিশিষ্টব্যক্তিৰ ভাষণ দিয়ে সদৌ অসম সাংবাদিক সংস্থাৰ সভাপতি পংকজ কুমাৰ নাথ ; উপ সভাপতি ৰাজেশ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ এই সভাতেই প্ৰকাশ শৰ্মাক সভাপতি ; দিব্যজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক ; পাৰ্থপ্ৰতিম শইকীয়াক সহসম্পাদক হিচাপে লৈ ৩৩ জনীয়া গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় ৷ এই সভাতেই সাংবাদিকৰ কল্যানকামী কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট

 27 September, 2020

সদৌ অসম সাংবাদিক সংস্থাৰ গোলাঘাট জিলা সমিতি গঠন ৷



সদৌ অসম সাংবাদিক সংস্থা চমুকৈ আজুৰ গোলাঘাট জিলা সমিতিখন দেওবাৰে বোকাখাটৰ সাধনি ভৱনত অনুষ্ঠিত হয় ৷ এই উদ্দেশ্যে সাংবাদিক প্ৰকাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সাংবাদিক দিব্যজ্যোতি হাজৰিকাই ৷ সভাত বিশিষ্টব্যক্তিৰ ভাষণ দিয়ে সদৌ অসম সাংবাদিক সংস্থাৰ সভাপতি পংকজ কুমাৰ নাথ ; উপ সভাপতি ৰাজেশ দত্ত আৰু সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ এই সভাতেই    প্ৰকাশ শৰ্মাক সভাপতি ; দিব্যজ্যোতি হাজৰিকাক সাধাৰণ সম্পাদক ; পাৰ্থপ্ৰতিম শইকীয়াক সহসম্পাদক হিচাপে লৈ ৩৩ জনীয়া গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় ৷ এই সভাতেই সাংবাদিকৰ কল্যানকামী কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ :: প্ৰকাশ শৰ্মা গোলাঘাট


Saturday, 26 September 2020

26 September, 2020 সদৌ অসম সাংবাদিক সংস্থা (আজু)ই সম্বদ্ধনা জনালে সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ------------------------------------ গোলাঘাত : ২৬ ছেপ্তেম্বৰ ২০২০ সদৌ অসম সাংবাদিক সংস্থা ; চমুকৈ আজুৰ দ্বাৰা সম্বদ্ধনা জনোৱা হ’ল অসমৰ সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ৷ এই উদ্দেশ্য আজি বিয়লি সংগঠনটোৰকেন্দ্ৰীয় সাধাৰণ সম্পাদক নকুল তালুকদাৰ ; সাংবাদিক সকল ক্ৰমে ৰত্নেশ্বৰ মৰাং ; দিব্যজ্যোতি হাজৰিকা ; প্ৰকাশ শৰ্মা ; জয়ন্তডেকা ; ত্ৰিদীপ কলিতা ; পপি শইকীয়া ; অসম প্ৰকাশন ভাৰতীৰ সচিৱ ড° বিবেকানন্দ শৰ্মা ; ভাৰত বিকাশ সংগমৰ উত্তৰ পূৰ্বৰ সংযোজক ধন বাহাদুৰ ছেত্ৰী বিয়লি অপূৰ্ব কুমাৰ বৰুৱাৰ গোলাঘাটৰ নতুন আমোলাপট্টিৰ বাসভৱনত উপস্থিত হয় ৷ মত বিনিময়ৰ পিছত সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আতঁধৰা অনুষ্ঠানত অসমৰ সংবাদ জগতলৈ ৮৮ বছৰ বয়সতো বিশেষ অৱদান আগবঢ়াই থকা মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক গামোছা সৰাই আৰু প্ৰসস্তি পত্ৰৰে সন্মানিত কৰে ৷ অনুষ্ঠানত বৰুৱাৰ সহধৰ্মিনীকো সম্বদ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত সাংবাদি ; সমাজসেৱক হিচাপে বৰুৱাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাংবাদিক প্ৰকাশ শৰ্মা আৰু ড° বিবেকানন্দ শৰ্মাই আলোকপাত কৰে ৷ সদৌ অসম সাংবাদিক সংস্হাৰ সম্পাদক নকুল তালুকদাৰে ভাষন প্ৰসংগত অপূৰ্ব বৰুৱাৰ দৰে বৰ্ষিয়ান তথা অভিজ্ঞ ব্যক্তিক সম্বদ্ধনা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট NORTHEAST NEWS INDIA

 26 September, 2020


সদৌ অসম সাংবাদিক সংস্থা (আজু)ই সম্বদ্ধনা জনালে সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক 

------------------------------------ গোলাঘাত : ২৬ ছেপ্তেম্বৰ ২০২০

সদৌ অসম সাংবাদিক সংস্থা ; চমুকৈ আজুৰ দ্বাৰা সম্বদ্ধনা জনোৱা হ’ল  অসমৰ সংবাদ জগতৰ মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক ৷ এই উদ্দেশ্য আজি বিয়লি সংগঠনটোৰকেন্দ্ৰীয়

 সাধাৰণ সম্পাদক নকুল তালুকদাৰ ; সাংবাদিক সকল ক্ৰমে ৰত্নেশ্বৰ মৰাং ; দিব্যজ্যোতি হাজৰিকা ; প্ৰকাশ শৰ্মা ; জয়ন্তডেকা ; ত্ৰিদীপ কলিতা ; পপি শইকীয়া ; অসম প্ৰকাশন ভাৰতীৰ সচিৱ ড° বিবেকানন্দ শৰ্মা ; ভাৰত বিকাশ সংগমৰ উত্তৰ পূৰ্বৰ সংযোজক ধন বাহাদুৰ ছেত্ৰী বিয়লি অপূৰ্ব কুমাৰ বৰুৱাৰ গোলাঘাটৰ নতুন আমোলাপট্টিৰ বাসভৱনত  উপস্থিত হয় ৷ মত বিনিময়ৰ পিছত সাংবাদিক দিব্যজ্যোতি হাজৰিকাই আতঁধৰা অনুষ্ঠানত অসমৰ সংবাদ জগতলৈ ৮৮ বছৰ বয়সতো বিশেষ অৱদান

 আগবঢ়াই থকা মহিৰূহ অপূৰ্ব কুমাৰ বৰুৱাক গামোছা সৰাই আৰু প্ৰসস্তি পত্ৰৰে সন্মানিত কৰে ৷ অনুষ্ঠানত বৰুৱাৰ সহধৰ্মিনীকো সম্বদ্ধনা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত সাংবাদি ; সমাজসেৱক হিচাপে বৰুৱাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে সাংবাদিক প্ৰকাশ শৰ্মা আৰু ড° বিবেকানন্দ শৰ্মাই আলোকপাত কৰে ৷  সদৌ অসম সাংবাদিক সংস্হাৰ সম্পাদক নকুল তালুকদাৰে ভাষন প্ৰসংগত অপূৰ্ব বৰুৱাৰ দৰে বৰ্ষিয়ান তথা অভিজ্ঞ ব্যক্তিক সম্বদ্ধনা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে ৷ : কল্পনা ফুকনৰ ৰিপ’ৰ্ট

NORTHEAST NEWS INDIA


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...