Tuesday, 29 September 2020

29 September, 2020 বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৮৯ বছৰ । গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ  গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী  সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট নিউজ ইণ্ডিয়া ৷

 29 September, 2020


বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী পোনাৰাম বৰুৱাৰ মৃত্যু গোলাঘাট ২৯ ছেপ্টেম্বৰ 

গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মীপোনাৰাম বৰুৱাৰ আজি গোলাঘাটৰ মিশ্যন ৰোডৰ নিজাবাসভবনত মৃত্যু হয় । ওৰে জীৱন গোলাঘাটৰ সমাজ জীৱন জীপাল কৰি ৰখা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল  ৮৯ বছৰ । 

গোলাঘাট বেতিয়নীত জন্ম গ্ৰহণ কৰা বৰুৱাই 

এল,পি আৰু এম,ই পাছ কৰে ক্ৰমে বেতিয়নী আৰু ঢেকিয়ালৰ পৰা । তাৰ পাছত গোলাঘাট 

বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি , গোলাঘাট ডি,আৰ,কলেজৰ পৰা আই,এই পাছ 

কৰে ।কলেজত পঢ়ি থাকোতেই কলেজখনৰ বাবে 

অযোধ্যা গোস্বামী,ৰাম গোস্বামী আদিৰ লগত লাগি কলেজৰ উন্নতিৰ বাবে সপ্তাহে সপ্তাহে সৰু 

পথাৰ,বৰ পথাৰ আদিত টকা সংগ্ৰহ কৰিছিল গৈ 

তেখেতে শিৱসাগৰ কলেজৰ পৰা বি,এ, পাছ কৰি 

গুৱাহাটী ইউনিভাৰচিটিৰ পৰা অসমীয়াত এম,এ 

পাছ কৰে । তাৰপাছত কমাৰবন্ধাৰ হাইস্কুলত চাকৰী কৰি থাকোতেই তিতাবৰ কলেজ প্ৰতিষ্ঠা 

কৰে, তাৰ পাছতেই তেখেতে বোকাখাট হাইস্কুলত 

চাকৰী কৰি থাকোতেই বোকাখাট কলেজ প্ৰতিষ্ঠা 

কৰে । তেখেতে ১৯৬৪ চনত ডি,আৰু, কলেজত 

যোগদান কৰে আৰু তাৰ পৰাই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে । অসম আন্দোলনতো বৰুৱা জড়িত আছিল ।গোলাঘাটৰ সাহিত্য, সংস্কৃতি 

আৰু সমাজিক জীৱনৰ অপৰিহাৰ্য অংগ স্বৰূপ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজশ্ৰ গুণমুগ্ধাই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আজি তেখেতৰ মৃতদেহ  গোলাঘাট জিলা ছাত্র সন্ঠা , আৰু গোলাঘাট জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়াৰ লগতে শান্তিপুৰ নামঘৰলৈ নিয়া হয় । এই তিনি স্থানত বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলিৰে শেষ বিদায় জনায় । তেখেতৰ অন্তোষ্ট্ৰিক্ৰীয়া সম্পন্ন কৰা হয় শান্তিপুৰ শ্মশানত । এই গৰাকী  সমাজ জীৱনৰ মহীৰূহৰ মৃত্যুত বহু ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰিছে । :: গোলাঘাটৰ পৰা ৰিপন পাটনায়কৰ ৰিপ’ৰ্ট নৰ্থইষ্ট

 নিউজ ইণ্ডিয়া   ৷


No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...