06 September, 2020
Golaghat oil Thef
------
গোলাঘাটৰ জামুগুৰি থানাৰ ভাৰপাপ্ত বিষয়াৰ বিৰাট সফলতা ৷ উৎখাত কৰিলে তেলচোৰ চক্ৰ ৷
গোলাঘাটৰ জামুগুৰি আৰক্ষীয়ে শনিবাৰৰ নিশাৰ পৰা আজি পুৱতী নিশা পয্যন্ত অভিযান চলাই তেলচোৰৰ এক বৃহৎ চক্ৰক উৎখাত কৰিলে যদিও চোৰৰ দলটোৰ চৰ্দাৰ বিজিত বৰাই পলায়ন কৰে ৷ আৰক্ষী বিষয়া গোবিন চন্দ্ৰ দাসৰ নেতৃত্বত নিশা দহ বজাৰ পৰা আইটনীয়া মিৰিগাঁৱৰ "দ" চুকৰ বিজিত বৰাৰ ঘৰত চলোৱা অভিজানত এখন তেলভৰ্তী As05 B 2525 নম্বৰৰ টেংকাৰ ; আৰ্হৈ শ লিটাৰ তেল ভৰ্ত্তি ৪৫টা ড্ৰাম ; এখন ট্ৰেকাৰ আৰু ২৩ টা খালি ড্ৰাম জব্দ কৰে ৷ লগতে বিজিতৰ সহযোগী গোলাঘাটৰ টেনপুৰৰ
আব্দুল কাচিম; চিৰাজুদ্দিন আহমেদ ; বেঙেনাখোৱাৰ ৰিণ্টুবৰা কুঁৱৰী পথাৰৰ টুডু
বাউৰি ; দৈয়াং চাহবাগিছাৰ দুই চোৰ চুৰেন বাউৰি আৰু বিজয় বৰাক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে তালাচী চলাওতেই তেল মাফিয়া
বিজিত বৰাই ঘৰৰ পিছফালৰ পথাৰৰ মাজেৰে পলায়ন কৰিবলৈ সক্ষম হয় ৷ অভিযোগমতে বিজিত বৰাই সৰুৰে পৰাই এটা গভাইতচোৰ হিচাপে জনাজাত ৷ মানুহৰ ঘৰত চোৰ কৰাৰ পিছত পথৰ কাষত থকা বিদ্যুতৰ এলোমেনিয়ামৰ তাঁৰ ; লোহা ; ৰেল লাইনৰ কাষৰ এলোমেনিয়াম আদি চুৰি কৰিছিল ৷যদিও জামুগুৰিৰ থানাৰ আৰক্ষীয়ে ৰহস্যজনক ভাবে কোনো ব্যৱস্থা নোলোৱাত বিজিতে চোৰৰ পৰিসৰ বৃদ্ধি কৰি তেলচোৰৰ এটা গেং গঠন কৰে আৰু অতি কম সময়তে" দ" চুকত এটা সুন্দৰ আট্টালিকা নিৰ্মাণ কৰাৰ লগতে অগাধ ধন সম্পত্তিৰ মালিক হ’ল ৷ বিগত সময়চোৱাত জামুগুৰি থানাৰ কেইবাজনো ভাৰপ্ৰাপ্ত বিষয়া আহিল আৰু গ’ল ৷ আৰু প্ৰথমবাৰৰ বাবে জাুগুৰিৰ আৰক্ষীয়ে চলালে অভিযান ৷ আৰক্ষীৰ ছত্ৰছায়াতে বিজিতৰ চৌয্যবৃত্তীৰ উত্তৰণ ঘটিল ৷ অভিযোগ মতে তেলচোৰৰ মাফিয়া বিজিতৰক কৰিব পাৰিলে এই তেল চোৰৰসৈত্যে উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ তথ্যও ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আনহাটে অান এক তথ্য মতে বিজিতৰ দৰে একেটা ফৰ্মুলাতে মেৰাপানী থানাৰ আদৰ্শ গাঁৱতো ব্ৰজেন নামৰ এজন তেলচোৰে ৰমৰমীয়া বেপাৰ কৰি অতি কম সময়তে ধনৱন্ত
হৈ পৰিছে ৷ :::::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ ৬ ছেপ্তেম্বৰ ২০২০ :::