25 August, 2020
গোলাঘাটত শ্ৰীমন্ত নগৰত মঙলবাৰে অমঙ্গল হয়৷ সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ড ৷
গোলাঘাট নগৰৰ 5 নং ৱাৰ্ডৰ শ্ৰীমন্ত নগৰত ভয়াবহ অগ্নিকাণ্ড।মাত্ৰ ৩০ মিনিটৰ ভিতৰত অগ্নিকাণ্ডত প্ৰায় ১০ টাৰো অধিক ঘৰ ভস্মীভূত। বৰ্তমান ডিমাপুৰত থকা নন্দকিশোৰ গোশ্বামীৰ মালিকাধীন ভাড়াঘৰত থকা অনিল বাৰ্মা ; ৰাজু চাহ ; সুশিলা গোস্বামী ; কনৱতী দেৱনাথ ;নিৰ্মলাদেৱনাথৰ ঘৰ আৰু অজয় গোস্বামী ; গণেশ দেৱনাথৰ ঘৰ আৰু ঘৰৰ সকলো সামগ্ৰী জাহ যায় জুইত। অগ্নি বাহিনীৰ লোকে জুই নিয়ন্ত্ৰণ কৰে যদিও ঠেক পথৰ বাবে বহু অসুবিধাৰ সন্মুখীন হয়। পিছত এঘৰৰ চোতালেদি পাইপ ভৰাই জুই নিৰ্বাপিত কৰে ৷ প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷