19 August, 2020
গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাদেৱ বিশিষ্ট কবি, নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
NORTHEAST NEWS INDIA
19 August, 2020
গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱাদেৱ বিশিষ্ট কবি, নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
NORTHEAST NEWS INDIA
18 August, 2020
GOLAGHAT DRUGS PADDLERS ARRESTED
OC: লকডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা । গোলাঘাট নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ ব্যৱসায় পুনৰ মুকলি হোৱাত ইয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গোলাঘাট আৰক্ষী । গোলাঘাট আৰক্ষীৰ এটা দলে মঙলবাৰে নগৰৰ বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এগৰাকী মহিলা সহ ১০ টা ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰাৰ নেতৃত্বত চলা এই অভিযানত এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী । গোলাঘাট নগৰৰ কলেজ তিনি আলি আৰু শান্তিপুৰত এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাওতে প্ৰথমে দুজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ পাছতে কেইবাটাও ড্ৰাগছৰ ব্যৱসায়ীক আটক কৰে আৰক্ষীৰ অভিযান কাৰী দলটোৱে । ::প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
18 August, 2020
গোলাঘাটত চাৰিটা গভাইত চোৰ গ্ৰেপ্তাৰ :
প্ৰকাশ শৰ্মা গোলাঘাট ১৮ আগষ্ট ২০২০
গোলাঘাট আৰক্ষীয়ে আজি চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গোলাঘাটৰ ৰঙাজান ব্যবসায়ী এলেকাত ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিজন চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে চোৰ কেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ খনো জব্দ কৰে । এই বলেৰ' গাড়ী খনেৰে চোৰ কেইটাই দোকান সমূহৰ চাতাৰ ভাঙিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল ল আলি ওৰফে ৰঘু এট দূধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু ছাগলী ,গাড়ী আদি চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে । উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী চোৰৰ দলটোৱে লুটি নিছিল । ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰবেশ কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি চোৰৰ দলটো উধাও হৈছিল । প্ৰকাশ শৰ্মা ৰিপত গোলাঘাট ৷
17 August, 2020
১৭ আগষ্ট ২০২০
ক’ৰোণাৰ মাজতে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ সাজু ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ: পাঁচ জন ভকতৰ দ্বাৰা হ'ব নাম প্ৰসংগ
বিশ্বব্যাপি হোৱা ক’ৰোণা আতংকৰ সময়ত কেনেদৰে চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ কামকাজ চাও আহক আমাৰ সাংবাদিক প্ৰকাশ শৰ্মাৰ এক প্ৰতিবেদন ,
গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ গোলাঘাট -যোৰহাট জিলাৰ সীমা কাকডোঙা নদীৰ পাৰত অৱস্থিত অসমৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ ঐতিহ্যৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ বাবে সদায় প্ৰভূ ভক্তিৰ এক বিশেষ স্থলী হৈ আছে । প্ৰতি বৰ্ষৰ ভাদ্ৰ মাহত ইয়ালৈ দেশী - বিদেশী লাখ লাখ লোকৰ সমাগম হয় ৷সেয়েহে এইবাৰো অসম তথা ভাৰতৰ বিভিন্ন স্থানৰ সেৱক-সেৱিকা ,ভক্তপ্ৰাণ যুৱক-যুৱতী ,পুৰুষ-মহিলা,বৃদ্ধ-বৃদ্ধা ,ছাত্ৰ-ছাত্ৰী আদিৰ সুবিধাৰ বাবে নামঘৰ কতৃপক্ষ সাজু হৈছে ।সকলোৱে যাতে ঐতিহ্যমণ্ডিত নামঘৰত মুকলি মনেৰে দ্বিধাহীন ভাৱে মনৰ কামনা তথা অন্তৰৰ ভাব সমূহ কামনাৰ্থে মহাপুৰুষ আৰ্হিত প্ৰতিষ্ঠিত চৈতন্য মূৰ্তি সিংহাসনৰ ওচৰত স-ভক্তিৰে মূৰ দোঁৱাব পাৰে তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰত ভকত-বৈষ্ণৱ উপৰি নিতৌ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে।কিন্তু এইবাৰ
ক’ৰোণা ভাইৰাছৰ আতংকৰ মাজতে কেৱল অনুষ্টুপীয়াকৈ প্ৰতিবছৰৰ দৰে এইবাৰো পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱভাগি পালন কৰিবলৈ সাজু হৈছে শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ পৰিচালনা সমিতি৷উল্লেখ্য যে পবিত্ৰ ভাদ মাহৰ পবিত্ৰতাখিনি ৰক্ষা কৰি প্ৰতিবছৰে নামঘৰৰ পৰিচালনা সমিতি উদ্যোগত আঠ খেলৰ ৰাইজ আৰু স্থানীয়
ৰাইজৰ সহযোগত মহা নাম মহোৎসৱভাগি পালন কৰি আহিছে৷এই পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি মহাপ্ৰভুৰ আৰ্শীষ বিছাৰি মূৰ দোৱাইহি৷সেয়েহে প্ৰতিবছৰে পবিত্ৰ ভাদ মাহৰ উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ পৰিচালনা সমিতি,উপ-সমিতি,আঠ খেলৰ ৰাইজ আৰু স্থানীয় ৰাইজ সাজু হোৱাৰ ওপৰিও বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠন সমূহে ভাদ মাহ সোমোৱাৰ পূৰ্বে এমাহৰ পৰা ব্যাপক প্ৰস্তুতি চলোৱা লগতে জিলা আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগেও মাহযোৰা সেৱা আগবঢ়োৱা প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান এই জটিল পৰিস্থিতিৰ কাৰণে মহানাম মহোৎসৱভাগি চৰকাৰী নীতি-নিৰ্দেশনা মানি দৈনিক পাঁচজন ভকত-বৈষ্ণৱৰ দ্বাৰা মহানাম মহোৎসৱভাগি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে বুলি পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু মুকুল বৰাই জানিবলৈ দিছে ৷ উল্লেখ্য যে নামঘৰলৈ ভক্তৰ প্ৰৱেশৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভক্তসকলক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনোৱাৰ লগতে খেলৰ বাৰিক সকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পণ কৰাৰ লগতে পূৰ্বৰ দৰে পুৱা ৫ বজাত,১১ বজাত ,২ বজাত আৰু সন্ধিয়া ৬ বজাত নাম প্ৰসংগ হ'ব যদিও নামঘৰৰ ভিতৰত প্ৰসাদ বিতৰণ বন্ধ থাকিব।কৰোনা মহামাৰীৰ বাবে চাৰ্ফ- চিকুন,প্ৰতিদিনে ছেনিটাইজেছন আদিৰ ব্যৱস্থা অব্যাহত ৰাখিব। প্ৰকাশ শৰ্মা প্ৰতিবেদন গোলাঘাট
NORTHEAST NEWS INDIA
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...