Wednesday, 29 July 2020
29 July, 2020 আজি NABARD-এ আয়োজন কৰা NABARDৰ ৩৯সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জনতা ভৱনত "ক'ভিড-১৯ৰ পিছৰ অসমৰ অৰ্থব্যৱস্থা" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিডিঅ' আলোচনা-চক্ৰত অংশ গ্ৰহণ কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই ৷ শেহতীয়াকৈ ক'ভিড-১৯, বানৰ ফলত অসমৰ কৃষি খণ্ড যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ৷ এনে পৰিস্থিতিত কৃষি অৰ্থনীতি টনকিয়াল কৰিবলৈ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ আৰ্থিক সহায় অপৰিহাৰ্য ৷ এনে পৰিস্থিতিত NABARDৰ লগতে অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৷ লগতে কৃষকক ঋণ প্ৰদান প্ৰক্ৰিয়া সৰলীকৰণ, বিত্তীয় সাহায্য প্ৰদানৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰতিবন্ধকতা আঁতৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়ে ৷ অসমৰ কৃষি আৰু আনুষংগিক ক্ষেত্ৰক বিশেষভাৱে গুৰুত্ব দিবলৈ NABARDৰ বিষয়াসকলক আহ্বান জনাই ৷ আলোচনা চক্ৰত অসমৰ কেইবাটাও আত্মসহায়ক গোট, এন জি অ', NABARDৰ পৰা কৃষি ঋণ লৈ উপকৃত হোৱা অসমৰ কেইবাখনো জিলাৰ আদৰ্শ কৃষকৰ সৈতেও মত বিনিময় কৰে ৷ আলোচনা-চক্ৰত আছিল মুম্বাইৰ পৰা NABARDৰ পৰিচালন উপ-সঞ্চালক, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম চৰকাৰৰ সমবায় সমিতিসমূহৰ পঞ্জীয়ক শ্ৰী ললিত গগৈ, NABARDৰ গুৱাহাটী চি জে এমৰ লগতে আন কেইবাগৰাকী বিষয়া৷
29 July, 2020 লখিমপুৰৰ হেকেৰাজান অঞ্চলত সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰিদর্শন কৰে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মেৰামতিৰ লগতে যাৱতীয় সকলো কাম ক্ষিপ্ৰ আৰু নিয়মিতভাৱে তদাৰক কৰিবলৈ বিষয়াবৰ্গক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। পৰিদর্শনস্থলীত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী কেশৱ মহন্ত, শ্ৰী নৱ কুমাৰ দলে আৰু সাংসদ শ্ৰী প্ৰদান বৰুৱা উপস্থিত থাকে।
29 July, 2020 যোৱা কালি মাননীয় কৃষি মন্ত্রী শ্ৰী যুত অতুল বৰা ই জনতা ভৱনত অসমত বিগত ৩টা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি RKVY, RAFTARৰ অধীনত অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত পুঁজিৰ সদ্ব্যৱহাৰ, আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতি আদি কেতবোৰ দিশ পৰ্যালোচনা কৰে ৷ স্বচ্ছ-নিকা পদ্ধতিৰে ৰাইজে আঁচনিসমূহৰ সুবিধা যাতে পায়, সেই ক্ষেত্ৰত দৃষ্টি ৰাখিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যৰ জনসাধাৰণে চৰকাৰী আঁচনিৰ সুফল পাবলৈ হ'লে আঁচনিসমূহৰ নিখুঁত ৰূপায়ণ হ'বই লাগিব৷ এই ক্ষেত্ৰত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা অপৰিহাৰ্য বুলি মত ব্যক্ত কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰা ই। বৈঠকত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব শ্ৰী ৰবিনছন মুছাহাৰী, বিভাগীয় Nodal Officerৰ লগতে অন্য বিভাগীয় বিষয়া৷
29 July, 2020 অসমৰ অন্যতম প্ৰচুৰ সম্ভাৱনাময় দুগ্ধ ক্ষেত্ৰ। এই দুগ্ধ ক্ষেত্ৰখনক এক দুগ্ধ উৎপাদকসকলৰ অধিক উপাৰ্জন আৰু গ্ৰাহকক নিভাঁজ দুগ্ধ বিতৰণ প্ৰসংগত যোৱা কালি জনতা ভৱনত এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰাই। বৈঠকত "টাউন মিল্ক ছাপ্লাই স্কিম" (TMSS)ৰ অধীনস্থ খানাপাৰাস্থিত দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিটটোৰ কাৰ্যপ্ৰণালীৰ বুজ লয়৷ APART আৰু অন্যান্য আঁচনিৰ অধীনত অসমত দুগ্ধ বিক্ৰী কেন্দ্ৰ স্থাপন, দুগ্ধৰ মূল্য শৃংখলা নিৰ্ধাৰণ আদি বিভিন্ন ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷ লগতে গ্ৰাহকে যাতে বিশুদ্ধ গাখীৰ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ গাখীৰৰ মান নিৰূপণৰ ব্যৱস্থাৱলীৰ ওপৰতো আলোচনা কৰে ৷ চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰত সীতাজখলা দুগ্ধ সমবায় সমিতিৰ প্ৰস্তাৱনা পৰ্যালোচনা কৰাৰ লগতে দুগ্ধ ব্যৱসায়ীসকলৰ অধিক লাভৰ বাবে WAMULৰ সৈতে সহযোগিতাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হয়৷ বৈঠকত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰী, দুগ্ধ উন্নয়নৰ সঞ্চালক শ্ৰী উৎপল কুমাৰ শৰ্মা, "সীতাজখলা", APART, WAMULৰ প্ৰতিনিধি আৰু কেইবাগৰাকী বিভাগীয় বিষয়া ।
29 July, 2020 বানাক্ৰান্ত অঞ্চলত পশুধনে সন্মুখীন হোৱা খাদ্য, ৰোগ, আশ্ৰয়স্থলৰ নাটনি ,পশুধনৰ চোৰাং সৰবৰাহ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ, আদিবোৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ এই সমস্যাসমূহ সমাধানৰ বাবে, নতুনকৈ গঠিত পশু কল্যাণ ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত বিশেষ আলোচনাত যোৱা কালি মাননীয় কৃষি মন্ত্রী অতুল বৰা মিলিত হয় ৷ বৈঠকত পশুধনৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ ৰোধ আদিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াক কাৰ্যতঃ ৰূপায়ণৰ প্ৰসংগত আলোচনা কৰে ৷ চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰা গৰু আৰু অন্য পশুধনসমূহ প্ৰতিপালন আৰু বানত আক্ৰান্ত অঞ্চলসমূহৰ ঘৰচীয়া পশুধনৰ সুৰক্ষাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ বৈঠকত আছিল পৰিৱেশ, বন বিভাগৰ সচিবপ্ৰধান শ্ৰী অবিনাশ যোশী, আইন-শৃংখলাৰ আই জি পি দীপক কুমাৰ কেডিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰী, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডঃ বিবেকা শইকীয়াকে ধৰি বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়া৷
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
30 January, 2021 *লখিমপুৰ ফুটবল ৰেফাৰী চেমিনাৰ* Date :- 30/1/21 ## সদৌ অসম ফুটবল ৰেফাৰী কৈল্যাণ সন্থাৰ তত্ত্বৱধানত হাতীলোং ফুটবল ক্'চিং...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...