Friday, 24 July 2020

24 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জনতা ভৱনত অসমৰ মীনখণ্ডক অধিক গতিশীলতা প্ৰদান কৰাৰ লক্ষ্যৰে ১২ গৰাকী মীন উন্নয়ন বিষয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে আৰু মীনখণ্ডৰ উন্নয়নৰ বাবে আধুনিক দৃষ্টিভংগীৰে কাম কৰি যাবলৈ তেখেতসকলক আহ্বান জনায়। অসমে ২০১৯-২০ বৰ্ষত ৩.৩৫ লাখ মেট্ৰিক টন মৎস্য উৎপাদনেৰে অভিলেখ গঢ়িছে। ২০১৫-১৬ বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ৪%তকৈও অধিক মৎস্য উৎপাদন হৈছে। ইয়াৰ যোগেদি অসমে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰসমূহলৈও মাছ ৰপ্তানি কৰিছে। দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰত আমাৰ সুদৃঢ় স্থিতি গঢ় দিয়াৰ লক্ষ্যৰে এতিয়া আমি অসমক 'মাছ ৰপ্তানিকাৰী ৰাজ্য' (Fish Exporting State) হিচাপে আগুৱাই নিয়াত অগ্ৰাধিকাৰ দিছোঁ : মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। 'আত্মনিৰ্ভৰ অসম' গঢ় দিয়াৰ দিশত আমাৰ মীনখণ্ডই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আমি সকলোৱে মিলি এই নীল বিপ্লৱক অধিক গতিশীলতা প্ৰদান কৰিব লাগিব : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।








24 July, 2020 কিষাণ ক্ৰেডিট কাৰ্ড। মীন ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ বাবে সুখবৰ। আগষ্ট মাহৰ ভিতৰত ২.৫ লাখ লোকক সাঙুৰি লোৱাৰ লক্ষ্য।


23 July, 2020 সেউজ সোণেৰে অসমৰ ভৱিষ্যত গঢ়াৰ দিশত এখোজ 'অসম বাঁহ আৰু বেত নীতি, ২০১৯'ৰ অধীনত আগবঢ়োৱা কেতবোৰ উদগনিমূলক সা-সুবিধা এনেধৰণৰ-


23 July, 2020 Celebration Of Happy Cousin's Day 23 July, 2020 NORTHEAST NEWS INDIA





24 July, 2020 #Covid19 #Assam and actions taken as on 23/07/2020.





Thursday, 23 July 2020

23 July, 2020 কামৰূপ জিলাৰ ৰঙিয়াত পুঠিমাৰী নৈৰ বানত ক্ষতিগ্ৰস্ত শ'লমাৰী অঞ্চল আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে পৰিদর্শন কৰে আৰু বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়াৰ টি টি কলেজত স্থাপন কৰা সাহায্য শিবিৰলৈ গৈ বানাক্ৰান্তসকলৰ সৈতে মত-বিনিময় কৰে আৰু তেওঁলোকে লাভ কৰা সাহায্যৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বগৰীবাৰীত পুঠিমাৰী নৈৰ ভঙা অংশ তৎকালে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে ইতিমধ্যে পুঁজি মুকলি কৰি দিয়া বুলিও জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীয়ে ক্ষতিসাধন কৰা দৰঙৰ জনাৰাম চৌকা, শাকতোলা আদি অঞ্চল পৰিদর্শন কৰে। শাকতোলা আৰু ননৈ নৈৰ মথাউৰি ভঙাৰ ফলত সৃষ্টি হোৱা বান আৰু গৰাখহনীয়াৰ বুজ লয়। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ শীঘ্ৰে নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে। মহৰ্ষি বিদ্যা মন্দিৰত স্থাপন কৰা এটা আশ্ৰয় শিবিৰলৈ গৈ মুখ্যমন্ত্ৰীয়ে তাত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত-বিনিময় কৰে।









23 July, 2020 বন্য জীৱ জন্তু বানপানীৰ পৰা পৰিত্ৰাণ বিচাৰি আৱাসিক এলেকালৈ ওলাই আহিলে দায়িত্বশীল হওক। পোনে পোনে বন বিভাগৰ সৈতে যোগাযোগ কৰক।


পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...