Monday, 13 July 2020
Sunday, 12 July 2020
12 July, 2020 ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিশদভাৱে পৰ্যালোচনা কৰে।মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে।সাহায্য আৰু উদ্ধাৰ অভিযানকে ধৰি বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ লগতে স্থানীয় সাংসদ আৰু বিধায়কসকলক তেখেতে নিৰ্দেশ প্ৰদান কৰে। তদুপৰি, বানাক্ৰান্তসকলৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত এন ডি আৰ এফ, এছ ডি আৰ এফক নিয়োগ কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগক তেখেতে নিৰ্দেশ প্ৰদান কৰে।
12 July, 2020 ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলক বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। বানাক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফক নিয়োজিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক বানত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Posts (Atom)
ৰঙালী বিহুৰ শুভেচ্ছা
মানুহে মানুহক ভাল পাওক, প্ৰকৃতিক কৰক সন্মান'— ৰঙালী বিহুৰ ক্ষণত মাধৱ গগৈৰ বিশ্ববাসীলৈ শান্তিৰ আহ্বান প্ৰকৃতিৰ বুকুত বসন্তৰ পৰশ আৰু চৌদিশ...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...























