Monday, 15 June 2020
15 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে দায়িত্ব অৰ্পণ কৰিলে বাঘজানৰ গেছকূপত সংঘটিত অগ্নিকাণ্ডৰ পিছত অঞ্চলটোত হৈ থকা সঘন ভূ-কম্পনৰ দৰে ঘটনাৰ কাৰণ আৰু প্ৰভাৱ অধ্যয়ণৰ বাবে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নেইষ্ট)ক । এই অধ্যয়নত সহযোগিতা আগবঢ়াব ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি), গুৱাহাটীয়ে। অধ্যয়নৰ পিছত প্ৰতিষ্ঠানটোৱে দাখিল কৰিব প্ৰতিবেদন। মাননীয় মুখ্যমন্ত্ৰী সোণোৱালে কালি বাঘজানত কৰা ঘোষণাৰ পিছতেই আজি গ্ৰহণ কৰা হ'ল এই তাৎক্ষণিক পদক্ষেপ।
15 Jun, 2020 "মই ভাৰতবর্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ কাৰণে প্ৰাণ দিবলৈ পাইছোঁ। দেশৰ কাৰণে, মানুহৰ কাৰণে, প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হ'ব পাৰে"- কুশল কোঁৱৰ NORTHEAST NEWS INDIA ফালৰ পৰা মাতৃভূমিৰ বাবে তথা জাতিৰ স্বাৰ্থত হাঁহি হাঁহি ফাঁচীকাঠত উঠা বীৰ শ্বহীদ কুশল কোঁৱৰক তেখেতৰ ৭৭ সংখ্যক মৃত্যু তিথিত যাচিছোঁ সশ্ৰদ্ধ প্রণিপাত ।
Sunday, 14 June 2020
14 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে বাঘজানৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ উপস্থিতিত উচ্চপদস্থ বিষয়াবৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা বিভিন্ন জনগোষ্ঠীয় ছাত্র সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে তিনিচুকীয়াত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু তেখেতসকলৰ লগত মত বিনিময় কৰে। অঞ্চলটোক সুস্থিৰ অৱস্থালৈ উভতাই অনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ, বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ পুনৰ সংস্থাপন, সাহায্য অভিযান আদিকে ধৰি স্থানীয় বিভিন্ন বিষয়ত বিতংভাৱে আলোচনা কৰে। এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে কাম কৰি আছে। Dharmendra Pradhan
Subscribe to:
Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...










