Thursday, 11 June 2020

11 Jun, 2020 অসম চৰকাৰে কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ বাবে নামভৰ্তিৰ মাচুল, পৰীক্ষাৰ মাচুল, পৰীক্ষাগাৰৰ মাচুল, শিক্ষামূলক ভ্ৰমণৰ মাচুল, পঞ্জীয়ন মাচুল, প্ৰছপেক্টাচ ক্ৰয়ৰ মাচুল আদিকে ধৰি সকলো ধৰণৰ মাচুল প্ৰত্যাহাৰ কৰিছে ৷ অধিসূচনাত উল্লেখ কৰা প্ৰতিস্থান সমূহৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য হ'ব ৷ মাননীয় স্বাস্থ্য মন্ত্রী শ্ৰী যুত হিমন্ত বিশ্ব শৰ্মা ই এই আঁচনিখনৰ সুচাৰু ভাৱে ৰূপায়নৰ উদ্দেশ্যে আজি শিক্ষা বিভাগৰ প্ৰধান সচিৱ আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতে আজি এখন বৈঠকত অংশ গ্ৰহন কৰে৷





11 Jun, 2020 মাননীয় মুখ‍্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে শোণিতপুৰৰ 'ভৰলী পৰীয়া কন্যকা বহুমুখী পাম' পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে ১০টা স্থানীয় আত্মসহায়ক গোটৰ মাজত পামখনত উৎপাদিত মাছৰ পোনা বিতৰণ কৰাৰ লগতে 'মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা'ৰ অধীনত এটা আত্মসহায়ক গোটক এখন ট্ৰেক্টৰ প্ৰদান কৰে। তদুপৰি, তেখেতে এটা গোশালা আৰু দুটা জলসিঞ্চন প্ৰকল্পও উদ্বোধন কৰে।







11 Jun, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে শোণিতপুৰৰ ধাৰিকাটিত 'সাহিত্য মনীষী উপবন'ৰ শুভ উদ্বোধন কৰে। এই উপলক্ষে তেখেতে এটি গছপুলি ৰোপণ কৰে। "বিগত দুটা বছৰত অসমত ২২২ বৰ্গ কিমি. বনাঞ্চল বৃদ্ধি পাইছে। এয়া সম্ভৱ হৈ উঠিছে বন বিভাগৰ অহৰহ্ প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলত। এখন 'স্বচ্ছ আৰু সেউজ' অসম গঢ়ি তোলাৰ বাবে এই সময়ছোৱাত কমেও এটাকৈ গছপুলি ৰুবলৈ সকলোকে মই আহ্বান জনাইছোঁ।"- মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী পৰিমল শুক্লবৈদ্য, শ্ৰী নৱ কুমাৰ দলে, সাংসদ শ্ৰী পল্লৱ লোচন দাস, বিধায়কসকল ক্ৰমে- শ্ৰী পদ্ম হাজৰিকা, শ্ৰী অশোক সিংঘল আৰু শ্ৰী গণেশ লিম্বু উপস্থিত থাকে।











11 Jun, 2020 ২০২০-২১ বৰ্ষৰ বাবে , ক'ভিড-১৯ ৰ সংক্ৰমণৰ ফলত সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো বিশ্ববিদ্যালয়, উচ্চ শিক্ষা সঞ্চালকালয়, অসমৰ অধীনৰ সকলো চৰকাৰী মহাবিদ্যালয়, প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়, অসমৰ অধীনৰ সকলো শিক্ষানুষ্ঠানত(ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক সাঙুৰি) সম্পূৰ্ণ বিনামূলীয়াকৈ অনলাইনযোগে নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ৷ নামভৰ্তিৰ সময়ত তথ্য প্ৰমাণিকৰণৰ বাবে কোনো ধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নহয় ৷


11 Jun, 2020


বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।

।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...