Friday, 3 March 2023

জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত

জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত
০৩ মাৰ্চ ২০২৩ঃ গোলাঘাটৰ আৱৰ্ত ভৱনৰ   সভাকক্ষত আজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) বৈঠক অনুষ্ঠিত হয় । দিশাৰ অধ্যক্ষ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী গৌৰৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজ্যসভাৰ সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি উপস্থিত আছিল । সভাত ভাগ লৈ সাংসদ শ্ৰী গৌৰৱ গগৈয়ে বিভিন্ন বিভাগৰ অধীনত জিলাখনত ৰূপায়িত উন্নয়নমূলক আঁচনিসমূহৰ কাম-কাজ তথা অগ্ৰগতিৰ বুজ লয় । বৈঠকত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়িত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত জবকাৰ্ড প্ৰদান আৰু অন্যান্য কাম-কাজৰ খতিয়ান দাঙি ধৰা হয় । বৈঠকত সাংসদগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ  অমৃত সৰোবৰ প্ৰকল্প, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চদশ বিত্ত আয়োগ আদিৰ অধীনত হৈ থকা কাম কাজৰ খতিয়ান লয় । তেওঁৰ লগতে সাংসদ শ্ৰী তাছাই জিলাখনত এম জি এনৰেগাৰ অধীনত হৈ থকা উদ্ভাৱনমূলক আঁচনিসমূহৰ শলাগ লয় । তেওঁ লোকনিৰ্মাণ (পথ), ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধীনত বিভিন্ন ঠাইত হৈ থকা পথৰ নিৰ্মাণ তথা উন্নীতকৰণ সন্দৰ্ভতো বুজ লয় । তেওঁ জল জীৱন অভিযান, স্বাস্থ্য, শক্তি আদি বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । বৈঠকত জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰীযুতা দিন্সেংফা বৰুৱা, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, চলচ্চিত্ৰ প্ৰযোজক তথা দেৰগাঁও সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি নুৰুল চুলতান আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...