নগাঁও কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গমাৰিআটী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৪ দিনীয়া এফ এল এন প্ৰশিক্ষণত তিনিটা সমল কেন্দ্ৰৰ ১০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী সকলৰ অংশগ্ৰহণ।
১৩ মাৰ্চ ২০২৩ নগাঁওঃ
নগাঁও শিক্ষা মহকুমাৰ অন্তৰ্গত কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত গমাৰিআটী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৪ দিনীয়া তিনিটা সমল কেন্দ্ৰৰ ১০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰা এফ এল এন প্ৰশিক্ষণত প্ৰধান শিক্ষক ড° কেশৱ বৰাই দ্বিতীয় দিনৰ প্ৰশিক্ষণত প্ৰতিবেদন পাঠ কৰে। দ্বিতীয় দিনৰ প্ৰশিক্ষণত কঠিয়াতলী শিক্ষা খণ্ডৰ সহ পৰিদৰ্শক মহোদয়ে অংশগ্ৰহণ কৰে লগতে তেখেতৰ ভাষণত প্ৰশিক্ষণৰ সকলো স্তৰৰ শৈক্ষিক দক্ষতাৰ বিষয় বোৰ ভালদৰে অধ্যয়ন কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আনন্দদায়ক পৰিবেশ গঢ়ি তুলিবৰ বাবে আহ্বান জনায়। চাৰিও দিনৰ কাৰ্যসূচীত আৰ পি আৰু চি আৰ চি সকলে প্ৰশিক্ষণৰ বিষয় সমূহ আলোচনা কৰে আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত আদান প্ৰদান কৰা হয়।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India